ETV Bharat / health

ৰুটি-পৰঠাৰ সৈতে ঘিউ খোৱাসকল হৈ যাওক সাৱধান ! স্বাস্থ্যৰ বাবে হ’ব পাৰে বিপদ - Impact of Ghee On health

Impact Of Ghee On Health: ভাৰতত অতীজৰে পৰা ঘিউ খোৱাটো এটা ভাল অভ্য়াস বুলি গণ্য কৰি অহা হৈছে আৰু সেয়ে ভাৰতীয়ই খাদ্যত ঘিউ ব্যৱহাৰ কৰি আহিছে । কিন্তু অত্যধিক ঘিউ সেৱন কৰিলে স্বাস্থ্যৰ বাবে কেতিয়াবা ক্ষতিকাৰকো হ’ব পাৰে । কিন্তু কেনেকৈ আজি জানো আহক-

Impact of Ghee On health
ৰুটি-পৰঠাৰ সৈতে ঘিউ খোৱাসকল হৈ যাওক সাৱধান! স্বাস্থ্যৰ বাবে হ’ব পাৰে বিপদ (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Jun 16, 2024, 1:58 PM IST

ভাৰতত অতীজৰে পৰা ঘিউৰ ৰুটি আৰু দালি খোৱাৰ প্ৰৱণতা দেখা গৈছে ৷ এনে বহুলোক আছে, যিয়ে ৰুটিত ঘিউ নিদিলে এনে অনুভৱ কৰে যেন খাদ্যৰ সোৱাদ আধৰুৱা ৷ কিন্তু মূল্যবৃদ্ধিৰ বাবে আজিকালি অতি কম সংখ্যক ঘৰতহে ৰুটিত ঘিউ প্ৰয়োগ কৰা হয় ৷ ইয়াৰ বাহিৰেও একাংশ লোকে ঘিউ দিয়া ৰুটি খোৱাৰ পৰা বিৰত থাকে কাৰণ তেওঁলোকে নিজৰ কলেষ্টেৰল বা মেদবহুলতা বৃদ্ধি হোৱাটো নিবিচাৰে ৷

এনে পৰিস্থিতিত ৰুটিত ঘিউ প্ৰয়োগ কৰিলে কি কি উপকাৰিতা সাধন হয় আৰু ইয়াৰ পৰা হ’ব পৰা কিবা পাৰ্শ্বক্ৰিয়া হ’ব পাৰে নেকি সেই বিষয়ে জনাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ ৷ ভাৰতত দীৰ্ঘদিন ধৰি তেলৰ ঠাইত ঘিউ ব্যৱহাৰ কৰি অহা হৈছে ৷ মানুহে ইয়াক ৰুটি, পৰঠা, দালি বা মিঠাইত সেৱন কৰি আহিছে ৷

কেৱল এয়াই নহয়, ইয়াৰ ঔষধি গুণৰ বাবে ঘিউ বহু ঔষধতো ব্যৱহাৰ কৰা হয় ৷ আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাত কেৱল দেশী ঘিউহে ব্যৱহাৰ কৰা হয় ৷ দৰাচলতে ঘিউ খোৱাতো কেৱল স্বাস্থ্যৰ বাবেই উপকাৰী হোৱাই নহয়, ছালত প্ৰয়োগ কৰিলেও ইয়াৰ পৰা বহু উপকাৰিতা পোৱা যায় ৷

কিন্তু কোৱা হয় নহয় যিকোনো বস্তুৰে অতিমাত্ৰা স্বাস্থ্যৰ পক্ষে হানিকাৰক সেয়ে অতিৰিক্ত ঘিউ সেৱন কৰিলেও আমাৰ স্বাস্থ্যৰ বাবে কেতিয়াবা ক্ষতিকাৰক হ’ব পাৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে ঘিউ খোৱাৰ উপকাৰিতা তথা অপকাৰিতা দুয়োটাই জানি লওক আহক-

লগতে পঢ়ক: ঘিউৰ সৈতে কফি খোৱাৰ এই উপকাৰিতা জানি আপুনিও হৈ পৰিব আচৰিত

ঘিউ খোৱাৰ উপকাৰিতা

ঘিউ খালে আমাৰ স্বাস্থ্যই বহু উপকাৰিতা লাভ কৰে৷ ঘিউ খালে শৰীৰত যথেষ্ট শক্তি পোৱা যায় ৷ ঘিউত থকা স্বাস্থ্যকৰ চৰ্বিয়ে শৰীৰক শক্তি প্ৰদান কৰে ৷ ইয়াৰ উপৰিও ঘিউ খালে ছাল সুস্থ হোৱাৰ লগতে ছালখন কোমল হয় ৷ ঘিউত কেলচিয়াম আৰু ফছফৰাছ প্ৰচুৰ পৰিমাণে থাকে ৷ ইয়াৰ বাবে ই হাড় আৰু গাঁঠি মজবুত কৰাৰ কামো কৰে ৷ ঘিউত থকা ওমেগা-৩ ফেটি এচিডে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে ৷

ঘিউ খোৱাৰ অপকাৰিতা

এফালে, ঘিউৰ খোৱাৰ যিমান উপকাৰিতা থাকিলেও ইয়াৰ কিছু পাৰ্শ্বক্ৰিয়াও থাকে ৷ ঘিউত কেলৰিৰ পৰিমাণ অতি বেছি ৷ এনে পৰিস্থিতিত ঘিউ প্ৰচুৰ পৰিমাণে খালে ওজন বৃদ্ধি হ’ব পাৰে ৷ লগতে ঘিউৰ অত্যধিক সেৱনে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে ৷ ঘিউ অতিমাত্ৰা সেৱন কৰিলে হৃদযন্ত্ৰৰ সমস্যাও হ’ব পাৰে ৷ একে সময়তে ঘিউ খোৱাৰ পিচত একাংশ লোকৰ গেছ বা আন পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে ৷

লগতে পঢ়ক: Desi Ghee: দেশী ঘিউৰ অত্যধিক সেৱনে শৰীৰৰ ক্ষতি কৰিব পাৰে নেকি, বিশেষজ্ঞৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.