ETV Bharat / health

বৃষ ৰাশিত বিৰাজ কৰিছে বৃহস্পতি, শুক্ৰই: সাফল্যৰ মুখ দেখিব এই ৭টা ৰাশিৰ জাতক-জাতিকাই - Jupiter Venus conjunction in Taurus

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 8:52 PM IST

বৃহস্পতি আৰু শুক্ৰই বৃষ ৰাশিত বিৰাজ কৰাৰ ফলত বহুকেইটা ৰাশিত কিছু পৰিবৰ্তন হ’বলৈ গৈ আছে ৷ ১৯ মে’ৰ পুৱা ৮ বাজি ৪২ মিনিটত মেষ ৰাশিত নিজৰ যাত্ৰা সমাপ্ত কৰি বৃষ ৰাশিত প্ৰৱেশ কৰিছে এই গ্ৰহই ৷ গ্ৰহৰ এই পৰিবৰ্তনৰ ফলত তলত উল্লেখিত এই ৭টা ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিবলৈ গৈ আছে ৷ সবিশেষ পঢ়ক....

Jupiter and Venus conjunction in Taurus: These Zodiac Signs Will See Massive Growth
বৃষ ৰাশিত বিৰাজ কৰিছে বৃহস্পতি, শুক্ৰই; সাফল্যৰ মুখ দেখিব এই ৭টা ৰাশিৰ জাতক-জাতিকাই (ETV BHARAT ASSAM)

বৃহস্পতি আৰু শুক্ৰই একেলগে বৃষত বিৰাজ কৰাৰ ফলত বহুকেইটা ৰাশিত কিছু পৰিবৰ্তন হ’বলৈ গৈ আছে ৷ ১৯ মে’ৰ পুৱা ৮ বাজি ৪২ মিনিটত মেষ ৰাশিত নিজৰ যাত্ৰা সমাপ্ত কৰি বৃষ ৰাশিত প্ৰৱেশ কৰিছে এই গ্ৰহই ৷ ১২ জুনৰ সন্ধিয়া ৬ বাজি ২৯ মিনিট পর্যন্ত এই ৰাশিত বিচৰণ কৰিব শুক্ৰই ৷ তাৰ পিছতেই মিথুনত প্ৰৱেশ কৰিব ৷ বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ ৷ যি ৰাশিৰ জাতকৰ কোষ্ঠীত শুক্ৰ যোগকাৰক তেওঁলোকৰ বাবে এই সময় কোনো আশীৰ্বাদতকৈ কম নহয় ৷ আকৌ বৃষ ৰাশিত মালব্য ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই ৷ গ্ৰহৰ এই পৰিবৰ্তনৰ ফলত তলত উল্লেখিত এই 7টা ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিবলৈ গৈ আছে ৷ সবিশেষ পঢ়ক....

মিথুন ৰাশি

বৃহস্পতি, শুক্ৰই বৃষ ৰাশিত বিৰাজ কৰাৰ ফলত অগ্ৰত্যাশিত সুখকৰ পৰিণাম লাভ কৰিব মিথুন ৰাশিৰ জাতকে ৷ বিলাসিতাপূর্ণ বস্তুৰ বাবে অধিক ধন ব্যয় কৰিব ৷ বিদেশী কোম্পানীত নাগৰিকত্বৰ বাবে চেষ্টা কৰি থকাসকল সফল হ'ব ৷ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ বাবে বিদেশ যাত্ৰাৰ চেষ্টা কৰিব পাৰে ৷ মাটি-সম্পত্তি সংক্ৰান্তীয় গোচৰৰ সমাধান হ'ব ! ঘৰ-গাড়ী ক্ৰয় কৰাৰ বাবে এই সময় শুভ ৷

কর্কট ৰাশি

বৃহস্পতি, শুক্ৰই বৃষ ৰাশিত বিৰাজ কৰাৰ ফলত শুভ ফলাফল লাভ কৰিব ৷ উচ্চাধিকাৰীসকলৰ সৈতে সম্পর্ক মজবুত হ'ব ৷ পৰিয়ালৰ জ্যেষ্ঠ সদস্য আৰু ভাতৃসকলৰ সহযোগিতা লাভ কৰিব ৷ আয়ৰ উৎস বৃদ্ধি পাব এই সময়ত ৷ বহুদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ'ব ৷ চৰকাৰী বিভাগৰ কোনো কাম ৰৈ থাকিলে সাফল্য লাভ কৰিব ৷ নতুন চুক্তি স্বাক্ষৰ কৰিবৰ বাবে এই সময় শুভ ৷

সিংহ ৰাশি

বৃহস্পতি, শুক্ৰই বৃষ ৰাশিত বিৰাজ কৰাৰ ফলত আপোনাৰ সামাজিক পদ-প্ৰতিষ্ঠা বৃদ্ধি পাব ৷ ইয়াৰোপৰি নতুন দায়িত্ব পালনৰ সুযোগ লাভ কৰিব মাটি সম্পর্কীয় কোনো গোচৰ থাকিলে এই সময়ত সমাধান হ'ব ৷ স্বাস্থ্যৰ প্ৰতি চিন্তিত থাকিব ৷ বাহন ক্ৰয় কৰিব পাৰে ৷ পৰিকল্পনা গোপনে ৰাখি কাম কৰিলে অধিক সাফল্য লাভ কৰিব ৷

মীন ৰাশি

বৃহস্পতি, শুক্ৰই বৃষ ৰাশিত বিৰাজ কৰাৰ ফলত বিৰাজ কৰাৰ ফলত আপুনি যিমানেই পৰিশ্ৰম কৰিব সিমানেই ফল পাব ৷ ভাগ্যৰ উন্নতি হ’ব ৷ সমাজত আপোনাৰ সন্মান বৃদ্ধি হ’ব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷ কোনো বিদেশী কোম্পানীত চাকৰি লাভ কৰিব পাৰে ৷

মেষ ৰাশি

বৃহস্পতি, শুক্ৰই বৃষ ৰাশিত বিৰাজ কৰাৰ ফলত মেষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিত মজবুত হ’ব ৷ বাণী কৌশলৰ জোৰত কঠিন পৰিস্থিতিও সহজে নিয়ন্ত্ৰণত আনিব পাৰিব ৷ সামাজিক প্ৰভাৱ বাঢ়িব ৷ পৰিয়ালৰ লোকৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে ৷ অবিবাহিত জাতকৰ বিবাহৰ দিন ঠিক হ'ব ৷ বাওঁ চকুৰ সমস্যা হ'ব পাৰে ৷ নিজৰ পৰিকল্পনা গোপনে ৰাখক ৷ আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব ৷

বৃষ ৰাশি

বৃহস্পতি, শুক্ৰই বৃষ ৰাশিত বিৰাজ কৰাৰ ফলত আপোনাৰ সমস্ত ৰণনীতি কার্যকৰী প্ৰমাণিত হ'ব ৷ কেন্দ্ৰ অথবা ৰাজ্যৰ চৰকাৰী বিভাগৰ প্ৰতিক্ষিত কাম সম্পন্ন হ'ব ৷ সাফল্য লাভ সম্ভৱ ৷ সন্তানৰ দায়িত্ব পূৰণ কৰিব ৷ বিবাহৰ আলোচনাত সফল হ'ব ৷ নব দম্পত্তিয়ে সন্তান লাভ কৰিব পাৰে ৷

কন্যা ৰাশি

বৃহস্পতি, শুক্ৰই বৃষ ৰাশিত বিৰাজ কৰাৰ ফলত প্ৰভাৱ কন্যা ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ'ব ৷ ধর্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব ৷ সাহস আৰু পৰাক্ৰমৰ জোৰত সহজেই কঠিন পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব ৷

লগতে পঢ়ক: বুধ গ্ৰহৰ পৰিৱৰ্তনত কপাল ফুলিব এই কেইটা ৰাশিৰ জাতক-জাতিকাৰ - Grah Gochar 2024 May

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.