ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হোজাই জিলা প্ৰশাসনৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 7:21 AM IST

thumbnail
ভোট গণনাৰ প্ৰস্তুতি সম্পূৰ্ণ (ETV Bharat Assam)

হোজাই, ২ জুন: অপেক্ষা মাত্ৰ এটা দিনৰ । ৪ জুনত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগণনা । ভোটগণনাৰ বাবে সাজু হৈছে প্ৰত্যেক জিলা প্ৰশাসন । ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে হোজাই জিলা প্ৰশাসনেও । হোজাই জিলাৰ তিনিটা সমষ্টি ক্ৰমে হোজাই, লামডিং আৰু বিন্নাকান্দি বিধানসভা সমষ্টিৰ ভোটগননা শংকৰদেৱ নগৰৰ আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হ'ব ।

শংকৰদেৱ নগৰৰ আয়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলত হোজাই আৰু লামডিং সমষ্টিৰ থাকিব ভোটগণনা কেন্দ্ৰ আৰু তলৰ মহলত থাকিব বিন্নাকান্দি সমষ্টিৰ ভোটগণনা কেন্দ্ৰ । হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাসে সদৰী কৰে এই তথ্য । আয়ুক্তগৰাকীয়ে জনাই যে প্ৰতিটো কাউন্টিং হলত ১১ খন টেবুল থাকিব আৰু ভোটগণনা ৪ জুনৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ।

প্ৰতিটো কাউন্টিং হ'লৰ ১১ খন টেবুলৰ বিপৰীতে ৩৩ জন বিষয়া নিযুক্তি কৰা হ'ব । প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ফালৰ পৰা প্ৰতিখন টেবুলত একোজনকৈ এজেন্ট থাকিব । আনহাতে পোষ্টিং বেলট পেপাৰৰ গণনা হোজাইৰ পৰিৱৰ্তে গোলাঘাটত হ'ব বুলি জনায় আয়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: সমাগত ৪ জুন; ভোটগণনাৰ বাবে সাজু কলিয়াবৰ প্ৰশাসন - LOK SABHA ELECTION 2024

ভোটগণনাৰ বাবে সাজু ডিমা হাছাও জিলা প্ৰশাসন - Lok Sabha Election 2024

লোকসভা নিৰ্বাচনৰ ভোটগণনাক লৈ জোনাই প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.