ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংকট মোচন বৈঠক

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 5:39 PM IST

thumbnail

গুৱাহাটী, ৬ ডিচেম্বৰ : ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংকট মোচনৰ বৈঠক । তিনি ৰাজ্যৰ নিৰ্বাচনত পৰাজয়ৰ পাছত লোকসভা নিৰ্বাচনক লৈ নতুন ৰণনীতি প্ৰস্তুত কৰাৰ লক্ষ্যৰে বুধবাৰে অনুষ্ঠিত হয় এই বৈঠক । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় উক্ত বৈঠক ।

দলীয় অন্তঃকন্দল নাইকিয়া কৰিবলৈ AICC য়ে প্ৰতিখন ৰাজ্যক দিছিল কঠোৰ নিৰ্দেশনা । যাৰ বাবে আজি পৃথকে পৃথকে ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে তিনিখন বৈঠক । বৈঠকত অংশগ্ৰহন কৰি ভূপেন বৰাই কয়, ‘‘ অহা তিনি মাহত কিদৰে তৃণমূল পৰ্যায়ত কাম কৰা হ'ব তাৰ পৰিকল্পনা কৰা হৈছে । সমষ্টিভিত্তিত বা জিলা ভিত্তিত ব্লক পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব । ২৪ কংগ্ৰেছ বিধায়কক দিয়া হ'ব ১৪ টা লোকসভা সমষ্টিৰ দায়িত্ব । সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে কাম কৰিব কংগ্ৰেছ বিধায়কে ।’’

পাঁচ ৰাজ্যৰ ফলাফল I.N.D.I.A.ৰ পৰাজয় নহয় বুলি মন্তব্য কৰে ভূপেন বৰাই । বৰাই লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ মুখলৈ চাই যে ৰাইজে ভোট নিদিয়ে মুখ্যমন্ত্ৰীয়ে অকপট স্বীকাৰোক্তি দিছে ।

লগতে পঢ়ক : মিজোৰামৰ উন্নয়নৰ বাবে ১০০ দিনৰ কৰ্মসূচী ঘোষণা কৰিব লালডুহোমাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.