ETV Bharat / business

আপুনি খোৱা আম কেমিকেলযুক্ত নেকি? FSSAI ৰ সতৰ্কবাণী - FSSAI Warns Mango Traders

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:26 PM IST

Are you eating safe mangoes: এতিয়া আমৰ বতৰ ৷ আম আপোনাৰো প্ৰিয় নেকি ? আম খোৱাৰ পূৰ্বে বাৰম্বাৰ চিন্তা কৰক ৷ কেন্দ্ৰীয় খাদ্য নিয়ন্ত্ৰক সংস্থাই (এফএছএছএআই) ৰ সতৰ্কবাণী ৷

Are you eating safe mangoes
আপুনি খোৱা আম কেমিকেলযুক্ত নেকি ? FSSAI ৰ সতৰ্কবাণী (etv bharat assam)

দেশুজুৰি এতিয়া আমৰ বতৰ । দেশৰ বজাৰত ইতিমধ্যে ভিন্ন প্ৰকাৰৰ আম উপলব্ধ হৈছে । ইফালে, কেন্দ্ৰীয় খাদ্য নিয়ন্ত্ৰক সংস্থাই আমৰ ব্যৱসায়ত জড়িত ব্যৱসায়ী, ফলৰ ৰপ্তানি-আমদানি আৰু খাদ্য ব্যৱসায় অপাৰেটৰ (এফবিঅ')ক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে । যিসকলে আমৰ বতৰত কৃত্ৰিমভাৱে ফল পকাবলৈ কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰে । সাধাৰণতে ফল পকাবলৈ বহু বেপাৰীয়ে আমত কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰ । তাৰ পিচত ইয়াক বজাৰত উলিয়াই ৷ পৰৱৰ্তী সময়ত এইসমূহ আমে আমাৰ শৰীৰৰ বাবে বিপদজনক হিচাপে পৰিগণিত হয় ৷

কেলচিয়াম কাৰ্বাইডৰ ক্ষতিকাৰক প্ৰভাৱ কি ?

বহু সময়ত ফল পকাবলৈ কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা হয় ৷ এই কেমিকেলে এচিটাইলিন গেছ এৰি দিয়ে, য'ত আৰ্চেনিক আৰু ফছফৰাছৰ ক্ষতিকাৰক চিহ্ন থাকে । এই পদাৰ্থবোৰক 'মচলা' বুলি কোৱা হয় ৷ এই কেমিকেলযুক্ত ফল খোৱাৰ ফলত মূৰ ঘূৰোৱা, সঘনাই পিয়াহ লগা, জ্বলা-পোৰা, দুৰ্বলতা, গিলিবলৈ অসুবিধা, বমি আৰু ছালৰ আলচাৰ হ'ব পাৰে ।

খাদ্য নিয়ন্ত্ৰক সংস্থাটোৱে উল্লেখ কৰে যে, কোনো ব্যক্তিয়ে নিজ ঘৰৰ চৌহদত এচিটাইলিন গেছ অৰ্থাৎ কাৰ্বাইড গেছ নাৰাখিব ৷ কাৰণ বহু লোকে এই গেছ ফলা পকাবলৈ আনি নিজ ঘৰৰ চৌহদত ব্যৱহাৰ কৰা দেখা যায় ৷

এফ.এছ.এছ.এ.আই. য়ে ফল পকাবলৈ এক সুৰক্ষিত বিকল্প হিচাপে ইথিলিন গেছ ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে । ইথিলিন গেছৰ 100 পিপিএম লৈকে ঘনত্ব আছে ৷ ই হৈছে এক প্ৰাকৃতিক হৰমন যি ফল পকাত সহায়ক হয় ৷

ইয়াৰ উপৰিও, কেন্দ্ৰীয় কীটনাশক পৰিষদ আৰু পঞ্জীয়ন সমিতিয়ে আম আৰু অন্যান্য ফল পকাৰ বাবে এথেফনক 39 শতাংশ এছএল অনুমোদন জনাইছে ।

কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা আম কেনেদৰে চিনাক্ত কৰিব?

  • বিশ্বাসী দোকানীৰ পৰা আম ক্ৰয় কৰক ৷
  • বজাৰৰ পৰা ক্ৰয় কৰা আম ভালদৰে ধুব ৷
  • আমত যদি দাগ দেখে তেনেহ’লে সেই আম ক্ৰয় নকৰিব ৷
  • আমৰ ৰং পৰীক্ষা কৰক ৷
  • ভেজাল ফলৰ গোন্ধ সামান্য কাঢ়া ৷

লগতে পঢ়ক: AC ৰ অত্যধিক ব্যৱহাৰ আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানেনে ? - AC Side Effect

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.