ETV Bharat / state

পৰিকল্পিতভাৱে ৬ যুৱক-কিশোৰে হত্যা কৰি বাগিচাৰ মাজত জ্বলাই দিছিল ৰাজ লাচিতক: আটক 5 অভিযুক্ত - Sensational murder in Tinsukia

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 8:15 PM IST

Youth murder in Tinsukia
ৰাজ লাচিত হত্যাকাণ্ড

Murder in Tinsukia:হত্যাকাণ্ডৰ সৈতে জড়িতৰ ৩ যুৱক আৰু ২ কিশোৰক আটক ৷ হত্যাকাণ্ড সংঘটিত কৰা চোকা অস্ত্ৰসহ পৰিধান কৰা কাপোৰ উদ্ধাৰ ৷ পলাতক ঘটনাৰ সৈতে জড়িত অভিযুক্ত কিশোৰ ।

ৰাজ লাচিত হত্যাকাণ্ড

তিনিচুকীয়া, ২৮ এপ্ৰিল: নিৰ্বাচনী গৰম বতাহ আৰু ব’হাগ বিহুৰ আনন্দৰ মাজতে যোৱা ১৫ এপ্ৰিলত পুৱা কচুজানৰ শুকানপুখুৰী চাহ বাগিচাত উদ্ধাৰ হোৱা জ্বলাই দিয়া মৃতদেহৰ ঘটনাৰ সৈতে জড়িত ৩ যুৱক আৰু ২ কিশোৰক অৱশেষত তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে ৷ কৰ্মসূত্ৰে তিনিচুকীয়াত থকা শিৱসাগৰ বকতাৰ ২১ বছৰীয়া যুৱক ৰাজ লাচিতৰ ১০ দিন পৰ্যন্ত কোনো সন্ধান নথকাত শুকুৰবাৰে তিনিচুকীয়া সদৰ আৰক্ষী থানাত পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাচতে মৃতদেহটো চিনাক্ত কৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ।

  • " class="align-text-top noRightClick twitterSection" data="">

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ৩ যুৱক আৰু ৩ কিশোৰে নৃশংসভাৱে ৰাজ লাচিতক হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ জ্বলাই দিয়া পৰিকল্পনা কৰাৰ সমগ্ৰ তথ্য । আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰাৰ পাচতে শনিবাৰে নিশা ডিগবৈৰ পৰা ২ জনক আটক কৰি সোধা-পোচা কৰাৰ পাচত এইপৰ্যন্ত উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত ৩ যুৱকসহ ২ কিশোৰক ইতিমধ্যে আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷

আটকাধীন কচুজানৰ তিনি যুবক ক্ৰমে বাবু প্ৰসাদ শ্বাহ, পংকজ প্ৰসাদ আৰু ৰিটিক ভূমিজ ৷ সমান্তৰালভাৱে, মৃতদেহ উদ্ধাৰ হোৱা শুকানপুখুৰী চাহ বাগানৰ কেইবাটাও স্থানৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত এখন চোকা অস্ত্ৰ আৰু সেই সময়ত পৰিধান কৰা কাপোৰ লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । ইতিমধ্যে ৫ জনক আটক কৰি তিনিচুকীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে ঘটনাৰ সৈতে জড়িত পলাতক আন এজন কিশোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি সদৰী কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁয়ে ৷

দীৰ্ঘদিন ধৰি হোৱা সৰু-সুৰা বাকবিতণ্ডাৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত সংঘটিত হোৱাৰ কথাও উল্লেখ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁয়ে ৷ উল্লেখ্য যে ৰাজ লাচিতে প্ৰায় চাৰি মাহৰ পৰা পৰ্বতীয়াস্থিত হ’ট অভেন নামৰ এটা বেকাৰীৰ ফেক্টৰীত কাম কৰিছিল । বেকাৰীৰ মালিকে উল্লেখ কৰা অনুসৰি যোৱা ১৪ এপ্ৰিলত দিনত তিনিচুকীয়া চহৰৰ সমীপৱৰ্তী গগৈ উপাধিৰ এজন সতীৰ্থ কৰ্মচাৰীৰ লগত কৰ্মচাৰীজনৰ ঘৰত বিহু খাবলৈ বুলি ওলাই গৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত কৰ্মচাৰীজনে ৰাজ লাচিতে দিনৰ এক বজাতে ভাত খাই নিজ ঘৰলৈ যোৱা বুলি কয় ৷ তাৰ পাছত পুনৰ ২৩ এপ্ৰিলৰ পৰা গগৈ উপাধিৰ কৰ্মচাৰীজনো কৰ্মস্থলীৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷

লগতে পঢ়ক:তিনিচুকীয়াৰ শুকানপুখুৰী চাহ বাগিচাত উদ্ধাৰ হোৱা জ্বলি যোৱা মৃতদেহ চিনাক্ত পৰিয়ালৰ - Deadbody Recovered In Tea Estate

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.