ETV Bharat / technology

পৃথিৱীৰ চুবুৰীয়া গ্ৰহ শুক্ৰত কিয় পানী নাই ? - Why Venus dry

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 8:52 AM IST

VENUS NO WATER : শুক্ৰ গ্ৰহত কিয় পানী নাই ? শেহতীয়া এক অধ্যয়নে ইয়াৰ কাৰণ বাখ্যা কৰিছে । সূৰ্যৰ নিকটতম গ্ৰহ শুক্ৰ কিয় শুকান এই প্ৰতিবেদনত সেই অধ্যয়নৰ বিষয়ে উল্লেখ কৰা হৈছে ।

Why Venus dry
পৃথিৱীৰ চুবুৰীয়া গ্ৰহ শুক্ৰত কিয় পানী নাই (ETV Bharat)

নেশ্যনেল ডেস্ক, ১২ মে’ : জীয়াই থকাৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ । পৃথিৱী হৈছে সৌৰজগতৰ একমাত্ৰ গ্ৰহ যাৰ বাবে ইয়াত জীৱ জীয়াই থাকিব পাৰে । পৃথিৱীৰ প্ৰায় ৭১ শতাংশ অঞ্চলতে পানী আছে । অৱশ্যে, পৃথিৱীৰ চুবুৰীয়া আৰু সূৰ্যৰ নিকটতম শুক্ৰ গ্ৰহৰ কথা যদি কোৱা হয় ই শুকান আৰু ইয়াত পানী নাই ।

এনে পৰিস্থিতিত, আপোনাৰ মনলৈ প্ৰশ্ন আহিব যে ইয়াৰ কাৰণ কি ? আমেৰিকাৰ বিজ্ঞানীসকলে শুক্ৰ গ্ৰহ কিয় শুকান তাৰ কাৰণ বিচাৰি উলিয়াইছে ।

আমেৰিকান বিজ্ঞানীসকলৰ নতুন গৱেষণা অনুসৰি, শুক্ৰ গ্ৰহ পানী অবিহনে শুকান হোৱাৰ কাৰণ হৈছে যে ইয়াত পানী গঠন হোৱাৰ বাবে প্ৰয়োজনীয় দুটা উপাদানৰ অভাৱ আছে । ইয়াৰ বায়ুমণ্ডলত হাইড্ৰজেন (যিটো পানীৰ বাবে অত্যাৱশ্যকীয়) অনুপস্থিত । বিজ্ঞানীসকলৰ মতে তাত অক্সিজেনৰ বাবে কোনো পৰিপূৰক উপাদান নাই ।

যদি পৃথিৱীত থকা সকলো পানী সংগ্ৰহ কৰি বিয়পাই দিয়া হয়, তেন্তে ৩ কিলোমিটাৰ গভীৰতাৰ পানীৰ এক স্তৰ সৃষ্টি হ'ব । যদি আমি শুক্ৰৰ ক্ষেত্ৰতো একেটা কৰো, তাত সকলো পানী তৎক্ষণাৎ বাষ্পীভূত হ'ব ।

গৱেষণাটোত অংশগ্ৰহণ কৰা এৰিন কংগিয়ে কয় যে পানী মাত্ৰ ৩ ছে:মি: গভীৰ স্তৰত সৃষ্টি হয় । তেওঁ উল্লেখ কৰা মতে শুক্ৰ গ্ৰহৰ ওপৰৰ বায়ুমণ্ডল বৰ্তমান শুকান, ই অতীতত এক অনুকূল পৰিৱেশ আছিল । শুক্ৰ গ্ৰহও ১০০ নিযুত বছৰ পূৰ্বে গঠন হৈছিল আৰু ইয়াৰ পানীৰ স্তৰো পৃথিৱীৰ দৰেই আছিল ।

শুক্ৰৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আছে । তেওঁ কয় যে এটা সময়ত সেউজগৃহৰ তীব্ৰ প্ৰভাৱ দেখা গৈছিল । ইয়াৰ ফলত গ্ৰহটোৰ তাপমাত্ৰা ৫০০ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পায় আৰু ইয়াৰ ফলত তাত থকা সকলো পানী বাষ্পীভূত হৈ মহাকাশত মিলিত হয় ।

শুক্ৰ আজি কিয় শুকান ?

গৱেষকসকলে কয় যে গ্ৰহটোত কিয় এতিয়াও পানী নাই তাৰ কোনো নিৰ্দিষ্ট ব্যাখ্যা নাই । এক নতুন গৱেষণাত বিজ্ঞানীসকলে কম্পিউটাৰ অনুকৰণ ব্যৱহাৰ কৰিছিল । শুক্ৰৰ ওপৰৰ বায়ুমণ্ডলত অণু চিনাক্ত কৰা হৈছে, যিটো ইয়াৰ কাৰণ হ'ব পাৰে । পানীৰ সৈতে কাৰ্বন ডাই অক্সাইড মিহলি হ'লে অণুৰ গঠন হয় ।

অধ্যয়নটোৱে HCO+ সংঘৰ্ষৰ ফলত পানীৰ ক্ষতি বিশ্লেষণ কৰিছে । ই বায়ুমণ্ডলৰ ইলেক্ট্ৰনৰ সৈতে এক বন্ধনিৰ সৃষ্টি কৰে আৰু ফলস্বৰূপে ঋণাত্মক আধান আৰম্ভ হয় । এনে পৰিস্থিতিত, HCO+ অণুবোৰক দুটা ভাগত বিভক্ত কৰা হয় । এই প্ৰক্ৰিয়াত, বায়ুমণ্ডলে পানী সম্পূৰ্ণৰূপে শোষণ কৰি লয় । ফলস্বৰূপে, পানী গঠন কৰিবলৈ দুটা অত্যাৱশ্যকীয় উপাদান উপলব্ধ নাথাকে ।

লগতে পঢ়ক :মাধ্যাকৰ্ষণেৰে ভৰা কৃষ্ণগহ্বৰ; ৰহস্যৰ মাজত আজিও ওপঙি আছে মহাকাশত - BLACK HOLE PHOTOS
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.