ETV Bharat / state

বেংগালুৰুত কিদৰে মৃত্যু হ’ল সোণাৰিৰ প্ৰণৱৰ ? - Assam Youth Death In Bengaluru

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 11:00 PM IST

Sonari Youth dead in Bengaluru : এইবাৰ সোণাৰিৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু বাংগালুৰুত ৷ অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে ঘৰখনত ৷

Sonari Youth dead in Bengaluru
বেংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু সোণাৰিৰ যুৱকৰ (ETV Bharat Assam)

ডিব্ৰুগড়, 24 এপ্ৰিল : কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ গৈ বিভিন্ন সময়ত বহুলোক সন্ধানহীন হোৱাৰ বাতৰি সঘনাই আহিবলৈ লৈছে ৷ সমান্তৰালকৈ বহিঃৰাজ্যত একাংশ লোক নিৰ্যাতনৰ সন্মুখীন হোৱাৰ খবৰ লাভ কৰা যায় ৷

বেংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু সোণাৰিৰ যুৱকৰ (ETV Bharat Assam)

এনেবোৰ খবৰে অসমৰ ৰাইজক ব্যথিত কৰি থকাৰ সময়তে পুনৰ বহিঃৰাজ্যত কৰ্মৰত যুৱকৰ ৰহস্যজনক মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ ৪ নং ৱাৰ্ডৰ প্ৰণৱ কন্দ নামৰ ২৫ বছৰীয়া যুৱকজন কৰ্মৰ সন্ধানত বাংগালুৰুত আছিল ৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি মৃত্যুৰ আগদিনালৈকে প্ৰণৱ কন্দই মাতৃৰ সৈতে সুস্থভাৱে কথা-বতৰা চলি আছিল ৷ কিন্তু ৰহস্যজনকভাৱে এদিনৰ পিছতে যুৱকজনৰ মৃত্যু হোৱাত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত ৷ যুৱকজনক কোঠাত অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ সতীৰ্থসকলে লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

ইফালে যুৱকজনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই সোণাৰিৰ পৰিয়ালটোৱে ৷ কিয়নো মৃত্যুৰ আগদিনালৈকে মাতৃৰ সৈতে সুস্থ পুত্ৰৰ বাৰ্তালাপ হয় আৰু এদিনৰ পিছতেই অৰ্থাৎ ২১ মে’ত যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ খবৰ সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালটোৱে ৷ সেয়েহে অসহায় মাতৃগৰাকীয়ে পুত্ৰৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাইছে ।

আনহাতে ইয়াৰ পূৰ্বে পানীখাইতি তামোলবাৰী অঞ্চলৰ ৰামু ছেত্ৰী নামৰ এগৰাকী যুৱকজনকো ঝাৰখণ্ডত দুৰ্বৃত্তই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল । হত্যাৰ বলি হোৱা যুৱকজনে কামৰ সন্ধানত গৈছিল ঝাৰখণ্ডলৈ । কিন্তু দুদিন পিছতে ৰামু ছেত্ৰীৰ মৃতদেহ ঝাৰখণ্ডৰ হাবিৰ মাজত পৰি থকাৰ খবৰ লাভ কৰা যায় ।

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চপাৰ পিছতে মৃতদেহটো ঝাৰখণ্ডৰ পৰা উদ্ধাৰৰ চেষ্টা কৰে ।

লগতে পঢ়ক: ঝাৰখণ্ডৰ জংঘলত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.