সোণাৰিৰ টিয়কঘাটত অচেতন অৱস্থাত উদ্ধাৰ মহিলা - Unconscious woman found in Sonari

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:31 PM IST

thumbnail
মহিলা ৰহস্য়জনকভাৱে অচেতন অৱস্থাত উদ্ধাৰ (ETV BHARAT ASSAM)

মৰাণ, ১৯ মে’ : চৰাইদেউ জিলাৰ সোণাৰিৰ টিয়কঘাটত দেওবাৰে এগৰাকী মহিলা ৰহস্য়জনকভাৱে অচেতন অৱস্থাত উদ্ধাৰ হয় । শ্ৰীকৃষ্ণ নামৰ AS06BC 7099 নম্বৰৰ ট্ৰেভেলাৰখনত অহা মহলাগৰাকী সোণাৰিৰ টিয়কঘাট পোৱাৰ সময়ত অচেতন হৈ পৰে । সেই সময়তেই  ট্ৰেভেলাৰখনৰ মহিলা যাত্ৰী এগৰাকীয়ে তেওঁ অন্য় এজন লোকৰ সহায়ত টিয়কঘাটত নমাই থয় । ইয়াৰ পাছতে পথৰ কাষত পৰি থকা অৱস্থাত স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে । বৰ্তমান মহিলাগৰাকীক চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।  

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ট্ৰেভেলাৰ বাহনখনত অহা আন যাত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি সোণাৰিৰ পৰা টিয়কঘাটলৈ আহিছিল মহিলাগৰাকী । মহিলা গৰাকী গাড়ীত উঠাৰ পাছতে অচেতন হৈ পৰিছিল । গাড়ীখন সোণাৰিৰ পৰা আহি টিয়কঘাট পোৱা পাছতেই মহিলা গৰাকীয়ে নিজে গাড়ীৰ পৰা নামিব নোৱাৰা হয় । সেয়ে গাড়ীৰ পৰা টিয়কঘাটত দুজনে ধৰি নমাই দিয়ে । মহিলা গৰাকীৰ কিয় এনে অৱস্থা হ‘ল সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব । মহিলাগৰাকীৰ পৰিচয় লাভ কৰা নাই সোণাৰি থানাৰ আৰক্ষীয়ে ।

লগতে পঢ়ক:নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সমীপত অচেতন অৱস্থাত উদ্ধাৰ মহিলা

মহানগৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ লিভ-ইন সম্পৰ্কত থকা যুৱতীৰ মৃতদেহ

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.