ETV Bharat / health

আপোনাৰ শৰীৰত এইকেইটা লক্ষণে দেখা দিছে যদি পৰ্যাপ্ত পানী খাওঁক - Symptoms Of Dehydration

author img

By ETV Bharat Health Team

Published : May 5, 2024, 10:15 AM IST

Symptoms Of Dehydration : প্ৰচণ্ড গৰমে জলা-কলা খুৱাইছে দেশবাসীক ৷ এই গৰমৰ ফলত ডিহাইড্ৰেশ্যনৰ সমস্যা সততে দেখা গৈছে ৷ যদি আপোনাৰ শৰীৰতো এইসমূহ লক্ষণে দেখা দিছে তেন্তে আপুনি সতৰ্ক হোৱা উচিত । নিজকে সতেজ ৰাখিবলৈ পৰ্যান্ত পৰিমাণৰ পানী খাওঁক ৷

Symptoms Of Dehydration
আপোনাৰ শৰীৰত এইকেইটা লক্ষণে দেখা দিছে যদি ততালিকে পানী সেৱন কৰক (ETV Bharat HINDI)

চলিত বৰ্ষত দেশৰ কেইবাখনো ৰাজ্যত উৎকট গৰমে অভিলেখ ভংগ কৰিছে ৷ ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত হীটৱেভৰ ফলত সতৰ্কতাবাণী জাৰি কৰা হৈছে ৷ ইফালে এই প্ৰচণ্ড গৰমৰ ফলত বহু লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ডিহাইড্ৰেশ্যনৰ সমস্যা ক্ৰমাৎ বাঢ়ি আহিছে ।

এনে পৰিস্থিতিত, আমাৰ শৰীৰে সঠিকভাৱে পানী পাইছে নে নাই সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ । যেতিয়া আমাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পানী তেতিয়াই আমাৰ শৰীৰত ডিহাইড্ৰেশ্যনৰ সমস্যাই দেখা দিয়ে । ইয়াৰ ফলত আমাৰ শৰীৰত ইলেক্ট্ৰলাইট অসন্তুলিত হৈ পৰে ।

ডিহাইড্ৰেশ্যন অত্যন্ত বিপদজনক হয় । গ্ৰীষ্মকালত এটি শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে এই সমস্যাৰ সন্মুখীন হয় ৷ গতিকে এই সমস্যাৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ দিনটোত পৰ্যাপ্ত পৰিমাণৰ পানী খাওঁক ৷ ডাৰ্মোস্ফেয়াৰ ক্লিনিকৰ সহ-প্ৰতিষ্ঠাপক, চৰ্মৰোগ বিশেষজ্ঞ এম.বি.বি.এছ., এম.ডি. ডাঃ দীপক জাখৰে ডিহাইড্ৰেশ্যনৰ লক্ষণ আৰু প্ৰতিৰোধ কৰিবলৈ কেইটামান পৰামৰ্শ আগবঢ়াইছে ৷

ডিহাইড্ৰেশ্যনৰ লক্ষণ-
1. ছালৰ সমস্যা
2. ফটা ওঁঠ
3. শুকান ছাল
4. বৰ্ধিত সংবেদনশীলতা
5. আঘাত আৰোগ্য হোৱাৰ বাবে অধিক সময় লোৱা

1. ছালৰ সমস্যা : যেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পানী নাপায়, তেতিয়া ছাল খহটা অনুভৱ হয় । ডিহাইড্ৰেশ্যনৰ ফলত, ছাল নিষ্প্ৰাণ হৈ পৰে ৷ ছালবোৰ সোটোৰা সোটোৰ পৰে ৷

2. ওঁঠ ফটা : ওঁঠ ফটা হৈছে ডিহাইড্ৰেশ্যন সমস্যাৰ প্ৰথম লক্ষণ । ওঁঠ খহটা হয় আৰু ফাটিবলৈ আৰম্ভ কৰে । ইয়াৰ লগতে, ওঁঠ ৰঙা সলনি হোৱাৰ লগতে শুকান হ’বলৈ ধৰে ।

3. শুকান ছাল : ডিহাইড্ৰেশ্যনত ভুগি থকা লোকসকলে ছালৰ উজ্জ্বলতা হেৰুৱাব পাৰে । ছাল ম্লান হৈ যায় ।

4. বৰ্ধিত সংবেদনশীলতা : ডিহাইড্ৰেশ্যনৰ ফলত ছালৰ জ্বলা-পোৰা হ'ব পাৰে । যেতিয়া ছালে পৰ্যাপ্ত পৰিমাণৰ পানী লাভ নকৰে, ই সংবেদনশীল হৈ পৰে ৷ খজুৱতি আৰু ৰঙা পৰাৰ দৰে সমস্যাৰ সৃষ্টি কৰে ।

5. আঘাত আৰোগ্য হোৱাৰ বাবে সময় ল’ব পাৰে : যদি আমাৰ শৰীৰত হোৱা আঘাত ভাল হ’বলৈ সময় লয় তেনেহ’লে ই ডিহাইড্ৰেশ্যনৰ সমস্যা হ’ব পাৰে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে ৷

ডিহাইড্ৰেশ্যনৰ সমস্যাৰ পৰা হাত সৰাৰ উপায় :

  • দিনটোত ঘনাই পাৰী সেৱন কৰক ৷
  • তৰমুজ, তিয়ঁহ, কমলা আৰু সেউজীয়া পাচলিৰ দৰে ফলসমূহ ছালাডৰ সৈতে খাব পাৰে ।
  • চৰ্বিসমৃদ্ধ খাদ্য খাব ।
  • আপোনাৰ ওঁঠত শ্বিয়া বাটাৰ বা নাৰিকল তেলৰ দৰে হাইড্ৰেটিং উপাদান প্ৰয়োগ কৰক ।
  • ইয়াৰ লগতে ডিহাইড্ৰেশ্যনৰ ফলত হোৱা ছালৰ সমস্যা নিৰাময় কৰিবলৈ গৰম পানীৰে গা ধোৱক ৷
  • আপোনাৰ ছালক ইউ ভি ৰশ্মিৰ পৰা সুৰক্ষিত কৰিবলৈ ছানস্ক্ৰীণ প্ৰয়োগ কৰিবলৈ নাপাহৰিব ।
  • কেফেইন আৰু সুৰা দুয়োটা পৰিহাৰ কৰক ৷

লগতে পঢ়ক : কেইবাখনো ৰাজ্যত হীটৱেভ এলাৰ্ট জাৰি: সুস্থ থাকিবলৈ মানি চলক এইসমূহ টিপছ - Summer Precautions

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.