ETV Bharat / state

ৰাজ্যত অপৰিৱৰ্তিত বান বিভীষিকা; 25 জন লোকৰ মৃত্যু - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 10:20 AM IST

Assam Flood situation : বাৰিষাৰ প্ৰথমটো বানতে ৰাজ্যৰ 8 খনকৈ জিলা বুৰ গৈছে পানীৰ তলত ৷ এই বান বিভীষিকাৰ ফলত একপ্ৰকাৰ আতংকিত হৈ পৰিছে সাধাৰণ ৰাইজৰ মনত ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ আঠখন জিলা সম্প্ৰতি বানৰ কবলত পৰিছে ৷ এই বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ চাওক আমাৰ এই প্ৰতিবেদনত ৷

Assam Flood situation
ৰাজ্যত অপৰিৱৰ্তিত বান বিভীষিকা; 25 জন লোকৰ মৃত্যু (Etv Bharat)

নিউজ ডেস্ক, 6 জুন : বিগত কেইবাদিন ধৰি ৰাজ্যত হৈ আছে ধাৰাষাৰ বৰষুণ ৷ নেৰানেপেৰা বৰষুণৰ বাবে ফেনে ফোটোকাৰে ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ নদীৰ বক্ষ ৷ বাৰিষাৰ প্ৰথমটো বানত ইতিমধ্যে প্লাবিত হৈছে ৰাজ্যৰ কেবাখনো জিলা ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই বানত ইতিমধ্যে 25 জন লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া তথ্য অনুসৰি, বুধবাৰে বানৰ ফলত 1 জন লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে ৷ সম্প্ৰতি ৰাজ্যৰ আঠখন জিলা বাঢ়নি পানীত বুৰ গৈছে ৷ সেইকেইখন হ’ল- কাছাৰ, কৰিমগঞ্জ, মৰিগাঁও, হোজাই, নগাঁও, ডিমা-হচাও, হাইলাকান্দি আৰু পশ্চিম কাৰ্বি আংলং ৷

এই আঠখন জিলাৰ 19 টা ৰাজহ চক্ৰ বানত ক্ষতিগ্ৰস্ত হৈছে ৷ সেইকেইটা হ’ল -

  • কাছাৰৰ 5 টা ৰাজহ চক্ৰ - শিলচৰ, কাটিগড়া, উধাৰবন্দ, লক্ষীপুৰ, সোনাই
  • ডিমা-হাচাওৰ 1 টা ৰাজহ চক্ৰ- হাফলং
  • হাইলাকান্দিৰ 2 টা ৰাজহ চক্ৰ - আলগাপুৰ, হাইলাকান্দি
  • হোজাইৰ 3 টা ৰাজহ চক্ৰ - ডবকা, হোজাই, লংকা
  • পশ্চিম কাৰ্বি আংলঙৰ 1 টা ৰাজহ চক্ৰ -ডংকামোকাম
  • কৰিমগঞ্জৰ 2 টা ৰাজহ চক্ৰ - পাথাৰকান্দি, নীলামবজাৰ
  • মৰিগাঁৱৰ 2 টা ৰাজহ চক্ৰ - মৰিগাঁও, মায়ং
  • নগাঁৱৰ 3টা ৰাজহ চক্ৰ - ৰহা, কামপুৰ, নগাঁও

বানত ক্ষতিগ্ৰস্ত শস্যভূমি আৰু জনসংখ্যা : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, আঠখন জিলাৰ 5055.6 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ৷

বানৰ কৱলত দুই লক্ষাধিক জনতা: আঠ জিলাৰ মুঠ 246813 জনসংখ্যা বানৰ কবলত পৰিছে ৷ ইয়াৰে 98268 জন পুৰুষ, 81148 গৰাকী মহিলা আৰু 67397 টা শিশু আছে ৷

আশ্ৰয় শিবিৰ : বান প্ৰভাবিত জিলাকেইখনত ইতিমধ্যে মুঠ 133 আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ ইয়াৰে ভিতৰত-

  • কাছাৰত 65 টা
  • ডিমা হাছাওত 2 টা
  • হাইলাকান্দিত 2 টা
  • হোজাইত 26 টা
  • পশ্চিম কাৰ্বি আংলঙত 3 টা
  • মৰিগাঁৱত 2 টা
  • নগাঁৱত 33 টা

পশুধন ক্ষতিগ্ৰস্ত : বানত মুঠ 32246 টাকৈ পশুধন ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ ভিতৰত 15282 টা ডাঙৰ প্ৰজাতিৰ, 9707 টা সৰু আৰু 7257 টা পক্ষী (Poultry) বানত ক্ষতিগ্ৰস্ত হৈছে ৷

লগতে পঢ়ক : অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি : আঠ জিলাৰ 4,13,493 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.