নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সমীপত অচেতন অৱস্থাত উদ্ধাৰ মহিলা

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 10:50 PM IST

thumbnail

নগাঁও, 3 ফেব্ৰুৱাৰী : শনিবাৰে নিশা নগাঁৱৰ ম'হখুলিত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সমীপত ৰাজপথৰ দাঁতিত অচেতন অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলা ৷ এখন অচিনাক্ত বাহনৰ পৰা মহিলাগৰাকীক পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে ৷

মহিলাগৰাকীৰ শৰীৰত অগ্নিদগ্ধ হোৱাৰ চিন থকা বুলিও জানিব পৰা গৈছে ৷ কিন্তু মহিলাগৰাকীক কোনে কি উদ্দেশ্যত এইদৰে ৰাজপথৰ দাঁতিত পেলাই থৈ গ'ল সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই ৷ অৱশ্যে স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত লাভ কৰা নাই কোনো তথ্য ৷

সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়তেই চিকিৎসাধীন হৈ থকা মহিলাগৰাকী যথেষ্ট অসুস্থ হৈ থকাৰ বাবেই দিব পৰা নাই কোনো স্বীকাৰোক্তি ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷ উদ্ধাৰ হোৱা মহিলাগৰাকীৰ ঘৰ নগাঁৱৰ জুৰীয়াৰ সুঁতিৰপাৰত বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক : হত্যাৰ সন্দেহ ! কোকৰাঝাৰ দীপলাই বিল এলেকাত উদ্ধাৰ দুটাকৈ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.