ETV Bharat / state

উৎকট গৰম : শুকুৰবাৰে গুৱাহাটীত বছৰটোৰ সৰ্ব্বোচ্চ তাপমাত্ৰা - Weather Forecast Of Assam

Assam Weather Report : আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা 40 ডিগ্ৰী চেলচিয়াছৰ ঘৰ চুইছে ৷ আগন্তুক 48 ঘন্টাৰ ভিতৰত অসমৰ প্ৰায়বোৰ ঠাইতে সৰ্ব্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 5.7 ডিগ্ৰী চেলছিয়াছ অধিক হোৱাৰ সম্ভাৱনা আছে ৷

Assam Weather Report
আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : May 24, 2024 at 4:38 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, 24 মে': ৰাজ্যত ব্যাপক মাত্ৰাত বৃদ্ধি পাইছে গৰম ৷ আজিৰ দিনটো গুৱাহাটীত বছৰটোৰ সৰ্বাধিক গৰমৰ দিন‌ হিচাপে চিহ্নিত হৈছে ৷ ৰ'দ তথা গৰমৰ অস্বাভাৱিক উত্তাপত গুৱাহাটীত মানুহ ৰাজপথত ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা 40 ডিগ্ৰী চেলচিয়াছৰ ঘৰ চুইছে ৷ এয়া বছৰটোৰ‌ এতিয়ালৈকে সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা ৷ মে' মাহতে এই অৱস্থা, জুন আৰু জুলাই মাহত গৰমে কি ৰূপ ল'ব সেয়া সকলোৰে বাবে এতিয়া চিন্তাৰ বিষয় হৈ ‌পৰিছে ৷

Assam Weather Report
ৰাজ্যত ব্যাপক মাত্ৰাত বৃদ্ধি পাইছে গৰম (ETV BHARAT ASSAM)

তথ্য মতে আজিৰ দিনটোত গুৱাহাটী বিমানবন্দৰ এলেকাত সৰ্বোচ্চ তাপমাত্ৰা 39 ডিগ্ৰী চেলচিয়াছ আৰু গুৱাহাটী আই আই টি এলেকাত সৰ্বোচ্চ তাপমাত্ৰা 39 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড হৈছে ৷ ‌ইফালে আজিও ৰাজ্যত উৎকট গৰমৰ আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ আগন্তুক 48 ঘন্টাৰ ভিতৰত অসমৰ প্ৰায়বোৰ ঠাইতে উৎকট গৰম আৰু আৰ্দ্ৰতা বেছি হোৱাৰ কথা‌ সদৰী‌ কৰিছে বতৰ‌ বিজ্ঞান কেন্দ্ৰই ৷ বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে দিনৰ‌ ভাগত প্ৰকাশ কৰা‌ মতে, আগন্তুক 48 ঘন্টাৰ ভিতৰত অসমৰ প্ৰায়বোৰ ঠাইতে সৰ্ব্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 5.7 ডিগ্ৰী চেলছিয়াছ অধিক হোৱাৰ সম্ভাৱনা আছে ৷

Assam Weather Report
উৎকট গৰমৰ আগজাননী (ETV BHARAT ASSAM)

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে বিগত 24 ঘণ্টাত অসমৰ সকলো ঠাইতে সৰ্বোচ্চ তাপমাত্ৰা 36 ডিগ্ৰী অতিক্ৰম কৰিছিল ৷ এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 5.0 ডিগ্ৰী চেলছিয়াছ বা তাতকৈ বেছি আছিল আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিকতকৈ 1.6 ডিগ্ৰী চেলছিয়াছৰ পৰা 3.1 ডিগ্ৰী চেলছিয়াছ বেছি আছিল ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৰাজ্যখনৰ আজিৰ নূন্যতম সৰ্বনিম্ন তাপমাত্ৰা উত্তৰ লক্ষীমপুৰত 21.8 ডিগ্ৰী চেলছিয়াছ আৰু বৃহস্পতিবাৰৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা তেজপুৰত 39.5 ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড হৈছিল ৷

তথ্য মতে বৃহস্পতিবাৰে গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা 38.2 ডিগ্ৰী চেলচিয়াছ, ডিব্ৰুগড়ত 37.9 ডিগ্ৰী চেলছিয়াছ , শিলচৰত 39.2 ডিগ্ৰী চেলছিয়াছ , ধুবুৰীত 37.00 ডিগ্ৰী চেলছিয়াছ , যোৰহাটত 37.2 ডিগ্ৰী চেলছিয়াছ আৰু উত্তৰ লখিমপুৰত 38.2 ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড হৈছিল ৷ ইফালে বতৰৰ আগজাননী দি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে 27 মে'ত অসমত প্ৰৱলৰ পৰা প্ৰৱল‌ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ 27 মে'ত অসমত ঘণ্টাত 64.5-204.4 মিলি মিটাৰৰ সৈতে প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : ঘৰৰ পৰা বাহিৰলৈ নোলাব : 39 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হৈছে তাপমাত্ৰা - Weather Forecast Of Assam