শিৱসাগৰত প্ৰাপ্তবয়স্ক লোকক যক্ষ্মাৰ ভেকচিন প্ৰদান - Adult BCG vaccination programme

🎬 Watch Now: Feature Video

thumbnail
বিচিজি টীকাকৰণ কক্ষ মুকলি (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 12, 2024 at 8:27 AM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ, ১২ জুন: শিৱসাগৰৰ দ'লমুখ চাৰিআলিৰ সমীপৰ জিলা আদৰ্শ চিকিৎসালয়ত মঙলবাৰে মুকলি কৰা হয় বিচিজি টীকাকৰণ কক্ষ । মাৰাত্মক যক্ষ্মা ৰোগৰ পৰা হাত সাৰিব পৰা বিভিন্ন উপায়ৰ লগতে ইয়াৰ লক্ষণসমূহ অৱগত কৰি জিলা আয়ুক্তই মুকলি কৰে বিচিজি টীকাকৰণ কক্ষটো । দেশৰ ৫৪৭ খন জিলাৰ ভিতৰত অসমৰ শিৱসাগৰ আৰু লখিমপুৰ জিলাক সাঙুৰি লোৱা হৈছে পাইলট প্ৰজেক্টত । ১১ জুনৰ পৰা অহা ১৯ জুনলৈকে এই ভেকচিন প্ৰদান কৰা হ'ব ।  

শিৱসাগৰ জিলাৰ ১৭০২ টা স্বাস্থ্য কেন্দ্ৰত মঙলবাৰৰ পৰা মুকলি হৈছে এই ভেকচিন । জিলা আয়ুক্ত বিক্ৰম যাদৱে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে টীকাকৰণৰ । জিলা যুটীয়া সঞ্চালক সৌৰভ কুমাৰ গগৈ, ৰাজ্যিক প্ৰতিষেধক বিষয়া সবিতা দাস, জিলা প্ৰতিষেধক বিষয়া অৰুন্ধতী বৰা, বিশ্ব স্বাস্থ্য সংস্থাৰ যক্ষ্মা বিভাগৰ প্ৰতিবেদক গৌতম বৰবৰা, অসম ৰাজ্যিক চিকিৎসালয়ৰ অধীক্ষক মাখন কলিতা, জিলা যক্ষ্মা বিষয়া দ্বিজেন কোঁচ,যক্ষ্মা বিভাগৰ আঞ্চলিক বিষয়া মণিকা বৰগোহাঞি, ৰাজ্যিক ক'ল্ড চেইন বিষয়া বি কে চৌধুৰীৰ লগতে জিলাখনৰ কেইবাগৰাকী বিশিষ্ট চিকিৎসক আৰু চিকিৎসা কৰ্মী উপস্থিত থাকে । সৰ্বমুঠ ১,৫২,৭৫৩ জনক সন্নিৱিষ্ট কৰি এই ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক:লখিমপুৰত প্ৰাপ্তবয়স্কৰ বি.চি.জি টীকাকৰণ আৰম্ভ - TB vaccination drive in Assam

লখিমপুৰ-শিৱসাগৰত প্রথমবাৰৰ বাবে প্ৰাপ্তবয়স্ক যক্ষ্মা প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি - TB vaccination drive in Assam