ETV Bharat / state

তিনিচুকীয়াৰ শুকানপুখুৰী চাহ বাগিচাত উদ্ধাৰ হোৱা জ্বলি যোৱা মৃতদেহ চিনাক্ত পৰিয়ালৰ - Deadbody Recovered In Tea Estate

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 10:54 PM IST

CHARRED BODY FOUND IN TEA ESTATE
অচিনাক্ত ব্যক্তিৰ জ্বলি যোৱা মৃতদেহৰ পৰিচয় উদ্ধাৰ

বাগানৰ মাজত উদ্ধাৰ হোৱা অচিনাক্ত ব্যক্তিৰ জ্বলি যোৱা মৃতদেহৰ পৰিচয় উদ্ধাৰ ৷ মৃতদেহটো শিৱসাগ জিলাৰ বকতাৰ 21 বছৰীয়া যুৱক ৰাজ লাচিতৰ বুলি চিনাক্ত ৷

জ্বলি যোৱা মৃতদেহৰ পৰিচয় উদ্ধাৰ

তিনিচুকীয়া, 26 এপ্ৰিল : 15 এপ্ৰিলৰ পুৱা তিনিচুকীয়া জিলাৰ কচুজানৰ শুকানপুখুৰী চাহ বাগিচাত উদ্ধাৰ হৈছিল এটা জ্বলাই দিয়া মৃতদেহ ৷ এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে যদিও ওলোৱা নাছিল কোনো সম্ভেদ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু উদ্ধাৰৰ 10 দিনৰ পিচত ওলাল মৃতদেহৰ পৰিচয় ৷ মৃত লোকজনৰ পৰিয়ালৰ লোক তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ চিনাক্ত কৰে মৃতদেহ ৷ মৃতদেহটো শিৱসাগ জিলাৰ বকতাৰ 21 বছৰীয়া যুৱক ৰাজ লাচিতৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে ৷ 10 দিন ধৰি সন্ধানহীন হৈ আছিল যুৱকজন ৷ যুৱকজনৰ সন্ধানত পৰিয়ালৰ লোক তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ 15 এপ্ৰিলত শুকানপুখুৰী চাহ বাগিচাত উদ্ধাৰ হোৱা মৃতদেহটোৰ ফটো চাই সেয়া ৰাজ লাচিত বুলি চিনাক্ত কৰে ৷

জানিব পৰা মতে মৃত ৰাজ লাচিতে প্ৰায় চাৰি মাহৰ পৰা পৰ্বতীয়াস্থিত হ’ট অভেন নামৰ এখন বেকাৰীৰ ফেক্টৰীত কাম কৰিছিল ৷ বেকাৰীৰ মালিকে জানিবলৈ দিয়া অনুসৰি 14 এপ্ৰিলত দিনৰ ভাগত ককৰাতলিৰ গগৈ উপাধিৰ এগৰাকী 17 বছৰীয়া সতীৰ্থ কৰ্মচাৰীৰ লগত তেওঁলোকৰ ঘৰত বিহু খাবলৈ বুলি ওলাই গৈছিল যুৱকজন ৷ কিন্তু পৰৱৰ্তী সময়ত ককৰাতলিৰ কৰ্মচাৰীজনে ৰাজ লাচিতে দিনৰ এক বজাতে ভাত খাই নিজৰ ঘৰলৈ গ’ল বুলি জানিবলৈ দিয়ে ৷ ইফালে 23 এপ্ৰিলৰ পৰা ককৰাতলিৰ গগৈ উপাধিৰ কৰ্মচাৰীজনো কৰ্মস্থলীৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ পৰিয়ালবৰ্গই ৰাজ লাচিতৰ হত্যাকাণ্ডৰ ঘটনাৰ সৈতে ককৰাতলিৰ গগৈ উপাধিৰ কৰ্মচাৰীজন জড়িত থকাৰ অভিযোগ উত্থাপন কৰি তিনিচুকীয়া আৰক্ষীক উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : বাগানৰ মাজত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ জ্বলি যোৱা মৃতদেহ; তদন্ত আৰম্ভ - Deadbody Recovered In Tea Estate

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.