ETV Bharat / health

প্ৰিয়জনক আলিংগন কৰক, ৰোগৰ পৰা আঁতৰি থাকক - Hugging Benefits - HUGGING BENEFITS

Hugging Health Benefits : আচৰিত যেন লাগিলেও এয়া একেবাৰেই সঁচা দৈনিক আলিংগন কৰি আমি বহু ৰোগৰ পৰা বাচি থাকিব পাৰো ৷ আজি আলিংগন কৰাৰ স্বাস্থ্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-

The Power of Hugs and How They Affect Our Health
আলিংগনৰ আছে এনে আচৰিত উপকাৰিতা যাৰ বিষয়ে হয়তো আপুনি পূৰ্বে জ্ঞাত নাছিল (SOURCE: GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : May 10, 2024 at 5:15 PM IST

2 Min Read

বহু দিনৰ পাচত আপোনজনক লগ পালে অথবা কাৰোবাক কোনো বিশেষ দিনৰ শুভেচ্ছা জনাবলৈ আমি আলিংগন কৰো ৷ আচলতে, আলিংগন কেৱল কাৰোবাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰাৰ আহিলাই নহয়, ই আমাৰ শৰীৰৰ বাবে এক ঔষধ ৷

হয়, আচৰিত যেন লাগিলেও এয়া একেবাৰেই সঁচা ৷ বিজ্ঞানৰ মতে, দৈনিক আলিংগন কৰি আমি বহু ৰোগৰ পৰা বাচি থাকিব পাৰো ৷ আজি আলিংগন কৰাৰ ফলত হোৱা স্বাস্থ্যৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহক -

স্বাস্থ্যৱান হৈ থাকে হৃদযন্ত্ৰ

আলিংগন কৰিলে শৰীৰত অক্সিটচিন হৰমনৰ স্তৰ বৃদ্ধি হয় ৷ লগতে ই সেই আলিংগন কৰা ব্যক্তিজনৰ সৈতে সম্পৰ্কও উন্নত কৰে ৷ অক্সিটচিনৰ অত্যাধিক উৎপাদনে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা তথা হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে ৷

চাপ দূৰ কৰে

কাৰোবাক আলিংগন কৰাৰ ফলত স্নায়ুতন্ত্ৰ শীতল হৈ পৰে ৷ যাৰ ফলত চাপ উপশম হয় ৷ সেয়েহে মানসিক স্বাস্থ্যৰ বাবে আলিংগন কৰাটো অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয় ৷

ভাল হয় টোপনি

যদি আপুনি শোৱাৰ ১০ মিনিটৰ আগতে কাৰোবাক আলিংগন কৰে, ই আপোনাৰ ভাল টোপনি অহাতো সহায় কৰে ৷

ৰক্ত সঞ্চালন সঠিক হয়

আপুনি জানেনে বাৰু আলিংগন কৰাৰ ফলত শৰীৰত ৰক্ত আৰু অক্সিজেনৰ সঞ্চালন বৃদ্ধি হয়, যিয়ে শৰীৰলৈ শক্তি আনে ৷ ই ভাগৰ দূৰ কৰাৰ লগতে শৰীৰৰ কাৰ্য-কলাপ সুস্থিৰ কৰি ৰাখে ৷

মনটো ভালে থাকে

যেতিয়াই এজন ব্যক্তিয়ে কাৰোবাক আলিংগন কৰে, তেওঁৰ মনটো ভাল হৈ থাকে ৷ বিশেষজ্ঞসকলৰ মতে, আলিংগনে আমাৰ মনোভাৱ উন্নত কৰে ৷

বিষৰ পৰা সকাহ

কাৰোবাক মৰমেৰে আলিংগন কৰি বিষৰ পৰাও সকাহ পাব পাৰি ৷ এই সময়ত এণ্ডোৰ্ফিন হৰমন উৎপন্ন হয়, যি হৰমনে বিষ বৃদ্ধি হোৱাত বাধা দিয়ে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

বহু গৱেষণাত এইটো প্ৰমাণিত হৈছে যে আলিংগনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ সেয়েহে শৰীৰটোক নিৰোগী কৰি ৰখাৰ বাবে আপুনি দৈনিক আলিংগন কৰিব পাৰে ৷

লগতে পঢ়ক :

গৰমৰ দিনত মাছ-মাংস খোৱাটো স্বাস্থ্যৰ বাবে ভালনে ? - Side Effects Of Non Vegetarian Food

সাৱধান! আপুনি জানেনে অত্যধিক যৌন আসক্তি আপোনাৰ বাবে কিয় বিপদজনক ? - Sex Addiction

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.