শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি : পাঠ্যপুথি জ্বলোৱাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - Texbook Burn in Lahowal

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 10:44 PM IST

thumbnail
পাঠ্যপুথি জ্বলোৱাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

ডিব্ৰুগড়, 1 জুন: ডিব্ৰুগড়ৰ লাহোৱাল সংহত শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । সদৌ অসম ছাত্ৰ সন্থাই ধৰ্ণা বিক্ষোভেৰে কঁপালে কাৰ্যালয়টোৰ চৌহদ । অংগনৱাড়ী কেন্দ্ৰৰ যোগেদি কণ-কণ শিশুৰ বাবে বিতৰণ কৰিবলগীয়া পাঠ্যপুথি জ্বলাই দিয়াৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

উল্লেখ্য যে শিশুৰ বাবে বিতৰণ কৰিবলগীয়া পাঠ্যপুথি কাৰ্যালয়ৰ চৌহদত  শুকুৰবাৰে জ্বলাই দিয়া কাৰ্যত আছু ক্ষুন্ন হৈ পৰাৰ লগতে ঘটনাৰ জড়িত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছিল যদিও উৰ্ধতন কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ’ল ৷ ফলত শনিবাৰে আছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

ঘটনা অনুসৰি পুৰণি হোৱাৰ অজুহাতত কালি লাহোৱালত অসম চৰকাৰৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত জ্বলাই দিয়া হ'ল শিশুৰ বাবে অহা শ শ কিতাপ ৷ কাৰ্যালয়ৰ চৌহদতে হোৱা এনে কাৰ্যৰ বিৰুদ্ধে ক্ষোভ উজাৰে আছুকে ধৰি আন আন দল-সংগঠনে ৷ কেনেকৈ অংগনৱাড়ী কেন্দ্ৰসমূহলৈ অহা পাঠ্যপুথিসমূহ বিতৰণ নকৰাকৈ মুখ্য কাৰ্যালয়টোত থাকি গ'ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে  ।

উল্লেখ্য যে তিনিদিনৰ পূৰ্বে আছুৱে পাঠ্যপুথি নিয়মীয়া যোগানৰ বিষয়ক লৈ তীব্র আন্দোলন গঢ়ি তুলিছিল । চৰকাৰে বিদ্যালয়সমূহত নিয়মীয়াকৈ পাঠ্যপুথি যোগান ধৰিব নোৱৰাক লৈ সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰিবলগীয়া হৈছিল, সেই সময়তে ডিব্ৰুগড়ৰ কাৰ্যালয়টোত এইদৰে বৃহৎ সংখ্যক পাঠ্যপুথি জ্বলাই দিয়া কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যালয়ত কোনে জ্বলাই দিলে শিশুৰ কিতাপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.