নিৰ্বাচনী প্ৰচাৰৰ মাজতে কংগনালৈ শিল নিক্ষেপ; ক'লা পতাকা প্ৰদৰ্শন - Lok Sabha Election 2024
Lok Sabha Election 2024: হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচনত বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বলীউডৰ অভিনেত্ৰী কংগনা ৰণৌতে । কিন্তু নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে লাহৌল আৰু স্পিতিত তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ দেখা গৈছে । প্ৰতিবাদকাৰীয়ে ক'লা পতাকাও প্ৰদৰ্শন কৰিছে । কিন্তু কিয় ?

Published : May 20, 2024 at 8:55 PM IST
নেশ্যনেল ডেস্ক,২০ মে': অহা ১ জুনত হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত সমষ্টিটোত ৰাইজৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী তথা বলীউডৰ অভিনেত্ৰী কংগনা ৰণৌতৰ বিৰুদ্ধে একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে । সোমবাৰে লাহৌল আৰু স্পিতিৰ কাজাত স্থানীয় লোক আৰু কংগ্ৰেছ কৰ্মীয়ে কংগনাৰ বিৰুদ্ধে ক'লা পতাকাও প্ৰদৰ্শন কৰে ।
হিমাচল প্ৰদেশ বিজেপিয়ে অভিযোগ কৰা মতে প্ৰাৰ্থীগৰাকীৰ তোৰণত প্ৰতিবাদকাৰীয়ে শিলো নিক্ষেপ কৰিছে । কংগ্ৰেছ কৰ্মীসকলে কংগনা বিৰোধী শ্ল'গান দিয়াও দেখা গৈছে । যোৱা বছৰ এপ্ৰিলত তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ বাবেই লোকসকলে তেওঁৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে । দালাই লামা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ এখন ফটো শ্বেয়াৰ কৰি কংগনাই বিতৰ্কিত মন্তব্য কৰিছিল । ইয়াৰ পিচত বৌদ্ধ ধৰ্মৰ একাংশ লোকে মুম্বাইত তেওঁৰ কাৰ্যালয়ৰ বাহিৰত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰিছিল ।
অৱশ্যে পিচত কংগনাই এই বিষয়ক লৈ ক্ষমাও বিচাৰিছিল । অৱশ্যে নিৰ্বাচনৰ প্ৰাকক্ষণত সেই বিষয়টোকে ইচ্ছ্যু হিচাপে লৈ কংগনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে । কংগনাৰ সৈতে নিৰ্বাচনী প্ৰচাৰলৈ যোৱা হিমাচল প্ৰদেশ বিধানসভাৰ বিৰোধী দলৰ নেতা জয় ৰাম ঠাকুৰে অভিযোগ কৰিছে যে কংগ্ৰেছ কৰ্মীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকে প্ৰচাৰ চলাই উভতি অহাৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে ।
সাংবাদিকৰ সন্মুখত তেওঁ কয় যে দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ আৰু বিজেপিক একেটা অঞ্চলত নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুমতি দিয়া হৈছিল । সেই সময়ত কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ প্ৰচাৰত ব্যাঘাত জন্মোৱাৰ চেষ্টা কৰিছিল বুলি তেওঁ অভিযোগ কৰে ।
ঠাকুৰে কোৱা মতে তেওঁলোকে সমগ্ৰ ৰাজ্যতে প্ৰচাৰ চলাবলৈ গৈছে কিন্তু এনে ধৰণৰ ঘটনা প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে । ইয়াৰ দ্বাৰা কংগ্ৰেছে হতাশা প্ৰদৰ্শন কৰিছে বুলি তেওঁ অভিযোগ কৰি বিষয়টো নিৰ্বাচন আয়োগক অৱগত কৰিব বুলি উল্লেখ কৰিছে । ইফালে লাহৌল আৰু স্পিতিৰ আৰক্ষী অধীক্ষক মায়াংক চৌধুৰীয়ে জনোৱা মতে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰ কৰ্মীসকল মুখামুখি হৈছিল কিন্তু কোনো সংঘৰ্ষ হোৱা নাছিল আৰু কোনো ব্যক্তি আঘাতপ্ৰাপ্ত হোৱা নাছিল ।
লাহৌল আৰু স্পিতিৰ কংগ্ৰেছৰ নিৰ্বাচনী সমন্বয়ক ভীষণ শাচনীয়ে দাবী কৰে যে কংগ্ৰেছ কৰ্মীসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছে কিন্তু তিব্বতীয় আধ্যাত্মিক নেতাজনৰ বিষয়ে কংগনাই কৰা মন্তব্যৰ ফলত বহু লোক হতাশ হৈছে আৰু তেওঁলোকে প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল ।

