ETV Bharat / bharat

বিভৱ কুমাৰৰ ওলোটা খৰ, স্বাতী মালিৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - Swati Maliwal Assault case

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 3:13 PM IST

Updated : May 18, 2024, 4:53 PM IST

Swati Maliwal Assault case: স্বাতী মালিৱাল আক্ৰমণ গোচৰত ইতিমধ্যে বিভৱ কুমাৰক দিল্লী আৰক্ষীয়ে আটক কৰিছে । কিন্তু আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত ইমেইলযোগে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । কি আছে কুমাৰৰ এই অভিযোগ সম্পৰ্কীয় ইমেইলত ?

Swati Maliwal Assault case
স্বাতী মালিৱালৰ বিৰুদ্ধে বিভৱ কুমাৰৰ গুৰুত্ব অভিযোগ (ETV Bharat)

নেশ্যনেল ডেস্ক,১৮ মে': অৱশেষত আৰক্ষীৰ জালত পৰিল দিল্লীৰ সাংসদ স্বাতী মালিৱাল আক্ৰমণ গোচৰৰ অভিযুক্ত বিভৱ কুমাৰ । আটক হোৱাৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰে ইমেইলযোগে উত্তৰ দিল্লী জিলাৰ অন্তৰ্গত ভিজিলেন্স আৰক্ষী থানাত স্বাতী মালিৱালৰ বিৰুদ্ধে অভিযোগো দাখিল কৰিলে । ইমেইলযোগে তেওঁ সাংসদ স্বাতী মালিৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ অভিযোগ কৰা মতে স্বাতী মালিৱালে মুখ্যমন্ত্ৰীৰ বাসগৃহত বলপূৰ্বকভাৱে প্ৰৱেশৰ চেষ্টা কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি দিছিল ।

অৱশ্যে, এতিয়ালৈকে দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । দিল্লী আৰক্ষীয়ে আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক আক্ৰমণ আৰু দুৰ্ব্যৱহাৰৰ অভিযোগত এটা গোচৰ ৰুজু কৰিছিল আৰু গোচৰটোৰ অভিযুক্ত বিভৱক আটক কৰিছে ।

ইফালে দিল্লী আৰক্ষীলৈ বিভৱ কুমাৰে প্ৰেৰণ কৰা ইমেইল অনুসৰি যেতিয়া স্বাতী মালিৱালক মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই যাবলৈ কোৱা হৈছিল তেতিয়া তেওঁক ঠেলি দিছিল আৰু মিছা গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল ।

কুমাৰে তেওঁৰ ইমেইলত এই গোটেই বিষয়টো ১১ টা পইণ্টত উল্লেখ কৰিছে । তেওঁ দিল্লী আৰক্ষীক স্বাতী মালিৱালৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা ল'বলৈও দাবী জনাইছে । আৰক্ষীয়ে এই ইমেইল সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া নাই ।

মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিভৱ কুমাৰে উত্তৰ দিল্লী জিলা আৰক্ষী আৰু চিভিল লাইনছ আৰক্ষী থানালৈ এই ইমেইল প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে । বিভৱ কুমাৰে দাবী কৰিছে যে স্বাতী মালিৱালে অনুমতি অবিহনে মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশৰ চেষ্টা কৰিছিল । মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে তেওঁ পূৰ্বে অনুমতি লোৱাও নাছিল । অনুমতি অবিহনে তেওঁক মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশত বাধা দিয়াৰ বাবে কৰ্মচাৰীক গালি-গালাজ কৰিছিল বুলিও বিভৱ কুমাৰে অভিযোগ কৰিছে । কুমাৰে ইমেইলটোত উল্লেখ কৰা মতে স্বাতী মালিৱালক অপেক্ষা কৰিবলৈ কোৱা হৈছিল যদিও তেওঁ শুনা নাছিল ।

লক্ষণীয়ভাৱে বিভৱ কুমাৰৰ এই অভিযোগৰ পিচতে স্বাতী মালিৱাল আক্ৰমণ গোচৰটোৱে নতুন ৰূপ লৈছে । অৱশ্যে এই সন্দৰ্ভত আৰক্ষীৰ প্ৰতিক্ৰিয়া কি হ'ব সেয়া গুৰুত্বপূৰ্ণ হ'ব ।

লগতে পঢ়ক :ৰাজনৈতিক হিটমেনে নিজকে বচাবলৈ চেষ্টা কৰিছে : স্বাতী মালিৱাল - Swati Maliwal Assault Case
Last Updated : May 18, 2024, 4:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.