thumbnail

হিন্দু বাঙালী বিধায়কক মন্ত্রিত্ব প্ৰদানৰ কোনে দাবী উত্থাপন কৰিলে ? - Bengali Youth Students Federation

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 8:38 PM IST

হোজাই, ১৬ জুন: হোজাই জিলাৰ লংকাত দেওবাৰে আয়োজিত এক সংবাদমেলত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে’ই ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা হিন্দু বাঙালী বিধায়কক মন্ত্রিত্ব প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাঙালী সাম্প্রদায়ৰ লোকক মন্ত্রিত্ব প্ৰদান নকৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৫০ লক্ষাধিক বাঙালী লোকৰ ৰাজনৈতিক অস্তিত্ব অস্বীকাৰ কৰা বুলি মন্তব্য় কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতিগৰাকীয়ে ।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বাঙালী লোকসকলক পংগু কৰাৰ প্ৰচেষ্টা চলি আছে নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়, "হিন্দু বাঙালীৰ বহু সমস্যা আছে । বিজেপিক হিন্দু বাঙালীয়ে বহু দিছে, কিন্তু তাৰ বিপৰীতে হিন্দু বাঙালীয়ে আজিলৈকে প্ৰাপ্য একো পোৱা নাই" ৷  

তেওঁ পুনৰ কয় যে, কিছুদিন পূৰ্বে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৬ মাহৰ ভিতৰত হিন্দু বাঙালীৰ বিভিন্ন সমস্যা সমাধান কৰা হ'ব বুলি বিভিন্ন সভা-সমিতিত মন্তব্য কৰাত এই মন্তব্যৰ প্ৰতি বিশ্বাস ৰাখি অসমৰ হিন্দু বাঙালীসকলে এন ডি এৰ পক্ষত ভোট দিছিল ।

বিজেপি-অগপ মিত্ৰজোঁটৰ ১১ গৰাকী সাংসদক অসমৰ ৯৫% হিন্দু বাঙালী লোকসকলে ভোট দিছিল । সেয়েহে মন্ত্ৰীসভাৰ সাল-সলনি হোৱাৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ এজন হিন্দু বাঙালী বিধায়কক মন্ত্রিত্ব প্ৰদান কৰিবলৈ দাবী জনায় সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে’ই ।

লগতে পঢ়ক: Bangali Yuva Satra Federation: বাঙালী বিদ্বেষী মন্তব্যৰে ভাতৃত্ববোধ বিনষ্ট নকৰিবলৈ সকীয়নি অখিল গগৈক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.