ETV Bharat / state

সৌৰশক্তিৰ নিয়ন্ত্রণত জনতা ভৱন : সেউজ শক্তিৰ দেশৰ প্ৰথমটো সচিবালয় - Solar Power Plants at Janata Bhawan

Green state government headquarter : জনতা ভৱনত সৌৰশক্তি প্ৰকল্প উদ্বোধন ৷ সৌৰ প্ৰকল্পটোৰ দ্বাৰা উৎপাদন হ’ব ২.৫ মেগাৱাট শক্তি । ব্যয় কৰা হৈছে ১২.৫৭ কোটি টকা । মাহে সঞ্চয় হ’ব ৩০ লাখ টকা । আঠ হাজাৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান তথা অংগণবাড়ী কেন্দ্ৰত ৮ বজাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে বন্ধ হ’ব বিদ্যুৎসেৱা ৷

Green state government headquarter
জনতা ভৱনত সৌৰশক্তি প্ৰকল্প উদ্বোধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 8:27 PM IST

গুৱাহাটী, ১৬ জুন : এতিয়াৰে পৰা জনতা ভৱন তথা অসম সচিবালয়ৰ বিদ্যুতৰ চাহিদা পূৰণ কৰিব সৌৰশক্তিয়ে । দেওবাৰে আনুষ্ঠানিকভাৱে জনতা ভৱনৰ সৌৰ প্ৰকল্প উদ্বোধন কৰা হয় । মন্ত্ৰীৰ চৰকাৰী আৱাসকে ধৰি সমগ্ৰ জনতা ভৱন এতিয়াৰে পৰা সেউজ শক্তিৰ দ্বাৰা পৰিচালিত হ’ব ৷ ৭৫ দিনত সম্পূৰ্ণ কৰা এই সৌৰ প্ৰকল্পটোৰ দ্বাৰা ২.৫ মেগাৱাট শক্তি উৎপাদন হ'ব ৷ ইয়াৰ বাবে ব্যয় কৰা হৈছে ১২.৫৭ কোটি টকা ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

এই প্ৰকল্পৰ দ্বাৰা অসম সচিবালয় দেশৰ প্ৰথমটো সেউজ শক্তিৰ সচিবালয় হিচাপে পৰিগণিত হ’ল । লোকসেৱা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত প্ৰকল্পটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ দ্বাৰা জনতা ভৱনৰ বিদ্যুতৰ চাহিদা পূৰণ হ’ব ৷ আনহাতে মাহে বিদ্যুতৰ মাচুলৰ বাবদ এ পি ডি চি এলক দিয়া ৩০ লাখ টকা ৰাহি হ’ব ৷

ৰাহি হোৱা এই পুঁজি দৰিদ্ৰ তথা আৰ্তজনৰ সেৱাত ব্যবহাৰ কৰিব পৰা যাব ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰকল্পটোৰ বাবে হোৱা ব্যয়ৰ ধন ৰাহি হোৱা পুঁজিৰে চাৰি বছৰত ঘূৰাই পোৱা যাব ৷ ২৫ বছৰলৈ চলিবলগীয়া এই প্ৰকল্পটোৰ যোগেদি ২১ বছৰলৈ মাহে ৩০ লাখ টকাকৈ সঞ্চয় হ’ব । তদুপৰি প্ৰকল্পটোৰ যোগেদি কাৰ্বন নিৰ্গমণ ৰোধ হ’ব ।

মুখ্যমন্ত্ৰীয়ে চৰকাৰী কাৰ্যালয় আৰু মেডিকেল কলেজসমূহত সৌৰশক্তি প্ৰকল্প স্থাপনত গুৰুত্ব আৰোপ কৰি এ পি ডি চি এলক এইক্ষেত্ৰত প্ৰচেষ্টা হাতত লোৱাৰ বাবে আহ্বান জনায় । পৰৱৰ্তী সময়ত ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহকো সামৰি ল’ব পাৰিলে ডাঙৰ অৱদান হ’ব বুলি কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

২০২৯ চনৰ ভিতৰত অসমত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কেবাটাও প্ৰকল্পৰ কথা উল্লেখ কৰে । আনহাতে এ পি ডি চি এলে ৬০ কোটি টকা উপাৰ্জন কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে । অসমত পিক আৱাৰত ২৫০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হোৱাৰ বিপৰীতে উৎপাদন হয় মাত্ৰী ৪২০ মেগাৱাট । সৌৰশক্তি উৎপাদনৰ প্ৰকল্পসমূহ সম্পূৰ্ণ হ'লে এইক্ষেত্ৰত অসম স্বনিৰ্ভৰশীল হ'ব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয় ।

প্ৰধানমন্ত্ৰী সৌৰঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে ১৩৮ গৰাকী লোকে সৌৰ পেনেল লগাইছে বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে ৰাজ্যৰ ১.৮০ লাখ লোকে ইয়াৰ বাবে আবেদন কৰিছে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমত বিদ্যুতৰ ৬০ লাখ উপভোক্তা আছে আৰু ইয়াৰে ১০ শতাংশই সৌৰ পেনেল লগালে বাহিৰৰ পৰা অধিক মূল্যত বিদ্যুৎ ক্ৰয় কৰাটো বন্ধ কৰিব পৰা যাব ।

বৰ্তমান সময়ত পিক আৱাৰত প্ৰতি ইউনিট বিদ্যুৎ ১০ টকাত ক্ৰয় কৰা হয় আৰু উপভোক্তাক ৫.৮৫ টকাত দিয়া হয় । এই লোকচান ৰাজ্য চৰকাৰে বহন কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । চৰকাৰী কাৰ্যালয়ত বিদ্যুতৰ অপচয় ৰোধ কৰাত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে আঠ হাজাৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান তথা অংগণবাড়ী কেন্দ্ৰত নিশা ৮ বজাৰ লগে লগে বিদ্যুৎসেৱা বন্ধ হোৱাৰ স্বয়ংক্ৰিয় ব্যৱস্থা কৰা হৈছে ।

সচিবালয়ৰ লোকসেৱা ভৱন আৰু বিত্ত বিভাগকে ধৰি তিনিটা বিভাগক বাদ দি নিশা ৯ বজাত বিদ্যুৎ সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । নিশা ৮ বজাৰ পিচত কাৰ্যালয়ত থকাৰ বিপৰীতে পৰিয়ালৰ লোকক সময় দিয়াৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা, মুখ্য সচিব ৰবি কোটা, এ পি ডি চি এলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰকে ধৰি চৰকাৰী আন বিষয়াসকল উপস্থিত আছিল ৷

লগতে পঢ়ক: এতিয়াৰে পৰা মুখ্যমন্ত্রী, মন্ত্রী আমোলাই বহন কৰিব লাগিব চৰকাৰী আৱাসৰ বিদ্যুৎ মাচুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.