ETV Bharat / bharat

আৰক্ষীয়ে পিছ নেৰিবই নেকি দিল্লীৰ মুখ্যমন্ত্ৰীৰ ! - Swati Maliwal Assault Case

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:38 PM IST

DELHI POLICE ON CM HOUSE : নতুন মোৰ লৈছে ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ নিৰ্যাতনৰ গোচৰে ৷ তদন্তৰ খাতিৰত দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত গৈ অনুসন্ধান চলায় আৰক্ষীয়ে ৷ সুৰা নীতিৰ পিছতে পুনৰবাৰ মহিলা সাংসদক চলোৱা আতিশয্যৰ গোচৰত পৰোক্ষভাৱে হ’লেও নাম সাঙোৰ খাইছে আম আদমী পাৰ্টিৰ নেতা কেজৰিৱালৰ ৷

Swati Maliwal Assault Case
কেজৰিৱালৰ বাসগৃহত উপস্থিত দিল্লী আৰক্ষী (Source : ANI)

নেশ্যনেল ডেস্ক, 19 মে’: বিপদে পিছ এৰা নাই আপ আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ সুৰা নীতি কেলেংকাৰীত নাম সাঙোৰ খোৱা কেজৰিৱালে ইতিমধ্যে 1 জুনলৈকে লাভ কৰিছে অন্তৱৰ্তীকালীন জামিন ৷ পিছে পুনৰ এবাৰ দিল্লী আৰক্ষী তদন্তৰ খাতিৰত উপস্থিত হ’ল মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত ৷

এইবাৰ পিছে প্ৰসংগটো কিছু বেলেগ ৷ কিছুদিন পূৰ্বে আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল ৷ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত ব্যক্তি বিভৱ কুমাৰক তলব কৰে । এই ঘটনাৰ তদন্তৰ অংশ হিচাপে দিল্লী আৰক্ষী দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় ৷

আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ পৰা এটা বন্ধ বাকচ লগত নিয়ে ৷ পিছে বৰ্তমানলৈকে আৰক্ষীৰ দলটোৰ হাতত পৰা নাই মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সকলো চিচিটিভি ফুটেজ ৷ মুঠতে আৰক্ষীয়ে ঘটনাটোৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ সমান্তৰালকৈ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছে সকলো প্ৰকাৰৰ তথ্য-প্ৰমাণ ৷

উল্লেখ্য যে, ইতিমধ্যে ভূক্তভোগী সাংসদ স্বাতী মালিৱালৰ এজাহাৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে বিভৱ কুমাৰক ৷

ইফালে ভূক্তভোগী স্বাতী মালিৱালক ঘটনাটোৰ সন্দৰ্ভত শনিবাৰে নিশা প্ৰায় 9.30 বজাত হাজিৰ কৰোৱা হয় তিছ হাজাৰী আদালতৰ দণ্ডাধীশৰ সন্মুখত ৷ আদালতত নিশা কিছু দেৰিলৈকে এই বিষয়ত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হয় ৷ দিল্লী আৰক্ষীয়ে আদালতত বিভৱ কুমাৰৰ বিৰুদ্ধে ঘটনাৰ সকলো প্ৰমাণ নষ্ট কৰাৰ অভিযোগ দাখিল কৰে যদিও কুমাৰৰ অধিবক্তাই ইয়াক ষড়ষন্ত্ৰ বুলিহে দাবী উত্থাপন কৰে ৷

আনহাতে, আদালতে বিভৱ কুমাৰক তদন্তৰ সময়ত পৰিয়ালৰ সদস্যৰ লগতে অধিবক্তাক সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰিছে ৷ তদুপৰি তেওঁৰ স্বাস্থ্যজনিত কোনো অসুবিধাৰ সৃষ্টি হ’লে প্ৰয়োজনীয় দৰৱৰ যোগান ধৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে আদালতে ৷

আৰক্ষীয়ে এই ঘটনাৰ অভিযুক্ত বিভৱ কুমাৰে মহিলা সাংসদগৰাকীক অশালীন ব্যৱহাৰ কৰাৰ লগতে মাৰপিট কৰা বুলিও আদালতৰ আগত প্ৰকাশ কৰিছিল ৷ কেৱল এয়াই নহয়, অভিযুক্তৰ বিৰুদ্ধে আছে চিচিটিভি ফুটেজ নষ্ট কৰাৰো অভিযোগ ৷ আৰক্ষীয়ে এইটোও আদালতৰ আগত উল্লেখ কৰে যে, মুম্বাইত এক উন্নত প্ৰযুক্তিৰ সহায়ত ম’বাইল ফোনটো ফৰ্মেট কৰা হৈছে ৷

লগতে পঢ়ক: মহিলা সাংসদক আক্ৰমণ; দিল্লী আৰক্ষীয়ে লিপিবদ্ধ কৰিলে স্বাতী মালিৱালৰ ভাষ্য - AAP MP Swati Maliwal

স্বাতী মালিৱাল আক্ৰমণ গোচৰক লৈ কেজৰিৱালক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰীৰ - Swati Maliwal Assault Case

ৰাজনৈতিক হিটমেনে নিজকে বচাবলৈ চেষ্টা কৰিছে : স্বাতী মালিৱাল - Swati Maliwal Assault Case

বিভৱ কুমাৰৰ ওলোটা খৰ, স্বাতী মালিৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - Swati Maliwal Assault Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.