ETV Bharat / state

মহানগৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ লিভ-ইন সম্পৰ্কত থকা যুৱতীৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 5:41 PM IST

Mysterious death in Guwahati: সঘনাই গুৱাহাটীত উদ্ধাৰ হ’বলৈ লৈছে যুৱক-যুৱতীৰ মৃতদেহ ৷ প্ৰেমজনিত কাৰণতেই বেছিভাগ ক্ষেত্ৰত এনে ঘটনা সংঘটিত হ’বলৈ ধৰিছে ৷ পূৰ্বৰ বহু ঘটনাৰ ৰহস্য উদঘাটন নৌহওতেই পুনৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত ৷

deadbody of a woman found at a flat in guwahati lover arrested
মডেল তৃষ্ণা কাকতি

আত্মীয়ৰ ভাষ্য

গুৱাহাটী, ১৫ মাৰ্চ : মহানগৰী গুৱাহাটী বুলিলেই এতিয়া মনলৈ আহে ক্ৰাইমৰ দৃশ্য ৷ দৈনিক মহানগৰীখনত অপৰাধজনিত বহু ঘটনা সংঘটিত হয় ৷ ধৰ্ষণৰ পৰা আৰম্ভ কৰি হত্যা, ডকাইতি, লুটপাট, অপহৰণ আজিকালিৰ দিনত তেনেই সাধাৰণ ঘটনা যেন অনুমান হয় ৷ শেহতীয়াকৈ কোঠাত যুৱক-যুৱতীৰ মৃতদেহ উদ্ধাৰৰ কেবাটাও ঘটনাই কঁপাই গৈছে মহানগৰী ৷ এই ঘটনাবোৰৰ অনুসন্ধান চলিয়ে আছে বৰ্তমানলৈকে ৷ এইবোৰৰ মাজতে পুনৰ অনুৰূপ ঘটনা সংঘটিত হ’ল মহানগৰীৰ খ্ৰীষ্টানবস্তিত ৷ এইবাৰ উদ্ধাৰ হৈছে যুৱতীৰ মৃতদেহ ৷

মহানগৰীৰ খ্ৰীষ্টানবস্তিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ ৷ খ্ৰীষ্টানবস্তিৰ অমৰাৱতী এপাৰ্টমেণ্টত উদ্ধাৰ তৃষ্ণা কাকতি নামৰ এগৰাকী যুৱতীৰ মৃতদেহ ৷ জানিব পৰা মতে, বিষ্ণু দেৱ কোচ নামৰ এজন ব্যক্তিৰ সৈতে লিভ ইনত আছিল মডেল তৃষ্ণা কাকতি ।

মন কৰিবলগীয়া যে, বিষ্ণু দেৱ কোচ পূৰ্বে বিবাহিত হৈয়ো প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি গৈছিল তৃষ্ণা কাকতিৰ সৈতে । মৰিগাঁৱত বিষ্ণু দেৱ কোঁচৰ আছে পত্নী আৰু সন্তান । প্ৰাপ্ত খবৰ অনুসৰি, বিয়াৰ বাবে তৃষ্ণাই বাৰে বাৰে হেঁচা প্ৰযোগ কৰিছিল বিষ্ণু দেৱ কোঁচক । সেই কথা মানি ল’ব বিচৰা নাছিল বিষ্ণু দেৱ কোঁচে ।

এতিয়া মডেল তৃষ্ণা কাকতিয়ে আত্মহত্যা কৰিলে নে তেওঁক হত্যা কৰা হ’ল তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইপিনে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে বিষ্ণু দেৱ কোচক । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বিষ্ণু দেৱ কোচৰ খ্ৰীষ্টানবস্তিৰ অমৰাৱতী এপাৰ্টমেণ্টত থকা ফ্লেটত দীৰ্ঘদিন ধৰি ভাড়াতীয়া হিচাপে আছিল তৃষ্ণা কাকতি । মাজে মাজে দুয়োৰে মাজত বিবাহক লৈয়ো কাজিয়া হৈছিল ।

কাজিয়াৰ বাবেই তৃষ্ণাই আত্মহত্যা কৰিছে বুলি আৰক্ষীৰ সন্মুখত বিষ্ণু দেৱ কোচে প্ৰকাশ কৰিছে যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ২৩২ /২৪ নম্বৰত গোচৰ ৰুজু কৰি হত্যা নে আত্মহত্যা তাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : বেংগালুৰুৰ হোটেলত মৃত অৱস্থাত উদ্ধাৰ বিদেশী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.