পদপথৰ দোকানক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা: কেইবাজনকো আটক আৰক্ষীৰ - Clash in Beltola

By ETV Bharat Assamese Team

Published : May 24, 2024, 8:16 PM IST

thumbnail
মহানগৰীৰ বেলতলা তিনি আলিত প্ৰচণ্ড মাৰপিটৰ ঘটনা (ETV BHARAT ASSAM)

গুৱাহাটী, 24 মে’ : গুৱাহাটী মহানগৰীৰ বেলতলা তিনিআলিত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ পদপথত এখন দোকান দিয়াক লৈ সুত্ৰপাত সংঘৰ্ষ ৷ অভিযোগ অনুসৰি অজয় সিং নামৰ লোকজনৰ দোকানৰ সন্মুখত অসীম খাউণ্ড নামৰ যুৱকজনে এখন কুঁহিয়াৰ ৰসৰ ষ্টল দিয়াক লৈ এই সংঘৰ্ষৰ সূত্ৰপাত হয় ৷  

জানিব পৰা মতে অসীম খাউণ্ড নামৰ এজন যুৱকে পদপথত দিছিল এখন কুঁহিয়াৰ ৰস বিক্ৰী কৰাৰ দোকান ৷ ইয়াৰ বাবেই অভিযোগ অনুসৰি অসীম খাউণ্ডক প্ৰহাৰ কৰে অজয় সিং বাহিনীয়ে ৷ কামৰূপ জিলা পৰিষদৰ বজাৰগৃহৰ সন্মুখত দিছিল এই দোকানখন ৷ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি অজয় সিঙে শাৰীৰিক আৰু মানসিকভাবে হাৰাশাস্তি কৰি আহিছিল অসীমক ৷  

ইয়াৰ পিছত ঘটনাস্থলীত উপস্থিত হয় লাচিত সেনাৰ এটা দল আৰু অজয় সিং বাহিনীৰ কিছু লোক ৷ আজি বিয়লিৰ ভাগত আছু আৰু বীৰ লাচিত সেনাৰ কিছু সদস্য আহি উপস্থিত হয় আৰু তাৰেই একাংশই কাজিয়াত লিপ্ত হয় ৷ ইতিমধ্যে কাজিয়াত এখন ফাষ্টফুডৰ দোকান সম্পূৰ্ণৰূপে লণ্ড-ভণ্ড হৈ পৰিছে ৷ ঘটনস্থলীত আৰক্ষী উপস্থিত হৈ কেইবাজনো লোকক আটক কৰিছে ৷

লগতে পঢ়ক : নিশাৰ উত্তাল মহানগৰী : চাৰি ড্ৰাগছ আসক্তৰ আক্ৰমণত কথমপি প্ৰাণৰক্ষা ৰেপিড’ চালকৰ - RAPIDO DRIVER ATTACK IN GUWAHATI

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.