ETV Bharat / state

নিশাৰ উত্তাল মহানগৰী : চাৰি ড্ৰাগছ আসক্তৰ আক্ৰমণত কথমপি প্ৰাণৰক্ষা ৰেপিড’ চালকৰ - RAPIDO DRIVER ATTACK IN GUWAHATI

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 2:09 PM IST

Rapido Driver attack : নিশাৰ মহানগৰীত পৰাপক্ষত বাতিল কৰক ভ্ৰমণ ৷ কাৰণ নিশা হ’লেই মহানগৰীৰ বুকুত সংঘটিত হয় বহু অপৰাধ ৷ তাতকৈ ঘৰতে থাকি সুৰক্ষিত থাকক ৷ বৃহস্পতিবাৰে নিশা গুৱাহাটী মহানগৰৰ আটাইতকৈ পৰিচিত এলেকা গণেশগুৰিৰ ৰাজপথত সংঘটিত হয় এগৰাকী ৰেপিড’ চালকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনা ৷ পিছে কেনেকৈ এই ঘটনা সংঘটিত হ’ল, কোনে কৰিলে এই কাণ্ড পঢ়ক সবিশেষ এই প্ৰতিবেদনত ৷

RAPIDO DRIVER ATTACK IN GUWAHATI
ৰেপিড’ চালকক আক্ৰমণ (Source : Viral Video)

গুৱাহাটী, 24 মে’: নিশা হ’লেই যেন উত্তাল হৈ পৰে মহানগৰী গুৱাহাটীৰ চৌপাশ ৷ এচামৰ বাবে ৰঙীন হ’লেও কিন্তু আন আচামৰ বাবে এই গুৱাহাটীখনে হৈ পৰে আতংকৰ কাৰণ ৷ দিনৰ সলনি নিশাৰ ভাগত দুটকা বেছিকৈ উপাৰ্জন কৰিব বুলিয়েই পেটৰ ক্ষুধাত একাংশই আকৌ বাছি লয় মহানগৰীৰ ৰাজপথ ৷ যাৰ বাবে দোভাগ নিশালৈকে মহানগৰীৰ ৰাজপথত যাত্ৰীৰ অপেক্ষা কৰে অ’লা, উবেৰ, ৰেপিড’ৰ দৰে কোম্পানীসমূহৰ বাহনে ৷ পিছে কেতিয়াবা এনেবোৰ বাহনৰ চালকসকলৰ জীৱনৰ প্ৰতি আহি যায় ভাবুকি ৷ কিয়নো নিশা হ’লেই প্ৰায়ে মহানগৰীত সংঘটিত হয় বহু অপৰাধ ৷

লগতে পঢ়ক : তিনিডালকৈ কামিহাঁড় ভাগিল কনিষ্টবল প্ৰদীপ বসুমতাৰীৰ - Crime In Guwahati

তেনে এক ঘটনা সংঘটিত হৈছে বৃহস্পতিবাৰে নিশা ৷ চাৰি ড্ৰাগছ আসক্ত যুৱকৰ হিংসাৰ বলি হৈ জি এম চি এইচত চিকিৎসাধীন হ’বলগীয়া হৈছে এজন ৰেপিড’ চালক ৷

ৰেপিড’ চালকক আক্ৰমণ (Source : Viral Video)

ঘটনাৰ বিৱৰণী অনুসৰি, নিশা চাৰি যুৱকে ড্ৰাগছ সেৱন কৰি মহানগৰীৰ কোনো স্থানৰ পৰা আহি আছিল গণেশগুৰি অভিমুখে ৷ ইফালে গণেশগুৰি বাছ আস্থানৰ সমীপত নিশাৰ যাত্ৰীৰ বাবে অপেক্ষা কৰি ৰৈ আছিল ৰেপিড’ চালক দ্বীপজ্যোতি ঠাকুৰীয়া ৷ প্ৰায় 1 মান বজাত অহা যুৱকৰ দলটোৱে অকলশৰে থকা দ্বীপজ্যোতিক দেখি ধন দাবী কৰে ৷

যুৱকৰ দলটোৱে বিচৰা 200 টকাটো দিবলৈ অপাৰগ হোৱাৰ বাবেই দ্বীপজ্যোতি ঠাকুৰীয়া নামৰ ৰেপিড’ চালকগৰাকীৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱা আৰম্ভ কৰে নিচাসক্ত যুৱকৰ দলটোৱে ৷ চাৰিজনীয়া যুৱকৰ দলটোৱে এখন বাইক আৰু এখন অট’ত আহি গণেশগুৰিত উপস্থিত হৈছিল বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, দাবী কৰা ধন দিবলৈ অপাৰগ হোৱাৰ বাবেই যুৱকৰ দলটোৱে ৰেপিড’ চালকগৰাকীৰ স্কুটীখনৰ ক্ষতিসাধন কৰাৰ লগতে তেওঁক ইটা আৰু হেলমেটেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ যুৱকৰ দলটোৰ আক্ৰমণত তিষ্ঠিৱ নোৱাৰি দ্বীপজ্যোতিয়ে প্ৰাণৰক্ষাৰ নিমিত্তে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও পাছে পাছে খেদি যায় যুৱকৰ দলটো ৷

ইফালে এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় দিশপুৰ আৰক্ষী ৷ ঘটনাস্থলীৰ ভিডিঅ’ সংগ্ৰহ কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ প্ৰত্যক্ষদৰ্শীয়ে ৷

আনহাতে, ভুক্তভোগীয়ে পৰৱৰ্তী সময়ত যুৱকৰ দলটোৰ আক্ৰমণৰ পৰা সাৰি চিকিৎসাৰ অৰ্থে উপস্থিত হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ পিছে আৰ্থিকভাৱে পিছপৰা দ্বীপজ্যোতি নামৰ ৰেপিড’ চালকগৰাকীৰ হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে তেওঁ চিটি স্কেন কৰাব নোৱাৰি হাস্পতালৰ বেঞ্চতে বহি পুৱালৈ অপেক্ষা কৰে ৷

ইফালে নিশাৰ দায়িত্বত থকা মহানগৰীৰ একাংশ সাংবাদিকে চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ প্ৰত্যক্ষ কৰে আঘাতপ্ৰাপ্ত দ্বীপজ্যোতিক ৷ পৰৱৰ্তী সময়ত সাংবাদিকসকলে আগবঢ়োৱা ধনেৰে চিকিৎসা কৰে ৰেপিড’ চালকগৰাকীয়ে ৷ সম্প্ৰতি চালকগৰাকীৰ স্বাস্থ্য়ৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

আশ্বৰ্যজনকভাৱে কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈ কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই দিশপুৰ আৰক্ষী ৷ অপৰাধী এতিয়াও টিঘিলঘিলাই আছে মুক্ত আকাশৰ তলত ৷

লগতে পঢ়ক: কিয় ৫ ঘন্টা ধৰি আৱদ্ধ কৰি ৰাখিলে কাম কৰা যুৱকক ? - Youth Trapped In Apartment

বশিষ্ঠৰ বাৰত আৰক্ষীক আক্ৰমণৰ ঘটনা : পুনৰ আন এজন আৰক্ষীক প্ৰানে মৰাৰ ভাবুকি - Crime In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.