ETV Bharat / bharat

ভ্ৰমণলৈ বুলি গৈ চিৰনিদ্ৰাত 6 শিক্ষাৰ্থী - Mussoorie car accident

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 12:55 PM IST

Car fell into ditch : এখন গাড়ী দ’ খাৱৈত বাগৰি পৰে ৷ পথ দুৰ্ঘটনাটোত চাৰিজন যুৱক আৰু দুই যুৱতী নিহত হৈছে । ৬ জন লোকৰ মৃত্যুৰ খবৰে আৰক্ষী বিভাগত এক আলোড়নৰ সৃষ্টি কৰিছে । বৰ্তমানেও মৃতসকলক চিনাক্ত কৰিব পৰা হোৱা নাই ।

Car fell into ditch in Mussoorie
শোকাৱহ (ETV BHARAT UTTARAKHAND)

নেশ্যনেল ডেস্ক, 4 মে’: মুছৌৰী-দেৰাদুন পথৰ ঝাড়ীপানী পথৰ পানীৰ বেণ্ডৰ সমীপত এখন গাড়ী নিয়ন্ত্ৰণহীন হৈ দ’ খাৱৈত বাগৰি পৰে । গাড়ীখনত যাত্ৰা কৰা ছয়োজন লোকৰে মৃত্যু ঘটে । নিহতসকলৰ ভিতৰত চাৰিজন যুৱক আৰু দুগৰাকী যুৱতী বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে মুছৌৰী আৰক্ষী, অগ্নিনিৰ্বাপক সেৱা আৰু এছডিআৰএফৰ দলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

গাড়ীৰ সৈতে খাৱৈত পৰি যোৱা দুয়োগৰাকী ছোৱালীক খাৱৈৰ পৰা উদ্ধাৰ কৰি ১০৮ এম্বুলেন্সৰ জৰিয়তে দেৰাদুন উচ্চ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিও তেওঁলোকক বচাব পৰা নগ’ল । আনহাতে থিতাতে মৃত্যু হয় গাড়ীতে থকা চাৰিজন যুৱকৰ । তেওঁলোকৰ মৃতদেহ খাৱৈৰ পৰা উলিয়াই মুছৌৰী উপ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

দুৰ্ঘটনাটোত নিহতসকলক চিনাক্ত কৰাৰ চেষ্টা চলাই আছে মুছৌৰী আৰক্ষীয়ে । তেওঁলোক আটাইকেইজন দেৰাদুন আই এম এছ কলেজৰ শিক্ষাৰ্থী আছিল বুলি জানিব পৰা গৈছে ৷ আটায়ে মিলি মুছৌৰী ভ্ৰমণ কৰিবলৈ ওলাইছিল ৷ ৰাতিপুৱা দেৰাদুনলৈ উভতি আহোঁতে চুনাখানৰ সমীপত তেওঁলোকৰ গাড়ীখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায় আৰু এটা দ খাৱৈত বাগৰি পৰে ।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ওচৰৰ মানুহবোৰ দুৰ্ঘটনাস্থলীৰ ফালে দৌৰি যায় । ইফালে একাংশ লোকে এই দুৰ্ঘটনাৰ বিষয়ে মুছৌৰী আৰক্ষীক অৱগত কৰে । পথ দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে মুছৌৰী আৰক্ষীয়ে তৎক্ষণাত নিজৰ অগ্নিনিৰ্বাপক সেৱা আৰু এছডিআৰএফ বাহিনী দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰে ।

দুৰ্ঘটনা সংঘটিত হোৱা স্থানত অতি দ খাৱৈ থকাৰ বাবে উদ্ধাৰ অভিযানত বহু কষ্ট হৈছিল । উদ্ধাৰকাৰী দলটো খাৱৈত গৈ উপস্থিত হোৱালৈকে গাড়ীখনত থকা চাৰিজন যুৱকৰ ইতিমধ্যে মৃত্যু ঘটিছিল । ছোৱালী দুগৰাকীয়ে উশাহ লৈ আছিল যদিও চিকিৎসাৰ বাবে দেৰাদুন উচ্চ কেন্দ্ৰলৈ লৈ যোৱা অৱস্থাত তেওঁলোকৰো মৃত্যু হয় ।

লগতে পঢ়ক : ছত্তীশগড়ত শোকাৱহ দুৰ্ঘটনা, মহিলা-শিশুসহ ৯ গৰাকী লোকৰ মৃত্যু - Chhattisgarh Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.