ETV Bharat / bharat

সামৰিক বাহন দুৰ্ঘটনাত সেনা বিষয়া নিহত; আন কেবাজনো আহত - MILITARY VEHICLE ACCIDENT

Army Man Killed : জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত সেনাবাহিনীৰ এখন বাহন দুৰ্ঘটনাত পতিত হয়, য’ত এজন বিষয়াৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো জোৱান আহত হয় ৷ আহত সকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ARMY OFFICER KILLED
সেনাবাহিনীৰ বাহন দুৰ্ঘটনাত পতিত (ETV BHARAT ENGLISH DESK)
author img

By ETV Bharat Assamese Team

Published : May 4, 2024 at 10:48 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 4 মে’ : দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সেনাবাহিনীৰ এখন বাহন দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত এজন সেনা বিষয়াৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে এই দুৰ্ঘটনাত বাহনখনত থকা আন কেইবাজনো লোক আহত হয় ৷ শনিবাৰে বিয়লি জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ বীৰনাগ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰাথমিক তথ্য অনুসৰি, চালকজনে সেনাৰ টহলদাৰী দলৰ বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছিল ৷ ফলস্বৰূপে সেনাৰ বাহনখন ৰাস্তাৰ পৰা পিছলি গৈ লুটিখাই পৰে আৰু তলৰ বাগিচাত পৰি যায় ৷ যাৰ ফলত বাহনখনত থকা সকলো সেনা জোৱান আহত হয় ৷

আঘাতপ্ৰাপ্ত সেনা জোৱানসকলক ততাতৈয়াকৈ ডৰোৰ মডেল হাস্পটাললৈ লৈ যোৱা হয়, য'ত গুৰপ্ৰীত সিং নামৰ গুৰুতৰভাৱে আহত সেনা বিষয়াজনে মৃত্যুবৰণ কৰে ৷ আনহাতে আন আহতসকলক চৰকাৰী চিকিৎসা মহাবিদ্যালয় (জি এম চি) আৰু অনন্তনাগ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল, য'ত তেওঁলোকক চিকিৎসা প্ৰদান কৰা হৈছে ৷ ইফালে, জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু অধিক তদন্ত আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, যে ইয়াৰ পূৰ্বেও ৰাজ্যখনৰ কেইবাটাও অঞ্চলত এনে যান-বাহন দুৰ্ঘটনাত বহু সেনা জোৱানৰ মৃত্যু হৈছে ৷ জম্মু-কাশ্মীৰৰ অধিকাংশ যান-বাহন দুৰ্ঘটনা সংঘটিত হয় শ্ৰীনগৰ-জম্মু ঘাইপথৰ ৰামবন জিলা অঞ্চলত আৰু ডোডা-কিষ্টৱাৰ ঘাইপথত ৷

ইফালে আন এক ঘটনাত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এখন গাঁৱত অচিনাক্ত বন্দুকধাৰীয়ে এজন জোৱানৰ ঘৰত গুলীচালনা কৰাত জোৱানজনৰ ভাতৃৰ মৃত্যু হয়। ইয়াৰ পিচতে আৰক্ষী আৰু সেনাই তালাচী অভিযান আৰম্ভ কৰি সন্দেহযুক্ত উগ্ৰপন্থীটোক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : ভ্ৰমণলৈ বুলি গৈ চিৰনিদ্ৰাত 6 শিক্ষাৰ্থী - Mussoorie Car Accident