ETV Bharat / health

AC ৰ অত্যধিক ব্যৱহাৰ আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানেনে ? - AC Side Effect

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 4:56 PM IST

Air Conditioners use : গ্ৰীষ্মকালত গৰমৰ পৰা বাচি থাকিবলৈ আমি ভিন্ন উপায় অৱলম্বন কৰো ৷ ইয়াৰে ভিতৰত প্ৰায়সংখ্যক লোকেই অৱলম্বন কৰা এক উপায় হৈছে এচিৰ ব্যৱহাৰ ৷ কিন্তু এই এচি আপোনাৰ স্বাস্থ্যৰ বাবে কিমান মাৰাত্মক আপুনি জানেনে ?

Air Conditioners use
AC ৰ অত্যধিক ব্যৱহাৰ আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানেনে ? (etv bharat hindi)

গ্ৰীষ্মকালত প্ৰায়সংখ্য়ক লোকে এচি ব্যৱহাৰ কৰা দেখা যায় ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতো লোকে গোটেই দিনটো ঘৰ বা কাৰ্যালয়, চিকিৎসালয় বা দোকান আদিত এচি চলায় থৈ দিয়ে ৷ এই এচিয়ে যেনেদৰে আমাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখে, তেনেদৰে ই আমাৰ শৰীৰলৈ বিভিন্ন ৰোগ মাতি আনে ৷ চিকিৎসকৰ মতে, অত্যধিক এচিৰ ব্যৱহাৰে কেৱল উশাহ-নিশাহৰ বাবেই নহয়, ছাল সম্পৰ্কীয় আৰু আন বহুতো প্ৰকাৰৰ সমস্যাৰ উদ্ভৱ কৰিব পাৰে ৷

সামগ্ৰিক স্বাস্থ্যৰ ওপৰত AC ৰ প্ৰভাৱ: দিল্লীৰ লাইফ হাস্পতালৰ চিকিৎসক ডাঃ আবদী কুৰেছিয়ে কয় যে, এচিৰ ঠাণ্ডাত দীঘলীয়া সময় থকা, নিশা টোপনি যোৱা আদি অভ্যাসে শৰীৰত বহুতো ক্ষতিকাৰক প্ৰভাৱ পেলায় ৷ যেতিয়া আমি গোটেই দিনটো ঠাণ্ডাত অথবা এয়াৰ কণ্ডিচনাৰত থাকো বা নিশাও এচি লগাই শুও,তেতিয়া যিসকল লোকৰ হাঁপানি বা অন্যান্য শ্বাস-প্ৰশ্বাসৰ সমস্যা আছে বা যিকোনো ধৰণৰ পাৰিপাৰ্শ্বিক এলাৰ্জী আছে, তেওঁলোকৰ সেই সমস্যা বৃদ্ধি হ'ব পাৰে ।

এচিয়ে বায়ুৰ আৰ্দ্ৰতাৰ স্তৰ প্ৰভাৱিত কৰে । লগতে, এচি লগোৱা ঠাইত খিৰিকী আৰু দুৱাৰ সকলো বন্ধ থাকে । এনে পৰিস্থিতিত, নিয়মীয়াকৈ পৰিষ্কাৰ নকৰা বায়ু, ধুলি, মাটি আৰু এলাৰ্জি সৃষ্টি কৰা অন্যান্য উপাদানবোসমূহ একে ঠাইতে থাকে । ইয়াৰ ফলত, অত্যাধিক ঠাণ্ডা বতাহ আৰু পৰিৱেশত আৰ্দ্ৰতাৰ অভাৱৰ ফলত উশাহ-নিশাহৰ সমস্যা, বুকুৰ ঠাণ্ডা বিষ, পেশীজঠন আৰু এলাৰ্জীৰ প্ৰতি সংবেদনশীল লোকৰ এলাৰ্জীৰ সমস্যা যথেষ্ট হ'ব পাৰে ।

একে সময়তে, গাঁঠিৰ বিষৰ সমস্যাত ভুগি থকা লোকসকলে দীঘলীয়া সময় এচিত থকাৰ বাবে তেওঁলোকৰ সেই সমস্যা বৃদ্ধি হয় । ইয়াৰ বাহিৰেও, গোটেই দিনটো বা নিশাটো এচি সময় কটোৱাৰ ফলত নিন্মলিখিত সমস্যাসমূহ বৃদ্ধি হ’ব পাৰে -

এচিত অধিক সময় অতিবাহিত কৰিলে শৰীৰৰ প্ৰাকৃতিক আৰ্দ্ৰতা হ্ৰাস হয়, আনহাতে দীঘলীয়া সময়ৰ বাবে এচি থকা পৰিৱেশত থাকিলে পিয়াহ নালাগে । এনে পৰিস্থিতিত, মানুহে কম পানী খায় । ফলত কম পানী খোৱাৰ ফলত শৰীৰত ডিহাইড্ৰেশ্যন হ’ব পাৰে ৷ ডিহাইড্ৰেশ্যন হ’লে লোকৰ উদ্বিগ্নতা, মূৰ ঘূৰোৱা, বমি বা ওকালি অহা, মূৰৰ বিষ আৰু চাইনাছ আৰু মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি হোৱাৰ দৰে সমস্যা হ'ব পাৰে ।

আৰ্দ্ৰতাৰ অভাৱে আমাৰ ছালকো প্ৰভাৱিত কৰিব পাৰে । যাৰ ফলত ছালত খজুৱতি, শুষ্কতা, কোচ খোৱা আৰু বয়স বৃদ্ধিৰ লক্ষণে দেখা দিব পাৰে ৷ এচিত দীঘলীয়া সময় ধৰি ম'বাইল আৰু কম্পিউটাৰত কাম কৰি থাকিলে চকুত প্ৰভাৱে পেলায় ৷ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হ'ব পাৰে । ই ৰোগ সংক্ৰমণ আৰু ৰোগৰ আশংকা বৃদ্ধি কৰে ৷

সাৱধানতা: ডাঃ আবোদ কুৰেশ্বিয়ে কয় যে দিনটোৰ কিছু সময় সতেজ বতাহ তথা মুকলি পৰিৱেশত কটোৱাটো অতি গুৰুত্বপূৰ্ণ । যিসকল লোকে গোটেই দিনটো এচিত কটায় তেওঁলোকে শোৱাৰ পূৰ্বে বা পুৱা মুকলি পৰিৱেশত খোজ কঢ়া অথবা লঘু ব্যায়াম কৰিব লাগে ৷

  • আপোনাৰ চাৰিওফালৰ পৰিৱেশটো পৰিষ্কাৰ, ধুলিমুক্ত আৰু বীজাণুমুক্ত কৰিব ৰাখক ৷
  • ঠাণ্ডা পৰা হ’ব পৰা ৰোগ হাপানি বা শ্বাসতন্ত্ৰৰ সমস্যা থকা লোকসকলে দীঘলীয়া সময়ৰ বাবে এচিত নাথাকিব ৷
  • এচিত সময় কটোৱা লোকসকলে নিয়মীয়াকৈ পানী খাই থাকিব লাগে । যাতে শৰীৰত আৰ্দ্ৰতা থাকে।
  • যদি আপুনি চকুৰ সমস্যা খজুৱতি বা শুষ্কতা অনুভৱ কৰে, তেনেহ'লে চকুৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি চকুৰ ড্ৰপ ব্যৱহাৰ কৰক ৷
  • কাৰ্যালয়, চিকিৎসালয় বা আন ঠাই য'ত এচি সকলো সময়তে চলি থাকে সেই ঠাইত হিউমিডিফায়াৰ ব্যৱহাৰ কৰিব লাগে ৷

লগতে পঢ়ক: ক’ভিড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াৰ বাবে সংবাদ মাধ্যম জগৰীয়া নেকি ? - Covaxin Side Effects

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.