ETV Bharat / state

অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি : আঠ জিলাৰ 4,13,493 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:38 PM IST

Flood update in Assam : প্ৰতিবাৰে জুৰুলা কৰাৰ দৰে এইবাৰো বাৰিষাৰ প্ৰথমটো ভয়াৱহ বানত এইপৰ্যন্ত 24 জন লোকৰ মৃত্যু ঘটিছে ৷ শেহতীয়াকৈ কাছাৰত পাঁচজন আৰু নগাঁৱত এজনৰ সৈতে মুঠ ছয়জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ পূৰ্বে শিশুসহ 18 জন লোকৰ মৃত্যু হৈছিল বানত ৷ এতিয়ালৈ কাছাৰত সৰ্বাধিক লোকৰ বানত মৃত্যু হৈছে ৷

Flood update in Assam
ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত (Etv Bharat Assam)

গুৱাহাটী, 5 জুন : অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি ৷ বহু ঠাইত পানী শুকাইছে যদিও বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছে ৷ সৰ্বস্ব হেৰুওৱাসকলৰ বেদনা একমাত্ৰ হেৰুওৱাজনেহে উপলব্ধি কৰিব পাৰে ৷ বাৰিষাৰ প্ৰথমটো বানে বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ৰাজ্যৰ ‍8 খন জিলাক ৷ আনহাতে, বিগত কিছুদিনে হৈ থকা বৰষুণৰ বাবে ৰাজ্যৰ নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাত প্লাৱিত হৈছে ন ন অঞ্চল ৷

লগতে পঢ়ক: লখিমপুৰত পুনৰ পদুম ফুলিলেও সন্তুষ্ট নহয় প্ৰদান বৰুৱা - Lok Sabha Election Results 2024

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি, এই পৰ্যন্ত বানত মৃত্যু ঘটিছে 24 জনকৈ লোকৰ ৷ নতুনকৈ ছজন লোকে প্ৰাণ হেৰুওৱাৰ বাবে এই সংখ্যা বৃদ্ধি হয় ৷ বৰ্তমান সময়তো ৰাজ্যৰ 8 খন জিলাৰ চাৰি লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈ আছে ৷ এতিয়াও কামপুৰ, ধৰমতুল আৰু নগাঁৱত বিপদসীমাৰ ওপৰেৰে বৈ আছে কপিলী নৈ ৷ সেইদৰে কৰিমগঞ্জতো বিপদসীমাৰ ওপৰেৰে বৈ আছে কুশিয়াৰা নৈ ৷

বানত এতিয়ালৈকে প্ৰাণ গ'ল 24 জনৰ : প্ৰতিবাৰে জুৰুলা কৰাৰ দৰে এইবাৰো বাৰিষাৰ প্ৰথমটো ভয়াৱহ বানত এইপৰ্যন্ত 24 জন লোকৰ মৃত্যু ঘটিছে ৷ শেহতীয়াকৈ কাছাৰত পাঁচজন আৰু নগাঁৱত এজনৰ সৈতে মুঠ ছয়জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ পূৰ্বে শিশুসহ 18 জন লোকৰ মৃত্যু হৈছিল বানত ৷ এতিয়ালৈ কাছাৰত সৰ্বাধিক লোকৰ বানত মৃত্যু হৈছে ৷

বানৰ কবলত ৰাজ্যৰ আঠখন জিলা : বৰ্তমান সময়তো বানৰ কবলত আছে ৰাজ্যৰ আঠখন জিলা ৷ হোজাই, কাছাৰ, কৰিমগঞ্জ, নগাঁও, মৰিগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওত বানে বিপৰ্যস্ত কৰি তুলিছে জনজীৱন ৷ তথ্য অনুসৰি, আঠখন জিলাৰ 21 টা ৰাজহ চক্ৰৰ 452 খন গাঁও সম্প্ৰতি বানৰ কবলত আছে ৷ সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাৰ তালিকাত আছে কাছাৰ আৰু নগাঁও জিলা ৷

বানত ক্ষতিগ্ৰস্ত চাৰি লক্ষাধিক লোক: ৰাজ্যৰ আঠখন জিলাৰ 4,13,493 গৰাকী লোক বানৰ কবলত আছে ৷ ক্ষতিগ্ৰস্তসকলৰ ভিতৰত আছে ডেৰ লক্ষাধিক পুৰুষ-মহিলা ৷ লগতে আছে প্ৰায় এক লাখ 20 হাজাৰ শিশু ৷ নগাঁও জিলাত সৰ্বাধিক দুই লক্ষাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷

ক্ষতিগ্ৰস্ত শস্যভূমি : ৰাজ্যৰ আঠখন জিলাৰ 7,781 হেক্টৰ কৃষি ভূমি এতিয়াও আছে বানৰ কবলত ৷ বানত শস্যভূমিৰো বিস্তৰ ক্ষতিসাধন হয় ৷ নগাঁও জিলাৰ সৰ্বাধিক 5,639 হেক্টৰ কৃষি ভূমি বাঢ়নী পানীৰ কবলত থকাৰ বিপৰীতে হোজাই জিলাৰ 1,740 হেক্টৰ কৃষি ভূমি প্লাৱিত হৈছে বানত ৷

আশ্ৰয় শিবিৰ : ৰাজ্যৰ বান প্ৰভাৱিত ৮ খন জিলাত এতিয়াও আছে ২৪০ টাকৈ আশ্ৰয় শিবিৰ ৷ ইয়াৰে নগাঁও জিলাত সৰ্বাধিক ৯৭ টা আৰু কাছাৰ জিলাত ৮৭ টা আশ্ৰয় শিবিৰ আছে ৷ এই শিবিৰত আশ্ৰয় লৈ আছে ৩২ হাজাৰৰো অধিক লোকে ৷ ইয়াৰ ভিতৰত গৰ্ভৱতী মহিলা আৰু বিশেষভাৱে সক্ষম লোকো আছে ৷ ইফালে সাহায্য প্ৰদানৰ বাবে স্থাপন কৰা শিবিৰতো আছে বহুসংখ্যক লোক ৷

ক্ষতিগ্ৰস্ত পশুধন : বানৰ কবলত পৰা ৰাজ্যৰ আঠখন জিলাৰ ৪০ হাজাৰৰো অধিক পশুধন ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ ভিতৰত আছে ২০ হাজাৰৰ অধিক ডাঙৰ প্ৰজাতিৰ আৰু ১০ হাজাৰৰ অধিক সৰু প্ৰজাতিৰ পশুধন ৷ সেইদৰে পলিট্ৰি ফাৰ্মিঙৰো বানত যথেষ্ট ক্ষতিসাধন হৈছে ৷ অৱশ্যে এতিয়ালৈকে বানত পশুধনৰ মৃত্যু হোৱাৰ বাতৰি অহা নাই ৷

বানৰ ক্ষয়-ক্ষতি : বানত ধ্বংস হৈছে কেইবাহাজাৰ পকী আৰু কেঁচা ঘৰ ৷ শেহতীয়াকৈ বানত কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে ধুমুহাতো বহুসংখ্যক বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত হৈছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা ৷ তদুপৰি প্ৰলয়ৰ সৃষ্টি কৰা বানে ৰাজ্যৰ বিভিন্ন আন্তঃগাঁথনিৰো ব্যাপক হাৰত ধ্বংস কৰিছে ৷

সাহায্য আৰু উদ্ধাৰ অভিযান : বানপীড়িত ৰাইজক সহায় কৰাৰ উপৰিও অব্যাহত ৰখা হৈছে উদ্ধাৰ অভিযান ৷ উদ্ধাৰ অভিযানত এছ ডি আৰ এফ, এন ডি আৰ এফ, আৰক্ষী, অগ্নি আৰু আপাতকালীন সেৱা, স্থানীয় প্ৰশাসন আৰু চিভিল ডিফেন্সকে ধৰি বিভিন্ন সংস্থা নিয়োজিত হৈ আছে ৷ সেইদৰে নিয়োজিত হৈ আছে চিকিৎসা সেৱা প্ৰদানৰ দলো ৷ ইফালে বান প্ৰভাৱিত লোকৰ মাজত খাদ্য সামগ্ৰীৰ যোগান ধৰি আহিছে প্ৰশাসনে ৷

লগতে পঢ়ক: গছপুলি ৰোপণেৰে প্ৰকৃতি সংৰক্ষণত ব্ৰতী এগৰাকী শিক্ষক - Great Work By A Teacher IN KALIABOR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.