ETV Bharat / health

গ্ৰীষ্মকালত হৃদযন্ত্ৰ আৰু মস্তিষ্কৰ ৰোগৰ পৰা কেনেদৰে পাব পৰিত্ৰাণ ? - SUMMER EFFECT ON HEART

Effect of heat on heart and brain patients: প্ৰখৰ ৰ'দ আৰু অধিক তাপমাত্ৰাই মানুহৰ হৃদযন্ত্ৰ আৰু মনত প্ৰভাৱ পেলাইছে । চিকিৎসালয়সমূহত এই ৰোগীৰ সংখ্যা নিতৌ বৃদ্ধি হৈ আছে । শিশুসকলৰো হৈছে ডিহাইড্ৰেচন । এইবোৰ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি সেইবিষয়ে ৰাঁচীৰ চিকিৎসকে আগবঢ়াইছে পৰামৰ্শ ।

Effect of heat on heart and brain patients
প্ৰখৰ ৰ'দ আৰু গ্ৰীষ্মপ্ৰৱাহ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 6:47 PM IST

নেশ্য়নেল ডেস্ক, ১৬ জুন: প্ৰখৰ ৰ'দ আৰু গ্ৰীষ্মপ্ৰবাহৰ বাবে প্ৰায়ভাগ লোকেই এতিয়া বিভিন্ন ৰোগত আক্ৰান্ত হৈছে । ফলত ব্যক্তিগত তথা চৰকাৰী চিকিৎসালয়সমূহত ৰোগীৰ ভিৰ বৃদ্ধি পাবলৈ ধৰিছে । দেশৰ আন ৰাজ্য়ৰ লগতে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীতো ইয়াৰ প্ৰভাৱ পৰিছে ।

গ্ৰীষ্মকালত হৃদযন্ত্ৰ আৰু মস্তিষ্কৰ ৰোগৰ পৰা কেনেদৰে পাব পৰিত্ৰাণ (ETV BHARAT)

গ্ৰীষ্মপ্ৰবাহৰ বাবে এতিয়া হৃদৰোগৰ লগতে বৃদ্ধি পাইছে মানসিক ৰোগ । ৰাজ্য়খনত প্ৰখৰ ৰ'দ আৰু গ্ৰীষ্মপ্ৰবাহৰ ফলত কেনেধৰণৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্য়া বৃদ্ধি পাইছে, সেই বিষয়ে ব্য়াখ্য়া আগবঢ়াইছে কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে । চিকিৎসকসকলে এই দুই ধৰণৰ ৰোগীৰ ওপৰত অত্যাধিক গৰমৰ প্ৰভাৱ পৰা বুলি উল্লেখ কৰি এই সময়ত মানুহে হৃদযন্ত্ৰ আৰু মনৰ বিশেষ যত্ন ল'বলৈ পৰামৰ্শ আগবঢ়াইছে ।

মানসিক ৰোগীৰ সংখ্যা বৃদ্ধি

ৰাঁচীত চিআইপি আৰু ৰিনপাছৰ দৰে মানসিক ৰোগীৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসালয় আছে । ৰিনপাছ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অমূল ৰঞ্জন সিঙে কয় যে, বৰ্ধিত গৰমৰ ফলত ৰাজ্যখনৰ মানসিক চিকিৎসালয়ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । গৰমৰ বাবে ঝাৰখণ্ডৰ বিভিন্ন জিলাৰ পুৰণি ৰোগীৰ লগতে প্ৰতিদিনে 15 ৰ পৰা 20 জন নতুন ৰোগী আহিছে চিকিৎসালয়লৈ ।

প্ৰখ্যাত মনোৰোগ বিশেষজ্ঞ ডাঃ অশোক প্ৰসাদে এই সন্দৰ্ভত কয় যে কেৱল চৰকাৰী চিকিৎসালয়েই নহয় ব্যক্তিগত ক্লিনিকসমূহতো মানসিক ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । বৰ্ধিত তাপমাত্ৰাৰ বাবে শৰীৰৰ সকলো পানী ঘামৰ ৰূপত ওলাই যায় । ফলত মস্তিষ্কত অক্সিজেনৰ অভাৱ ঘটে । অক্সিজেনৰ অভাৱ হ'লে মানুহৰ চিন্তা কৰাৰ শক্তি হ্ৰাস পায় । ফলত মানুহে তেওঁলোকৰ প্ৰিয়জনকো পাহৰি যায় ।

লগতে পঢ়ক:Flesh-Eating Bacteria কি ? যাৰ সংক্ৰমণত ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু ঘটে ৰোগীৰ - Flesh Eating Bacteria

তেওঁ পুনৰ কয় যে গ্ৰীষ্মকালত টোপনি আৰু ভোক কমা বাবে খং উঠে । ইয়াৰ ফলতেই লোকসকল মানসিক ৰোগত আক্ৰান্ত হৈছে । তাপৰ বাবে পক্ষাঘাত হোৱাও দেখা গৈছে বুলি তেওঁ কয় । সেয়েহে মানসিক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকসকলে গ্ৰীষ্মকালত যথেষ্ট পৰিমাণে পানী খাবলৈ পৰামৰ্শ আগবঢ়াইছে যাতে ডিহাইড্ৰেচনৰ ফলত শৰীৰ আৰু মগজুত অক্সিজেনৰ অভাৱ নহয় ।

তাপমাত্ৰাই হৃদৰোগীৰ সমস্যা বৃদ্ধি কৰে :

গৰমৰ ফলত কেৱল মানসিক ৰোগেই নহয়, হৃদৰোগত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে । ৰাঁচীৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ ৰাকেশ চৌধুৰীয়ে কয় যে যোৱা দশকত ৰাঁচীৰ বতৰৰ যথেষ্ট পৰিৱৰ্তন হৈছে। যাৰ ফলত হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যাও বাঢ়িছে । সাম্প্ৰতিক সময়ত বৰ্ধিত উষ্ণতাই হৃদৰোগীৰ জটিলতা বৃদ্ধি কৰিছে বুলি তেওঁ কয় । অৱশ্য়ে ডাঃ ৰাকেশ চৌধুৰীয়ে হৃদৰোগীসকলক গ্ৰীষ্মকালত কম পানী খাবলৈ পৰামৰ্শ আগবঢ়াইছে । কিন্তু তেওঁলোকে নিয়মীয়াকৈ পানী খাব লাগিব কয় । হৃদৰোগীসকলে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ লগতে সময় মতে তেওঁলোকে দিয়া ঔষধ গ্ৰহণ কৰি থাকিব লাগে বুলি কয় ।

শিশুসকল ডিহাইড্ৰেচন আৰু ডায়েৰিয়াত আক্ৰন্ত হয় :

বৰ্ধিত গৰমত কেৱল প্ৰাপ্তবয়স্কই নহয়, শিশুও ৰোগত আক্ৰান্ত হৈছে । ৰাঁচীৰ জ্যেষ্ঠ শিশু ৰোগ বিশেষজ্ঞ ডাঃ অভিষেক কুমাৰে কয় যে গৰমৰ বাবে শিশুসকল ডিহাইড্ৰেচন আৰু ডায়েৰিয়াৰ ভুক্তভোগী হৈছে । তেওঁ অভিভাৱকসকলক শিশুসকলক প্ৰখৰ ৰ'দত খেলিবলৈ নিদিবলৈ পৰামৰ্শ আগবঢ়াইছে ।

শিশুৰ শৰীৰত পানীৰ পৰিমাণ স্বাভাৱিক কৰি ৰাখিবলৈ সময়ে সময়ে ইলেকট্ৰোল আৰু ঠাণ্ডা পানী খুৱাব লাগে বুলি কয় । একেদৰে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এমাহৰ পৰা দুবছৰলৈ শিশুক ইলেকট্ৰোল পাউডাৰ আৰু পানী খুৱালে শিশুৰ শৰীৰ সম্পূৰ্ণৰূপে বিকশিত হ'ব পাৰে বুলি তেওঁ কয় ।

লগতে পঢ়ক: গ্ৰীষ্মকালত অতিমাত্ৰা ব্যায়াম কৰে নেকি ? তেন্তে সাৱধান ! - Over Exercising

ৰুটি-পৰঠাৰ সৈতে ঘিউ খোৱাসকল হৈ যাওক সাৱধান ! স্বাস্থ্যৰ বাবে হ’ব পাৰে বিপদ - Impact of Ghee On health

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.