কংগ্ৰেছ-ৰাইজৰ দললৈ সহায় আহে চীনৰ পৰা : ৰূপজ্যোতি কুৰ্মী - MLA Rupjyoti Kurmi on China funding

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 10:35 PM IST

thumbnail
বিধায়ক ৰূপজ্যোতি কুৰ্মী (ETV BHARAT ASSAM)

যোৰহাট,১ জুন: "ৰাইজৰ দললৈ পইচা আহে ৰঙা চীনৰ পৰা । কংগ্ৰেছৰ সহায়ত দেশৰ অৰ্থনীতি ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে ৰঙা চীনে ।" এই মন্তব্য় বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ । শনিবাৰে মৰিয়নীত আয়োজিত এক সংবাদমেলত তেওঁ কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু ৰাইজ দলৰ বিৰুদ্ধে অভিযোগ উথাপন কৰি এইদৰে মন্তব্য় কৰে । গৌৰৱ গগৈয়ে জন্ম দিয়া এনজিঅ'লৈ চীনৰ পৰা স্বাস্থ্য খণ্ডৰ লগতে অন্যান্য সামগ্ৰী আহে বুলিও অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে । এই বিষয়টো গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তদন্ত কৰব লাগে বুলিও দাবী জনায় ।

বিধায়কগৰাকীয়ে অভিযোগ উথাপন কৰি কয় যে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জন্ম দিয়া ফাৰ্ম টু ফুড নামৰ এন জি অ'টোৱে ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ চীনৰ পৰা স্বাস্থ্য খণ্ডৰ লগতে বিভিন্ন সামগ্ৰী ক্ৰয় কৰে । মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ এন জি অ'টোৱে আগৱঢ়োৱা অক্সিজেন কনচেনট্ৰেটৰটো চীনৰ পৰা অনা আৰু উক্ত সামগ্ৰী বিনামূলীয়াকৈ চীনে দিব পাৰে বুলিও আওপকীয়াকৈ কয় বিধায়কগৰাকীয়ে । বিধায়কগৰাকীয়ে অভিযোগ কৰি কয় যে কংগ্ৰেছে চীনৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু কংগ্ৰেছক লগত লৈ এক ভয়ংকৰ ষড়যন্ত্ৰত চীন নামি পৰিছে । কংগ্ৰেছ দলক চীনে সহায় কৰি দেশৰ অৰ্থনীতি ধ্বংস কৰাৰ পৰিকল্পনা কৰাৰো অভিযোগ কৰে বিধায়কগৰাকীয়ে ।

ইপিনে, বিধায়কগৰাকীয়ে ৰাইজৰ দলৰ বিৰুদ্ধেও সৰৱ হৈ পৰে । বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অভিযোগ উথাপন কৰি কয় যে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে চীন আৰু চীনা সংস্থাৰ পৰা ধন লাভ কৰে । 

লগতে পঢ়ক:বাঁওহাতে লিখি দিম ভূপেন বৰাৰ ৰাজনৈতিক কেৰিয়াৰ একেবাৰে নিঃশেষ: ৰূপজ্যোতি কুৰ্মী - Lok Sabha Election 2024

অখিল গগৈৰ নামটো আজিৰ পৰা মই নলও: ৰূপজ্যোতি কুৰ্মী

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.