ৰাজ্যত কমিব গৰম; ঘূৰ্ণীবতাহৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ সম্ভাৱনা - Weather report of Assam

By ETV Bharat Assamese Team

Published : May 24, 2024, 10:49 PM IST

thumbnail
বতৰৰ বতৰা (ETV Bharat Assam)

নিউজ ডেস্ক, 24 মে’: উৎকট গৰমে দহিছে ৰাজ্যৰ লগতে মহানগৰবাসীক । অৱশ্যে শনিবাৰৰ পৰা ৰাজ্যৰ লগতে মহানগৰবাসীয়ে গৰমৰ পৰা কিছু পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে । কিয়নো সাগৰপৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ আৰু ধুমুহাৰ প্ৰভাৱ পৰিব । এই আগজাননী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ । বতৰ বিজ্ঞানীয়ে জনোৱা মতে অহা 24 ঘন্টাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰৰ কিছু ৰাজ্যৰ লগতে অসমৰ কিছু কিছু ঠাইত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।  

বতৰ বিজ্ঞানৰ সতৰ্কবাণী অনুসৰি অহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ কিছু কিছু ঠাইত বিজুলী-ঢেৰেকনিৰ সম্ভাৱনা আছে । কাইলৈ অৰ্থাৎ 25 মে’ৰ দিনা নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহাৰ আহিব যদিও অসম আৰু মেঘালয়ৰ কিছু কিছু ঠাইত মজলীয়া বৰষুণ আৰু বিজুলী-ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে ।  

লগতে পঢ়ক: উৎকট গৰম : শুকুৰবাৰে গুৱাহাটীত বছৰটোৰ সৰ্ব্বোচ্চ তাপমাত্ৰা - Weather Forecast Of Assam

ঠিক তেনেদৰে অহা 26 মে’ত উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত 40/50 কিলোমিটাৰ গতিবেগত ধুমুহাৰ অহাৰ লগতে অসম আৰু মেঘালয়ৰ কোনো কোনো ঠাইত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহাৰ লগতে ধাৰাসাৰ বৰষুণ হ’ব ।  

অহা 27 মে’ত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত 60/70 কিলোমিটাৰ গতিবেগত ধুমুহা হোৱাৰ লগতে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে । অহা 28 মে’ত ধুমুহা কিছু হ্ৰাস পাব যদিও অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহা হোৱাৰ লগতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞানীয়ে । তাৰ মাজতে আজিৰে পৰা আগন্তুক 5 দিনলৈ ৰাজ্যৰ কিছু কিছু ঠাইত হ’ব মজলীয়া বৰষুণ হ’ব । আজি গুৱাহাটীৰ তাপমান আছিল 39.4 ডিগ্ৰী চেলছিয়াছ । 

লগতে পঢ়ক: ঘৰৰ পৰা বাহিৰলৈ নোলাব : 39 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হৈছে তাপমাত্ৰা - weather forecast of Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.