ETV Bharat / business

অভিলেখ সংখ্যক মূল্য লাভ কৰি চমক সৃষ্টি 'সুখমল'ৰ - Assam tea

Hookhmol Tea : পুনৰ অভিলেখ গঢ়িলে অসমৰ চাহে ৷ অসমৰ থলুৱা উদ্যোগীৰ দ্বাৰা উৎপাদিত চাহ বিক্ৰী হ’ল অভিলেখ সংখ্যক মূল্যত ৷

HOOKHMOL TEA OF ASSAM
চাহ উদ্যোগলৈ আহিল আন এক সু-সংবাদ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 12, 2024 at 4:53 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ, 12 জুন : ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ চাহ উদ্যোগলৈ আহিল আন এক সু-সংবাদ ৷ বজাৰত পুনৰ অভিলেখ গঢ়িলে ডিব্ৰুগড় জিলাৰ মৰাণৰ সুখমল ব্ৰেণ্ডৰ চাহে ৷ এশ-দুশ নহয় কলকাতাত প্ৰতিকেজি চাহ 1,506 টকাত বিক্ৰী হৈ বিশ্ব অভিলেখ গঢ়ি অসমৰ চাহ উদ্যোগলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিলে সুখমল ব্ৰেণ্ডৰ চি টি চি চাহে ৷

পুনৰ অভিলেখ গঢ়িলে অসমৰ চাহে (ETV BHARAT ASSAM)

অভিলেখ গঢ়িলে সুখমলে-

মৰাণৰ ডিকচামত স্থাপিত ভাস্কৰ হাজৰিকাৰ চাহ ফেক্টৰীত উৎপাদিত চাহ প্ৰতি কিলোগ্ৰামত 1,506 টকাত বিক্ৰী হয় ৷ নিলাম বজাৰত সুখমল ব্ৰেণ্ড নামেৰে জনাজাত এই চাহে কলকাতা চাহ নিলাম কেন্দ্ৰৰ চেল নং 24ত এই নিৰিখ লাভ কৰিবলৈ সক্ষম হয় ৷ প্ৰতি কিলোগ্ৰাম 1,506 টকাত বিক্ৰী হোৱা সুখমল চাহ এই নিলামত 415.8 কিলোগ্ৰাম আছিল ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে গুৱাহাটী চাহ নিলাম কেন্দ্ৰতো সুখমল ব্ৰেণ্ডৰ চাহ প্ৰতি কেজিত অভিলেখ সংখ্যক 723 টকাকৈ বিক্ৰী হৈছিল ৷ লগতে 2022 চনতো কলকাতা নিলাম কেন্দ্ৰত সুখমল চাহৰ চি টি চি চাহ প্ৰতি কেজি 801 টকাত বিক্ৰী হৈছিল ৷ ইয়াৰ পিচতে চি টি চি চাহৰ বিক্ৰীৰ ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় সুখমলে ৷

সুখমলৰ যাত্ৰা-

সুখমলৰ স্বত্বাধিকাৰী ভাস্কৰ হাজৰিকাই বুধবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে 2009 চনত আৰম্ভ কৰিছিল চাহ ফেক্টৰিটো ৷ প্ৰায় 1800 বিঘা মাটিত চাহ খেতি কৰি নিজাকৈ উৎপাদন কৰিছিল চাহ ৷ তেতিয়াৰে পৰাই উন্নত মানৰ চাহ উৎপাদনত মনোনিৱেশ কৰিছিল বুলি প্ৰকাশ কৰে ভাস্কৰ হাজৰিকাই ৷

কি ক’লে ভাস্কৰ হাজৰিকাই-

অধিক উৎপাদনতকৈ গুণগত মানদণ্ডৰ চাহ উৎপাদনত গুৰুত্ব দি ভাস্কৰ হাজৰিকাই এই সফলতা অৰ্জন কৰে বুলি জানিবলৈ দিয়ে ৷ আজিৰ এই পৰ্যায়ৰ গুণগত চাহ উৎপাদন কৰিবলৈ যথেষ্ট কষ্ট কৰা বুলি জানিবলৈ দিয়ে উদ্যোগীগৰাকীয়ে ৷ কিছু সংখ্যকে অধিক উৎপাদনৰ বাবে চেষ্টা কৰাত চাহৰ গুণগত মান হেৰাই গৈছে বুলি উল্লেখ কৰে চাহ উদ্যোগী ভাস্কৰ হাজৰিকাই ৷

আশাৰ বতৰা-

উল্লেখ্য যে, ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণৰ গইনা লৈ চাহ ব’ৰ্ডে নতুন নতুন নিয়ম প্ৰৱৰ্তন কৰা পাচতেই অসম বটলিফ চাহ নির্মাতা সন্থাই খেতিয়কৰ কেঁচা চাহপাত গ্ৰহণ কৰাৰ পৰা বিৰত আছে ৷ তেনে সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাৱে গুণগত চাহ উৎপাদন হৈছে ৷ এই খবৰে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে চাহ উদ্যোগৰ লগত জড়িত প্ৰতিজনকে উৎসাহিত কৰিছে ৷

লগতে পঢ়ক : থলুৱা বিক্ৰেতাৰ বাবে ভাবুকি হৈ পৰিছে 10 মিনিটৰ Grocery Apps ! - 10 Minute Grocery Apps