ETV Bharat / bharat

ছত্তীশগড়ত শোকাৱহ দুৰ্ঘটনা, মহিলা-শিশুসহ ৯ গৰাকী লোকৰ মৃত্যু - Chhattisgarh accident

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:10 AM IST

Chhattisgarh accident
ছত্তীশগড়ত শোকাৱহ দুৰ্ঘটনা

Chhattisgarh accident: বেমেটাৰা জিলাৰ কাথিয়া গাঁৱৰ সমীপত মালবাহী বাহন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ । ৫ গৰাকী মহিলা আৰু ৩ টা শিশু নিহত । মৃতকৰ পৰিয়ালক যিকোনো চৰকাৰী সাহায্য প্ৰদানৰ আশ্বাস ।

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল : ছত্তীশগড়ৰ বেমেটাৰা জিলাত ভয়ংকৰ দুৰ্ঘটনা । মালবাহী বাহন আৰু ট্ৰাকৰ মাজৰ সংঘৰ্ষৰ ফলত ৮ গৰাকী লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । অৱশ্যে শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, আৰু এগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে দুৰ্ঘটনাটোত আন ২৩ গৰাকী লোক আহত হয় । আহতসকলক চিমগাৰ কমিউনিটি হেল্থ চেণ্টাৰৰ লগতে বেমেটাৰা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু কিছুমান গুৰুতৰভাৱে আহতক এইমছলৈ প্ৰেৰণ কৰা হয় ।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে নিশা বেমেটাৰা জিলাৰ কাথিয়া গাঁৱৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় । বেমেটাৰা জিলাৰ পাথৰা গাঁৱৰ লোকসকলে এক পাৰিবাৰিক বিশেষ অনুষ্ঠানৰ বাবে মালবাহী বাহনতে প্ৰায় ৩০ জন লোক তিৰায়া গাঁৱলৈ গৈ আছিল । আনকি সকলোৱে এক পাৰিবাৰিক অনুষ্ঠানত অংশ গ্ৰহণ কৰি পাত্ৰৰা গাঁৱৰ ঘৰলৈ উভতিও আহি আছিল ।

তেনেতে পথৰ কাষত ৰৈ থকা মিনি ট্ৰাকৰ সৈতে মালবাহী বাহনখনৰ সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত ৫ গৰাকী মহিলা আৰু ৩ টা শিশুৰ মৃত্যু হয় । একে সময়তে, ২৩ গৰাকী আহতক দুখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । গুৰুতৰভাৱে আহত ৪ জন লোকক অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ ৰায়পুৰলৈ প্ৰেৰণ কৰা হয় ।

ইফালে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে বেমেটাৰাৰ বিধায়ক দীপেশ চাহু, উপায়ুক্ত ৰণবীৰ শৰ্মা আৰু আৰক্ষী অধীক্ষক ৰামকৃষ্ণ চাহু জিলা চিকিৎসালয়ত উপস্থিত হয় আৰু আহতসকলৰ স্বাস্থ্যৰ বুজ লয় । উপায়ুক্তই সকলো আহতক উপযুক্ত চিকিৎসাৰ নিৰ্দেশ দিয়ে । একে সময়তে মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে । মৃতকৰ পৰিয়ালক যিকোনো চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :পৰিকল্পিতভাৱে ৬ যুৱক-কিশোৰে হত্যা কৰি বাগিচাৰ মাজত জ্বলাই দিছিল ৰাজ লাচিতক: আটক 5 অভিযুক্ত - Sensational Murder In Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.