ETV Bharat / state

ঘৰৰ পৰা বাহিৰলৈ নোলাব : 39 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হৈছে তাপমাত্ৰা - weather forecast of Assam

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 9:05 PM IST

Updated : May 23, 2024, 9:51 PM IST

Assam weather report : ৰাজ্যত ইতিমধ্যে বৃদ্ধি পাইছে গ্ৰীষ্মপ্ৰবাহ ৷ অনাগত 72 ঘণ্টাত অসমৰ প্ৰায় অঞ্চলত সৰ্ব্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ ৫.৭ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হ’ব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে ৷

WEATHER FORECAST OF ASSAM
ঘৰৰ পৰা বাহিৰলৈ নোলাব : প্ৰায় 39 ডিগ্ৰী ছেলছিয়ালৈ বৃদ্ধি হ’ব তাপমাত্ৰা (etv bharat assam)

গুৱাহাটী/তেজপুৰ, ২৩ মে': ৰাজ্যত গ্ৰীষ্মদাহ ৷ ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত একপ্ৰকাৰ স্থৱিৰ হৈ পৰিছে দৈনন্দিন জনজীৱন ৷ চলিত বৰ্ষত মে' মাহতেই জুন-জুলাই মাহৰ নিচিনাকৈ তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ৷

Assam weather report
বৰষুণৰ সম্ভাৱনা (etv bharat assam)

এইবাৰ ৰাজ্যত পুনৰ উৎকট গৰমৰ আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । অহা ৭২ ঘন্টাৰ ভিতৰত অসমৰ প্ৰায়বোৰ ঠাইতে উৎকট গৰম আৰু আদ্ৰতা বেছি হ’ব বুলি সদৰী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, বৃহস্পতিবাৰে দিনৰ‌ ভাগত অসমৰ প্ৰায়বোৰ ঠাইতে সৰ্ব্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ ৫.৭ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হয় । যোৱা ২৪ ঘণ্টাত অসমৰ দুই এঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হৈছিল । এই সময়ছোৱাত সর্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৫.০ ডিগ্রী চেলছিয়াছ বা তাতকৈ বেছি আছিল আৰু সৰ্বনিম্ন তাপমাত্রা স্বাভাৱিকতকৈ ১.৬ ডিগ্রী চেলছিয়াছৰ পৰা ৩.১ ডিগ্ৰী চেলছিয়াছ বেছি আছিল ।

Assam weather report
বতৰৰ বতৰা (etv bharat assam)

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ৰাজ্যত বৃহস্পতিবাৰৰ ন্যুনতম তাপমাত্ৰা লখিমপুৰত ২১.৮ ডিগ্ৰী চেলছিয়াছ আৰু বুধবাৰৰ দিনটোত সৰ্বাধিক তাপমাত্রা ওদালগুৰি জিলাৰ মাজবাটত ৩৯.৮ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি হৈছিল ৷

Assam weather report
বতৰৰ বতৰা (etv bharat assam)

আনহাতে, বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, অহা ২৬ আৰু ২৭ মে'ত অসমৰ দুই এঠাইত ঘণ্টাত ৩০-৪০ কি: মি: গতিবেগত বতাহৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ লগতে অহা ২৭ মে’ত অসমৰ দুই এঠাইত ঘণ্টাত ৪০-৫০ কি: মি: গতিবেগত বতাহৰ সৈতে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ বিভিন্ন ঠাইত ধুমুহা/বিজুলী আৰু বতাহৰ সম্ভাৱনা অতি বেছি ৷ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই কমলা ৰঙৰ সতৰ্কতা জাৰি কৰিছে ৷

Assam weather report
বতৰৰ বতৰা (etv bharat assam)

এই সময়ছোৱাত ৰাজ্যৰ সৰ্বাধিক তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ ৷ বৃহস্পতিবাৰে মাজবাটত ৩৯.৮ ডিগ্ৰী চেলছিয়াছ , লামডিঙত ৩৯.৪ ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড় চহৰত ৩৯.৪ ডিগ্ৰী চেলছিয়াছ, ডিফুত ৩৯.৩ ডিগ্ৰী চেলছিয়াছ, কামপুৰত ৩৮.১ ডিগ্ৰী চেলছিয়াছ , গুৱাহাটীত ৩৭.৬ ডিগ্ৰী চেলছিয়াছ , লখিমপুৰত ৩৭.৬ ডিগ্ৰী চেলছিয়াছ , তেজপুৰত ৩৭.৫ ডিগ্ৰী চেলছিয়াছ, শিলচৰত ৩৭.২ ডিগ্ৰী চেলছিয়াছ, গুৱাহাটী বিমানবন্দৰত ৩৬.৫ ডিগ্ৰী চেলছিয়াছ, গোলাঘাটত ৩৬.০ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩৫.৭ ডিগ্ৰী চেলছিয়াছ, কৰিমগঞ্জত ৩৫.৬ ডিগ্ৰী চেলছিয়াছ, শিলচৰত ২৬.৮ ডিগ্ৰী চেলছিয়াছ , গোৱালপাৰাত ২৬.৬ ডিগ্ৰী চেলছিয়াছ, বৰপেটাত ২৬.৪ ডিগ্ৰী চেলছিয়াছ , মাজবাটত ২৬.০ ডিগ্ৰী চেলছিয়াছ, বঙাইগাঁৱত ২৬.০ ডিগ্ৰী চেলছিয়াছ , তেজপুৰত ২৫.৭ ডিগ্ৰী চেলছিয়াছ , ডিব্ৰুগড়ত ২৫.৬ ডিগ্ৰী চেলছিয়াছ , লামডিঙত ২৫.৫ ডিগ্ৰী চেলছিয়াছ , ডিব্ৰুগড় বিমানবন্দৰত ২৫.২ ডিগ্ৰী চেলছিয়াছ, হাফলঙত ২৫.২ ডিগ্ৰী চেলছিয়াছ, সোণাপুৰত ২৪.৭ ডিগ্ৰী চেলছিয়াছ , যোৰহাটত ২৩.৭ ডিগ্ৰী চেলছিয়াছ হয় গৰমৰ মাত্ৰা ৷

লগতে পঢ়ক: কেইদিনমানলৈ চাটি-ফুটি কৰিব নালাগে গৰমত; বিজুলী-ঢেৰেকনিৰে আহিব বৰষা - Weather forecast

Last Updated : May 23, 2024, 9:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.