ETV Bharat / technology

ইছৰো আৰু নাছাৰ যুটীয়া NISAR মিছন

author img

By PTI

Published : Feb 18, 2024, 12:56 PM IST

NISAR Mission
ইছৰো আৰু নাছাৰ যুটীয়া NISAR মিছন

NISAR Mission: এইটো কোনো নিৰীক্ষণ উপগ্ৰহ নহয় । ইয়াত থকা দুটা ৰাডাৰৰ এটা ভাৰতে আৰু আনটো আমেৰিকাই নিৰ্মাণ কৰিছে । ইছৰোৰ মুৰব্বী এছ সোমনাথে এই মিছন সম্পৰ্কে মন্তব্য কৰিছে ।

নেশ্যনেল ডেস্ক,১৮ ফেব্ৰুৱাৰী : আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ সৈতে যুটীয়াভাৱে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে উপগ্ৰহ অভিযানৰ কাৰ্যসূচী হাতত লৈছে । ইয়াৰ উদ্দেশ্য কেৱল নিৰীক্ষণ নহয় স্থিৰতাৰ ওপৰত গুৰুত্ব দি পৃথিৱী অধ্যয়ন কৰাৰো অন্যতম লক্ষ্য । ইছৰোৰ মুৰব্বী এছ সোমনাথে শনিবাৰে এই কথা উল্লেখ কৰিছে ।

ইছৰোৰ মুখ্য কাৰ্যালয় বেংগালুৰুৰ ৰাষ্ট্ৰীয় বৈমানিক আৰু মহাকাশ প্ৰশাসনৰ সৈতে জড়িত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পিচত পৃথিৱী অধ্যয়নৰ বাবে চিন্থেটিক এপাৰচাৰ ৰাডাৰ উপগ্ৰহ বিকশিত কৰাৰ কথা তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে জিএছএলভি (ৰকেট)ৰ পৰৱৰ্তী অভিযান হ'ব এনআইএছএআৰ মিছন- নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ মিছন, যিটো এটা অতি ডাঙৰ উপগ্ৰহ । পেলোড ক্ষমতাৰ লগতে আয়তনৰ ক্ষেত্ৰত ৰকেটটোৰ বিন্যাস আৰু সামৰ্থ্য ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে যিটো অত্যন্ত উপযোগী হ'ব বুলি তেওঁ দাবী কৰে ।

জিএছএলভি-এফ ১৪ ইনছেট-৩ডিএছ উপগ্ৰহৰ সফল উৎক্ষেপণৰ পিচত সোমনাথে সাংবাদিকৰ সন্মুখত স্পষ্ট কৰি দিয়ে যে এনআইএছএআৰ কোনো নিৰীক্ষণ উপগ্ৰহ নহয় । ই সম্পূৰ্ণৰূপে কিছুমান এপ্লিকেশ্যন । ইয়াত দুটা ৰাডাৰ আছে - এটা হৈছে 'এল' বেণ্ড ৰাডাৰ আৰু আনটো হৈছে 'এছ' বেণ্ড ৰাডাৰ । 'এছ' বেণ্ড ৰাডাৰ ভাৰতত নিৰ্মাণ কৰা হৈছে আৰু 'এল' বেণ্ড ৰাডাৰ আমেৰিকাই নিৰ্মাণ কৰিছে । এই তথ্য ৰাজহুৱা ডমেইনত আছে বুলিও তেওঁ উল্লেখ কৰে । সেয়ে যেতিয়া ডাটা ৰাজহুৱা ডমেইনত থাকে ই নিৰীক্ষণ উপগ্ৰহ নহয় । সোমনাথৰ মতে প্ৰথমে তথ্যবোৰ আমেৰিকা আৰু ভাৰতৰ মাজত ভাগ-বতৰা কৰা হ'ব ।

এনআইএছএআৰ মিছন সম্পৰ্কত সোমনাথে কয় যে এই যুটীয়া অভিযানটোত বহুতো বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে । ইয়াৰ প্ৰায় ১২-১৪ দিনৰ বাবে প্ৰতিচ্ছবি ধৰি ৰখা ক্ষমতা আছে, পৃথিৱীৰ প্ৰতিচ্ছবিও অতি উচ্চ নিখুঁতভাৱে কৰিব পাৰে । উপগ্ৰহটোৱে পানী, কৃষি, পৃথিৱীৰ পৃষ্ঠত সেউজীকৰণ আৰু আন বহুতো মাপকাঠি জোখাত সক্ষম হ'ব । শুকান অঞ্চলবোৰত পানীৰ অৱস্থিতি চোৱাৰো ক্ষমতা আছে ।

লগতে পঢ়ক:বতৰ নিৰীক্ষণ উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ সাজু ইছৰো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.