ETV Bharat / bharat

কুলিং টাৱাৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড, ১১ ঘণ্টাৰ পিচত নুমাল জুই - FIRE INCIDENT IN GHAZIABAD

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 10:16 AM IST

Ghaziabad Fire Incident : গাজিয়াবাদৰ এটা কুলিং ফেক্টৰীত সংঘটি হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ আশংকা ৷

Fire Incident In Ghaziabad
কুলিং টাৱাৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড, ১১ ঘণ্টাৰ পিচত নুমুৱালে জুই (ETV BHARAT)

নেশ্যনেল ডেস্ক, 6 মে’ : উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এটা কুলিং টাৱাৰ নিৰ্মাণ কৰা কাৰখানাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ প্ৰায় 11 ঘণ্টা ধৰি কাৰখানাটোত দাওদাওকৈ জুই জ্বলি থাকে ৷ অৱশ্যে পৰৱৰ্তী পৰ্যায়ত নিৰ্বাপিত হয় এই জুই ৷

জানিব পৰা মতে, দেওবাৰে পিচ নিশা এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ সময়ৰ লগে লগে ক্ৰমাৎ এই জুই লেলিহান শিখাই ভয়ংকৰ ৰূপ লয় আৰু পলকতে সমগ্ৰ কাৰখানাটো আৱৰি ধৰে ৷ এই ঘটনাৰ পিচতে জুই নুমুৱাবলৈ ঘটনাস্থলীত 18 খন অগ্নি নিৰ্বাপক গাড়ী সেৱাত নিয়োজিত কৰা হয় ।

জানিব পৰা মতে, কাৰখানাটোত ৰাসায়নিক পদাৰ্থৰ ড্ৰাম ৰখা হৈছিল ৷

কেনেকৈ সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা :

এই অগ্নিকাণ্ডৰ ঘটনাটো গাজিয়াবাদৰ 4 নং ঔদ্যোগিক এলেকাত স্থিত এটা কাৰখানাত সংঘটিত হয় । এই কাৰখানাটোত কুলিং টাৱাৰ নিৰ্মাণ কৰা হয় । মুখ্য অগ্নি নিৰ্বাপক বিষয়া ৰাহুল পালে ঘটনা সন্দৰ্ভত কয় যে বহু কঠোৰ পৰিশ্ৰমৰ পিচত এই জুই নিয়ন্ত্ৰণলৈ আহে ৷ অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটো ধোঁৱাৰে ছানি ধৰে ৷ যাৰ ফলত ওচৰৰ কাৰখানাবোৰো তাতলিকে খালী কৰোৱা হয় ৷

অগ্নিকাণ্ডৰ কাৰণ :

প্ৰাৰম্ভিক পৰ্যায়ত, শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷ এই ঘটনাত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

জানিব পৰা মতে, এই বিধ্বংসী জুই নুমুৱাবলৈ বিভিন্ন অঞ্চলৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী মাতি অনা হৈছিল । সোমবাৰে পুৱা প্ৰায় ৮ বজাতএই জুই নিয়ন্ত্ৰণলৈ অনা হয় ৷ পৰৱৰ্তী সময়ত ঘটনাৰ তদন্ত আৰম্ভ কৰা হ’ব ৷ ইফালে সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰি স্বত্বিৰ নিশ্বাস এৰিছে স্থানীয় লোকসকলেও ৷

লগতে পঢ়ক: সন্ত্ৰাসবাদীৰ আক্ৰমণত বায়ু সেনা জোৱানৰ মৃত্যু, আহত 4 - Terrorist attack in poonch

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.