প্ৰাৰ্থী ঘোষণা হোৱাই নাই; বিহালীত সদলবলে প্ৰচাৰত নামিল গৌৰৱ গগৈ - BY ELECTION IN ASSAM

🎬 Watch Now: Feature Video

thumbnail
বিহালীত প্ৰচাৰ ৰেলীত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 23, 2024 at 2:18 PM IST

1 Min Read
Choose ETV Bharat

বিশ্বনাথ: অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । এই উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে তীব্ৰ প্ৰচাৰ অভিযান । শাসকীয় বিজেপিৰ লগতে কংগ্ৰেছেও আধিপত্য় বিস্তাৰৰ বাবে যুঁজত নামিছে । ৪ খন আসনত কংগ্ৰেছে নিজা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলেও দোদুল্যমান স্থিতিত আছে বিহালী সমষ্টি । অৱশ্য়ে কংগ্ৰেছে নিজা প্ৰাৰ্থী এই সমষ্টিটোত ঘোষণা নকৰিলেও চলাইছে প্ৰচাৰ ।

লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে বিহালীত প্ৰচাৰ ৰেলীত অংশগ্ৰহণ কৰি শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । বিহালী সমষ্টিৰ আসনখন অসম সন্মিলিত মঞ্চই দাবী কৰি আছে যদিও বৰ্তমানলৈ কোনো দলে সিদ্ধান্ত ল'ব পৰা নাই । সাংসদগৰাকীয়ে কয় যে বিহালী সমষ্টিত বিজেপিয়ে শক্তি দেখুৱাই আছে যদিও ভিতৰি ভিতৰি ইমান শক্তিশালী নহয় । 

লগতে পঢ়ক:বিহালীত কোনে যুঁজিব বিজেপিৰে ? কংগ্ৰেছক বান্ধি দিলে সময়সীমা

আভ্যন্তৰীণ কন্দলে বিপাঙত পেলাব নেকি কংগ্ৰেছক ?

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details