ETV Bharat / bharat

গুজৰাটৰ গেমজ’নত ভয়াবহ অগ্নিকাণ্ড : শিশু-কিশোৰসহ নিহত ২৫ - Gujrat Fire incident

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 10:28 PM IST

Fire incident in game zone: গুজৰাটৰ ৰাজকোটৰ এটা গেমজ’নত ভয়াবহ অগ্নিকাণ্ডৰ ফলত ২৫ জন লোকৰ মৃত্যু ৷ অগ্নিকাণ্ডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা । ডি এন এ পৰীক্ষাৰ জৰিয়তে মৃতকক চিনাক্ত কৰা হ’ব । প্ৰধানমন্ত্ৰীৰো শোক প্ৰকাশ ৷

Fire incident in game zone
গুজৰাটৰ গেমজ’নত ভয়াবহ অগ্নিকাণ্ডত কিশোৰসহ নিহত ২৫ (ETV BHARAT)

নেশ্যনেল ডেস্ক, ২৫ মে’: গুজৰাটৰ ৰাজকোটৰ নানা মাৱা পথত অৱস্থিত টি আৰ পি গেমজ’নত শনিবাৰে এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডত বৰ্তমান পৰ্যন্ত ২৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অগ্নিনিৰ্বাপক বাহিনীয়ে এই পৰ্যন্ত ১০ৰ পৰা ১২জন লোকক উদ্ধাৰ কৰিছে । সম্প্ৰতি অগ্নিনিৰ্বাপক বাহিনীৰ ৮টা দলে জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অগ্নিকাণ্ডৰ ফলত সমগ্ৰ গেমজ’ন চৌহদটো জুইত জাহ যায় ।

ঘটনাস্থলীত আৰক্ষী আয়ুক্ত আৰু জিলা আয়ুক্ত: অগ্নিকাণ্ডৰ পাচত সমগ্ৰ অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ৷ জুই ইমানেই তীব্ৰ হৈ পৰে যে এক কিলোমিটাৰ পৰ্যন্ত ধোঁৱাই ছানি ধৰে ৷ অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় । অগ্নিকাণ্ডৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত আৰক্ষী আয়ুক্ত ৰাজু ভাৰ্গৱ আৰু জিলা আয়ুক্ত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তদাৰক কৰে ।

মুখ্যমন্ত্ৰীক নিৰ্দেশ: ইফালে এই ভয়াবহ অগ্নিকাণ্ডৰ সম্ভেদ লাভ কৰাৰ পাচতেই মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷ তেওঁ X ত পোষ্ট কৰি এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৪ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে ৷

তেওঁ লগতে এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰাৰ কথা সদৰী কৰে ৷

সকলো গেমজ’ন বন্ধ: এই ঘটনাৰ পিচতে ৰাজ্য চৰকাৰে ৰাজকোটৰ লগতে সকলো চহৰতে গেমজ’ন বন্ধ ৰখাৰ নিৰ্দেশ দিছে । চুৰাটৰ লগতে আন চহৰৰ সকলো গেমজ’ন পৰীক্ষণ নিৰ্দেশ দিছে গুজৰাট চৰকাৰে ।

মৃতদেহৰ ডি এন এ পৰীক্ষা: অগ্নিকাণ্ডটো ইমানেই ভয়াবহ আছিল যে মৃত লোকসকলৰ চিনাক্তকৰণ কৰা সম্ভৱ নহয় । যাৰ বাবে এতিয়া ডি এন এ পৰীক্ষাৰ জৰিয়তে মৃতকক চিনাক্ত কৰা হ’ব ।

ৰাজকোট নিগমৰ গাফিলতিৰ অভিযোগ: ৰাজকোট গেমজ’নত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত পোহৰলৈ আহিছে নিগমৰ গাফিলতি । ইয়াৰ উপৰিও গেমজ’নটোত অগ্নি নিৰ্বাপনৰো কোনো ব্যৱস্থা নাছিল বুলিও জানিব পৰা হৈছে । নিহতসকলৰ ২৫ জনৰ ভিতৰত ১২ টা কিশোৰ বুলি জানিব পৰা হৈছে ৷ ৰাজ্যসভাৰ সাংসদ ৰাম মকাৰিয়াই দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ: ৰাজকোট গেমজ’নত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও X ত শোক প্ৰকাশ কৰে ৷ তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলৰ লগতে টেলিফোনিক বাৰ্তালাপ কৰি ঘটনাৰ সবিশেষ বুজ লয় আৰু ঘটনাটোৰ সম্পূর্ণ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈও নির্দেশ দিয়ে ৷

অসমৰ মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ: ৰাজকোটৰ অগ্নিকাণ্ডৰ ঘটনাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও শোক প্ৰকাশ কৰিছে ৷ তেওঁ নিহত লোকৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰা লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ।

লগতে পঢ়ক: দিল্লীৰ পৰা বেংগালুৰু অভিমুখী বিমানত অগ্নিকাণ্ড; জৰুৰী অৱতৰণ - Fire in Air India Flight

লগতে পঢ়ক: কুলিং টাৱাৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড, ১১ ঘণ্টাৰ পিচত নুমাল জুই - FIRE INCIDENT IN GHAZIABAD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.