ETV Bharat / international

মহাকাশত পুনৰ ইতিহাস ৰচনা ভাৰতীয়মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ - Indian origin astronaut Sunita Williams

author img

By ANI

Published : Jun 6, 2024, 10:14 AM IST

Indian origin astronaut Sunita Williams: ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছৰ নামত আন এক অভিলেখ ৷ অভিযানৰ সময়ত মহাকাশযান উৰুৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত সুনীতা । ২০০৬–২০০৭ চনত তেওঁ অভিযানৰ সময়ত সৰ্বাধিক মহাকাশ ভ্ৰমণ কৰা মহিলা (৭) আৰু ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ খোজকঢ়াৰ সময় (৫০ ঘণ্টা, ৪০ মিনিট)ৰ অভিলেখ গঢ়িছিল ৷

Sunita Williams scripts history
মহাকাশত পুনৰ ইতিহাস ৰচনা ভাৰতীয়মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ (SPACEX FB ACCOUNT)

ইন্টাৰনেশ্যনেল ডেস্ক, ৬ জুন: ভাৰতীয়মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে আন এক কৃতিত্ব অৰ্জন কৰিছে । মহাকাশত পৰীক্ষামূলক অভিযানত মহাকাশযান উৰুৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে সুনীতা উইলিয়ামছ । ৫৮ বছৰীয়া সুনীতা উইলিয়ামছে ৫ জুনত ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা নাছাৰ মহাকাশচাৰী বেৰী “বাচ” উইলম’ৰৰ সৈতে বয়িঙৰ ষ্টাৰলাইনাৰ কেপচুলত উৰা মাৰিছিল ।

বয়িং ক্ৰু ফ্লাইট টেষ্ট (CFT) নামেৰে নামাকৰণ কৰা এই অভিযান নাছাৰ কমাৰ্চিয়েল ক্ৰু প্ৰগ্ৰেম হিচাপে আৰম্ভ কৰা হৈছে । আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ নিয়মীয়া ক্ৰু বিমানৰ বাবে ষ্টাৰলাইনাৰক প্ৰমাণীকৰণৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ । যদি এই অভিযান সফল হয়, তেন্তে ই ষ্টাৰলাইনাৰক স্পেচএক্সৰ ক্ৰু ড্ৰেগনৰ পিচত মহাকাশচাৰীক কক্ষপথৰ লেবলৈ অহা-যোৱা কৰিব পৰা দ্বিতীয়খন ব্যক্তিগত মহাকাশযান হিচাপে গঢ়ি তুলিব

ইফালে সুনীতা উইলিয়ামছৰ বাবে এই উৰণ তেওঁৰ কেৰিয়াৰৰ আন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে ৷ ইয়াৰ পূৰ্বে তেওঁ ২০০৬–২০০৭ আৰু ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা অভিযানৰ সময়ত সৰ্বাধিক মহাকাশ ভ্ৰমণ কৰা মহিলা (৭) আৰু মহাকাশ খোজকঢ়াৰ সময় (৫০ ঘণ্টা, ৪০ মিনিট)ৰ অভিলেখ গঢ়িছিল ৷

ষ্টাৰলাইনাৰ কেপচুলে উৰণ প্ৰায় ২৬ ঘণ্টাৰ পিচত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে ডক কৰাৰ চেষ্টা কৰিব ৷ সুনীতা উইলিয়ামছ, উইলম’ৰ আৰু কক্ষপথত চলা আউটপোষ্টটোৱে ৫০০ পাউণ্ডতকৈ অধিক সামগ্ৰী কঢ়িয়াই নিব ।

মহাকাশচাৰী দুয়োগৰাকী প্ৰায় এসপ্তাহ মহাকাশ কেন্দ্ৰত থাকিব । এই সময়ছোৱাত তেওঁলোকে মহাকাশ কেন্দ্ৰত কেইবাটাও পৰীক্ষণ কৰিব । সুনীতা উইলিয়ামছ আৰু উইলমৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত নিজৰ অভিযান অব্যাহত ৰাখিব, ষ্টাৰলাইনাৰত তেওঁলোকৰ অভিযান বাণিজ্যিক অংশীদাৰিত্বৰ জৰিয়তে মহাকাশলৈ মানৱ জাতিৰ প্ৰৱেশ সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷

২০১২ চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱাৰ সময়ত মহাকাশত ট্ৰাইএথলন সম্পূৰ্ণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল সুনীতা উইলিয়ামছ । এই সময়ছোৱাত তেওঁ ভাৰত্তোলন মেচিন ব্যৱহাৰ কৰি সাঁতোৰৰ অনুকৰণ কৰিছিল আৰু হাৰ্নেছত বান্ধি থোৱা ট্ৰেডমিলত দৌৰিছিল ।

লগতে পঢ়ক: ৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণৰ সময়ত নাছাই উৎক্ষেপণ কৰিব ছাউণ্ডিং ৰকেট - Sounding Rockets to Moon Shadow

লগতে পঢ়ক: ইছৰো আৰু নাছাৰ যুটীয়া NISAR মিছন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.