ETV Bharat / entertainment

ভোটৰ অধিকাৰ পাবলৈ আমাৰ বাবে বহুতে বলিদান দিব লগা হৈছিল : ভোটদান কৰি উঠি ক'লে কংগনা ৰণৌতে - Kangana Ranaut Vote in mandi

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 8:40 PM IST

Kangana Ranaut Vote in mandi: হিমাচল প্ৰদেশৰ মণ্ডী লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বলীউডৰ অভিনেত্ৰী কংগনা ৰণৌতে শেহতীয়াকৈ সৰকাঘাটৰ ভাম্বলাত নিজৰ ভোটদান সাব্যস্ত কৰে ।

WATCH Kangana Ranaut Casts her vote in mandi Appealed to people to vote
মণ্ডীৰ পৰা বিজেপি প্ৰাৰ্থী কংগনা ৰণৌতৰ ভোটদান সাব্যস্ত, ৰাইজৰ ওচৰত জনালে এই আহ্বান (etv bharat hindi)

চিটাৰা ডেস্ক, 1 জুন: হিমাচল প্ৰদেশ, চিমলা, কংৰা, মাণ্ডী আৰু হামিৰপুৰৰ ৪খন লোকসভা আসনত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ অব্যাহত আছে ৷ মণ্ডী আসনৰ পৰা বিজেপি প্ৰাৰ্থী তথা অভিনেত্ৰী কংগনা ৰণৌতে আজি সৰকাঘাটৰ ভাম্বলাত ভোটদান সাব্যস্ত কৰে ৷ তেওঁ ৰাইজক গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰি নিজৰ মতদান কৰিবলৈ আহ্বান জনায় ৷

কংগনাই ভোটদান সাব্যস্ত, ৰাইজলৈ জনালে এই অনুৰোধ

কংগনাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত দুখন ছবি শ্বেয়াৰ কৰে ৷ প্ৰথম ছবিখনত তেওঁক ভোটদান সাব্যস্ত কৰা দেখা গৈছে, আনহাতে দ্বিতীয় ছবিখনত তেওঁক আঙুলিত ভোটিং চিহ্ন প্ৰদৰ্শন কৰা দেখা গৈছে ৷ ভোট দিয়াৰ পাছত কংগনাই কয় যে, ‘মই মাত্ৰ ভোট দিলো ৷ গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰি নিজৰ মতদান কৰিবলৈ ৰাইজক আহ্বান জনাব বিচাৰিছো ৷"

কংগনাৰ সন্মুখত বিক্ৰমাদিত্য সিং

অভিনেত্ৰীগৰাকীয়ে কয় যে, দেখাত উৎসৱ যেন লাগে ৷ কংগনাই কয়, ‘ভোটৰ অধিকাৰ পাবলৈ আমাৰ বাবে বহুতে বলিদান দিব লগা হৈছিল, গতিকে এই অধিকাৰ ব্যৱহাৰ কৰক ৷ আশা কৰো মণ্ডিৰ ৰাইজে মোক আশীৰ্বাদ দিব আৰু ৰাজ্যৰ চাৰিওখন আসনতে আমি জয়ী হ'ম ৷

উল্লেখ্য যে, কংগনা ৰণৌতে বিজেপিৰ টিকটত মাণ্ডী আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ কংগ্ৰেছ নেতা তথা ৰাজ্যৰ লোক নিৰ্মাণ মন্ত্ৰী বিক্ৰমাদিত্য সিঙে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ সন্মুখত থিয় হৈ আছে ৷ ৬ বাৰ মুখ্যমন্ত্ৰী হিচাপে থকা হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পুত্ৰ বিক্ৰমাদিত্য ৷ ইয়াৰ উপৰিও তেওঁৰ মাতৃ প্ৰতিভা সিং হিমাচল কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী ৷

যোগী আদিত্যনাথেও কংগনাৰ হৈ প্ৰচাৰ চলাইছিল

কংগনাৰ সমাৱেশত যি ধৰণৰ জনসমৰ্থন দেখা গ’ল, সেইটোলৈ চালে অনুমান কৰিব পাৰি যে মণ্ডী লোকসভাৰ আসনত ব্যাপক প্ৰতিদ্বন্দ্বিতা হ’ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু বিজেপিৰ বহু জ্যেষ্ঠ নেতাই কংগনাৰ বাবে প্ৰচাৰ চলাইছিল ৷ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা যেতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বজাৰত প্ৰচাৰ চলাইছিল, তেতিয়া তেওঁ কৈছিল যে, হিমাচলৰ কন্যা কংগনা ৰণৌতে মিৰাবাইৰ ভক্তি, ৰাণী পদুমীৰ চোকাতা আৰু ৰাণী লক্ষ্মী বাইৰ সাহস আৰু বীৰত্ব আছে বিৰোধীৰ বিৰুদ্ধে যুঁজ দিয়া তেওঁৰ এটা অনুভৱ আছে ৷

লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰৰ মাজতে কংগনালৈ শিল নিক্ষেপ; ক'লা পতাকা প্ৰদৰ্শন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.