ETV Bharat / bharat

সন্ত্ৰাসবাদীৰ আক্ৰমণত বায়ু সেনা জোৱানৰ মৃত্যু, আহত 4 - Terrorist attack in poonch

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 7:43 AM IST

Terrorist attack : জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তাৰক্ষীৰ বাহনত আক্ৰমণ সন্ত্ৰাসবাদীৰ ৷ সন্ত্ৰাসবাদীৰ গুলীচালনাত এজন আই এ এফৰ জোৱান নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয় । শনিবাৰে সংঘটিত হয় এই ঘটনা ৷

JAMMU POONCH IAF ATTACK
সন্ত্ৰাসবাদীৰ আক্ৰমণত বায়ু সেনা জোৱানৰ মৃত্যু, আহত 4 (Etv bharat english)

নেশ্যনেল ডেস্ক, 5 মে’ : বায়ু সেনা জোৱানৰ বাহনত আক্ৰমণ সন্ত্ৰাসবাদীৰ ৷ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত শনিবাৰে আই এ এফৰ কনভয়ত সন্ত্ৰাসবাদীয়ে এম্বুছ কৰাৰ ফলত ভাৰতীয় বায়ুসেনাৰ এজন জোৱান নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয় ।

terrorist-attack-on-security-vehicles-in-poonch-jammu-and-kashmir

শনিবাৰে বিয়লি প্ৰায় 6.15 বজাত সুৰনকোটে অঞ্চলৰ শ্বাহচিতাৰ সমীপত কনভয়টোৰ ওপৰত আক্ৰমণ সংঘটিত হয় যেতিয়া সৈন্যৰ দলটোৱে ছানাই টপত থকা নিজৰ ঘাটিলৈ উভতি আহিছিল । তেওঁলোকে জনোৱা মতে, সন্ত্ৰাসবাদীৰ গুলীচালনাত প্ৰথমে পাঁচজন জোৱান আহত হয় আৰু পৰৱৰ্তী সময়ত তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত গুৰুতৰভাৱে আহত দুজন জোৱান ভিতৰত এজনৰ মৃত্যু ঘটে ।

আই এ এফে এক্সযোগে কয়, "তাৰ পাচত সন্ত্ৰাসবাদীৰ সৈতে হোৱা বন্দুক যুদ্ধত সৈন্যসকলেও গুলীচালনাৰে প্ৰত্যুত্তৰ দিয়ে ৷ এই প্ৰক্ৰিয়াত আই এ এফৰ পাঁচজন জোৱান গুলীবিদ্ধ হয় আৰু তাৎক্ষণিক চিকিৎসাৰ বাবে সমীপৰ সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় । পাচত এজন সৈন্য আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে । স্থানীয় নিৰাপত্তা বাহিনীয়ে এই সন্দৰ্ভত অধিক অভিযান চলাই আছে ।"

ইয়াৰ পূৰ্বে আই এ এফে আক্ৰমণ নিশ্চিত কৰি জনাইছিল "শ্বাহচিতাৰৰ সমীপৰ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় বায়ুসেনাৰ কনভয়ৰ এখন বাহনক উগ্ৰপন্থীয়ে আক্ৰমণ কৰে । বৰ্তমান অঞ্চলটোত স্থানীয় সামৰিক ইউনিটে কৰ্ডন আৰু তালাচী অভিযান চলাই আছে ৷ কনভয় সুৰক্ষিত কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত অধিক তদন্ত চলি আছে ।"

সেনা আৰু আৰক্ষীৰ শক্তিবৰ্ধক বাহিনীক ততাতৈয়াকৈ অঞ্চলটোলৈ প্ৰেৰণ কৰা হয় আৰু সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ আৰু গতি-বিধি নিষ্ক্ৰিয় কৰিবলৈ ব্যাপক অনুসন্ধান আৰু ঘেৰাও অভিযান আৰম্ভ কৰা হয় বুলি বিষয়াসকলে জনায় । শুকুৰবাৰৰ পৰা অৰ্ধসামৰিক বাহিনীৰ সহায়ত আৰক্ষীয়ে সন্দেহযুক্ত ব্যক্তিৰ চলাচলৰ বিষয়ে তথ্য লাভ কৰাৰ পাচত পুঞ্চত তালাচী চলাইছিল । অৱশ্যে অভিযানৰ সময়ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :

সামৰিক বাহন দুৰ্ঘটনাত সেনা বিষয়া নিহত; আন কেবাজনো আহত - MILITARY VEHICLE ACCIDENT

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাজৌৰীত সেনাৰ অপাৰেচন সৰ্বশক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.