ETV Bharat / health

তামোল-পাণ-গুটখা খোৱাৰ ফলত দাঁতৰ কি কি সমস্যা হ'ব পাৰে? - Side effect of tobacco

Side effect of tobacco: তামোল-পাণ-গুটখা আদি কিমান অপকাৰী ? ই আমাৰ দাঁতৰ বা মুখৰ ভিতৰত কি কি ৰোগ সৃষ্টি কৰিব পাৰে এই সম্পৰ্কে জনালে জ্যেষ্ঠ চিকিৎসক দিলীপ শেঠীয়াই ...

WHAT DENTAL PROBLEMS CAN BE CAUSED BY EATING GUTKHA
তামোল-পাণ-গুটখা আদি খোৱাৰ ফলত দাঁতৰ কি কি সমস্যা হ'ব পাৰে?
author img

By ETV Bharat Assamese Team

Published : April 7, 2024 at 4:30 PM IST

2 Min Read
Choose ETV Bharat
তামোল-পাণ-গুটখা আদি খোৱাৰ ফলত দাঁতৰ কি কি সমস্যা হ'ব পাৰে?

গুৱাহাটী, 7 এপ্ৰিল : বৰ্তমান সময়ত বেছি ভাগ মানুহেই তামোল-পাণ-গুটখা আদি ধঁপাতযুক্ত পেকেট খোৱা দেখা যায় । প্ৰথম অৱস্থাত এয়া বন্ধু লগত পৰি খোৱা যায় যদিও লাহে লাহে ই কেতিয়া এক অভ্যাসত পৰিণত হয় সেয়া ব্যক্তিয়ে গমেই নাপায় । কেতিয়াবা এনে ব্যক্তিয়ে মুখৰ গোন্ধ দূৰ কৰিবলৈ এই সমূহ খাই, কিছুমানে আকৌ অনুসন্ধিৎসু মনৰ বাবে এই অভ্যাসৰ বশৱৰ্তী হয় ৷ তাৰ পিচতেই এই গুটখাই তথা ধঁপাতযুক্ত সামগ্ৰীৰ গ্ৰাসত এজন ব্যক্তি দিনক দিনে বেয়াৰ পৰা বেয়া পৰ্যায়ত উপনীত হয় ৷

এই সন্দৰ্ভত জ্যেষ্ঠ চিকিৎসক দিলীপ শেঠীয়াই ইটিভি ভাৰতক কয় যে, এনে ব্যক্তি চিকিৎসকৰ ওচৰত যেতিয়া আহি কয়, তেওঁলোকৰ দাঁতৰ এনামেলটো পাতল হৈছে , লগতে কিবা খাদ্য খালে তাৰ ভিতৰত সোমাই যায় । ই আপোনাৰ দাঁতৰ ওপৰত যে প্ৰয়োজনতকৈ বেছি অত্যাচাৰ হৈ থকাৰ এই এক প্ৰথম ইংগিত।

ডাঃ শেঠীয়াই কয় যে, অত্যাধিক গুটখা বা তামোল খোৱাৰ বাবে দাঁতৰ এনামেলটো পাতল হৈ যায় বা নাইকিয়া হ'বলৈ আৰম্ভ কৰে যাৰ ফলত কিবা বস্তু খালে তাৰ ভিতৰত সোমাই যায় । এই সমূহ অত্যাধিক সেৱনৰ ফলত আমাৰ দাঁতৰ মাজৰ যিটো যোগসূত্ৰ সেইটো নোহোৱা হৈ যায় । যাৰ ফলত তামোল, গুটখা আদি দাঁতৰ মাজত ৰৈ যায় । বহুতে এইবোৰ দাঁতৰ মাজৰ পৰা খুচৰি-খুচৰি উলিয়াই থাকে। বহুতেটো সেই গুটখাৰ পেকেটোৰেও খুচৰি থাকে । এনকৈ খুচৰি থকাৰ বাবে দুটা দাঁতৰ মাজৰ যিটো ব্যৱধান সেইটো বৃদ্ধি পায় । ইয়াৰোপৰি দাঁতৰ আলু পৰ্যন্ত ফুলি যায়, দাঁতৰ পৰা তেজ ওলাবলৈ ধৰে।

গুটখা-তামোল আদিৰ ফলত সঘনাই আলচাৰৰ বা ঘাঁৰ সমস্যাও হ'ব পাৰে । তাৰফলত Oral submucous fibrosis আদিৰ সমস্যা হ'ব পাৰে । মুখৰ ভিতৰ কেতিয়াবা বগা বগা গুটি উঠা দেখা পোৱা যায় । ইয়াৰ চিকিৎসা সোনকালে নকৰিলে ই বিপদজ্জনক হ'ব পাৰে। বহুতে ইয়াক অৱহেলাও কৰা দেখা যায় । এই সমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হলে গুটখা বা তামোল পান খোৱাৰ যি অভ্যাস বাদ দিব লাগে বুলি আহ্বান জনায় জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে ৷

লগতে পঢ়ক: বিশ্ব স্বাস্থ্য দিৱস: সুস্থ স্বাস্থ্যৰ বাবে এইসমূহ অভ্যাস পৰিহাৰ কৰক - World Health Day 2024