কিয় ৫ ঘন্টা ধৰি আৱদ্ধ কৰি ৰাখিলে কাম কৰা যুৱকক ? - Youth trapped in apartment

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 9:40 PM IST

thumbnail

গুৱাহাটী,২৭ এপ্ৰিল: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত আন এক চাঞ্চল্যকৰ ঘটনা । কাম কৰা যুৱকক আৱদ্ধ কৰিলে বাসগৃহৰ চৌহদত । কেৱল আৱদ্ধ কৰাই নহয় মাৰধৰ কৰি কাপোৰ ফালি দিয়াৰো অভিযোগ ভুক্তভোগীৰ । মহানগৰীৰ জুৰোডৰ 'সুভম বিল্ডৱেল' নামৰ এটা এপাৰ্টমেণ্টত সংঘটিত হৈছে মানৱ সমাজক লজ্জিত কৰা ঘটনা । প্ৰিণ্টাৰৰ কাম কৰিবলৈ যোৱা মিন্তু কাকতি নামৰ যুৱকক আৱদ্ধ কৰি ৰাখিলে এপাৰ্টমেণ্টৰ স্বত্বাধিকাৰীয়ে । 

কাম কৰিবলৈ যোৱা মিন্তুৰ বাইকত এপাৰ্টমেণ্টৰ AS 01EM6659 নম্বৰৰ চাৰিচকীয়া বাহনে মাৰিছিল খুন্দা । চাৰিচকীয়া বাহনখন আছিল অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষৰ । বাহনখনৰ ক্ষতিপূৰণ নিদিয়া বাবেই এপাৰ্টমেণ্টৰ চৌহদত ৫ ঘণ্টা ধৰি যুৱকজনক আৱদ্ধ কৰি ৰাখে বুলি অভিযোগ উত্থাপন কৰে । ভুক্তভোগী যুৱকে উদ্ধাৰৰ বাবে ভিডিঅ'ৰ জৰিয়তে হাতযোৰ কৰি উদ্ধাৰ কৰিবলৈ আহ্বান জনাই আৰক্ষীক ।

লগতে পঢ়ক: নিচামুক্তি কেন্দ্ৰৰ কৰ্মচাৰীৰ হাতত যৌন নিৰ্যাতনৰ বলি কিশোৰী - De Addiction Centre In Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.