ETV Bharat / health

কেইবাখনো ৰাজ্যত হীটৱেভ এলাৰ্ট জাৰি: সুস্থ থাকিবলৈ মানি চলক এইসমূহ টিপছ - Summer Precautions

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 11:24 AM IST

Summer Precautions : দেশৰ ভিন্ন ৰাজ্যত চলিত সপ্তাহত বৃদ্ধি হ’ব উৎকত গৰম ৷ বতৰ বিজ্ঞান বিভাগৰ ভৱিষ্যতবাণী ৷ হীট ৱেভৰ পৰা সাৱধানতা অৱলম্বন কৰিবলৈ চিকিৎসকৰ বিশেষ টিপছ ৷ পঢ়ক সবিশেষ...

Summer Precautions
কেইবাখনো ৰাজ্যত হীটৱেভ এলাৰ্ট জাৰি: সুস্থ থাকিবলৈ মানি চলক এইসমূহ টিপছ

নেশ্যনেল ডেস্ক, 8 এপ্ৰিল : চলিত বৰ্ষত দেশৰ কেইবাখনো ৰাজ্যত উৎকত গৰমে অভিলেখ ভংগ কৰিছে ৷ ইতিমধ্যে কেইবাখনো ৰাজ্যত হীটৱেভৰ ফলত সতৰ্কতাবাণী জাৰি কৰা হৈছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ IMD য়ে আগন্তুক সপ্তাহত কেইবাখনো ৰাজ্যত তাপমাত্ৰা 39 পৰা 40 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হ’ব বুলি ভৱিষ্যতবাণী কৰিছে ।

ইতিমধ্যে বিহাৰ, ওড়িশা, মহাৰাষ্ট্ৰ আৰু কেৰালাকে ধৰি দেশৰ কেইবা ঠাইত হীটৱেভৰ সন্মুখীন হৈছে । ইয়াৰ লগে লগে চিকিৎসকে তাপ-সম্পৰ্কীয় ৰোগৰ পৰা বাচি থাকিবলৈ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে ।

বৈশালীৰ মেক্স হাস্পতালৰ মেডিচিন (Medicine) ৰ জ্যেষ্ঠ পৰামৰ্শদাতা পংকজ চৌধুৰীয়ে হীটৱেভ সম্পৰ্কীয়ে ৰোগৰ সন্দৰ্ভত কয়, "সাৱধান হওক । মূৰ ঘূৰোৱা, গৰম, তিতি থকা ছাল আদিৰ দৰে লক্ষণবোৰৰ প্ৰতি নজৰ ৰাখিব । মনত ৰাখিব, এই গৰম প্ৰাণঘাতী হ'ব পাৰে ৷ বিশেষকৈ দুৰ্বল লোকসকলৰ বাবে । আহক আমি এই পৰিৱৰ্তনশীল বতৰৰ পৰিস্থিতিৰ সৈতে খাপ খাই নিজকে সুস্থ ৰাখো ।"

বিগত সপ্তাহৰ আৰম্ভনিতে স্বাস্থ্য মন্ত্ৰণালয়ে দেশত হীট ৱেভ সম্পৰ্কীয় ৰোগৰ বাবে জনস্বাস্থ্য প্ৰস্তুতি সম্পৰ্কে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে ৷ বৈঠকৰ অধ্যক্ষতা কৰা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই X ত উল্লেখ কৰে, "প্ৰতিৰোধমূলক ব্যৱস্থাৰ ক্ষেত্ৰত মানুহৰ মাজত সময়মতে, অগ্ৰগতি আৰু ব্যাপক সজাগতাই, এনে গৰমৰ গুৰুতৰ প্ৰভাৱ হ্ৰাস কৰাত যথেষ্ট সহায় কৰিব ৷ শীতল হৈ থাকক, সুৰক্ষিত থাকক। মনত ৰাখিব, হীটৱেভ সম্পৰ্কীয় ৰোগবোৰৰ পৰা বাচি থাকিবলৈ অলপ সাৱধানতা অৱলম্বন কৰক ।"

ইফালে, চিকিৎসকসকলে লোকসকলক গৰমৰ পৰা বাচি থাকিবলৈ যথেষ্ট পৰিমাণে পানীয় সেৱন কৰি নিজক হাইড্ৰেট কৰি ৰাখিবলৈ পৰামৰ্শ দিছে ৷ আনকি কাৰোবাৰ পিঁয়াহ নালাগিলেও পানী অথবা পানীয় সেৱন কৰি থাকিবলৈ গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷

গুৰুগ্ৰামৰ মাৰেংগো এছিয়া চিকিৎসালয়ৰ মেডিচিন (Medicine) ৰ জ্যেষ্ঠ পৰামৰ্শদাতা মোহন কুমাৰ সিঙে কয়, "যিহেতু গ্ৰীষ্মকালত হীটৱেভৰ আশংকা থাকে, সেয়েহে নিজকে সুৰক্ষিত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ । নিজৰে পাৰ্যমানে হাইড্ৰেটেড কৰি ৰাখক ৷ আপুনি শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিলেই হীটৱেভ সম্পৰ্কীয় ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰিব ৷ যেতিয়াই ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় লগত পানীৰ বটল লৈ যাব ৷"

"মনত ৰাখিব, ডিহাইড্ৰেশ্যনৰ ফলত গুৰুতৰ বিপদাশংকা থাকে, সেয়েহে যিমান পাৰে হাইড্ৰেটেড হৈ থাকিব আৰু আপোনাৰ সুস্থতাৰ বাবে নিয়মীয়াকৈ পানী খাব । অত্যাধিক গৰমৰ সময়ত কঠোৰ ব্যায়াম পৰিহাৰ কৰিব আৰু ঢিলা, পাতল ৰঙৰ পোছাক পৰিধান কৰিব ৷" তেওঁ কয় ৷

লগতে পঢ়ক : তামোল-পাণ-গুটখা খোৱাৰ ফলত দাঁতৰ কি কি সমস্যা হ'ব পাৰে? - Side effect of tobacco

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.