ETV Bharat / health

'আত্মহত্যাৰ ৰোগ'ৰ চিকিৎসাৰ বাবে যাব লাগিব লক্ষ্ণৌলৈ - Trigeminal Neuralgia

Trigeminal Neuralgia: লক্ষ্ণৌ বলৰামপুৰ হাস্পতাল ‘আত্মঘাতী ৰোগ’ বুলি জনাজাত ট্ৰাইজেমিনেল নিউৰেলজিয়া (Trigeminal Neuralgia)ৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা প্ৰথমখন জিলা চিকিৎসালয় হিচাপে পৰিগণিত হৈছে ।

Lucknow Hospital Surgically Treats 'Suicide Disease'
ট্ৰাইজেমিনেল নিউৰেলজিয়া ((IANS Photo))
author img

By ETV Bharat Health Team

Published : June 17, 2024 at 10:58 AM IST

3 Min Read
Choose ETV Bharat

লক্ষ্ণৌৰ বলৰামপুৰ হাস্পতাল ট্ৰাইজেমিনেল নিউৰেলজিয়াৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা প্ৰথমখন জিলা চিকিৎসালয় হিচাপে পৰিগণিত হৈছে, যাক আত্মঘাতী ৰোগ বুলিও কোৱা হয় (মূলতঃ ৰোগীয়ে ভুগি থকা উচ্চ পৰ্যায়ৰ বিষৰ বাবে)।

মাত্ৰাধিক বিষত ভুগি থকা 46 বছৰীয়া অশোক কুমাৰৰ সফল অপাৰেশ্যনৰ পিচত এই সফলতা লাভ কৰে লক্ষ্ণৌ বলৰামপুৰ হাস্পতালে । ৰোগীজনে অস্ত্ৰোপচাৰৰ বাবে মাত্ৰ ৪০০ টকা খৰচ কৰিব লগা হৈছিল বলীউড তাৰকা ছলমান খানৰো এই ৰোগ আছিল । ট্ৰাইজেমিনেল নিউৰালজিয়াই 100,000 লোকৰ ভিতৰত প্ৰায় 10-12 জনক প্ৰভাৱিত কৰে আৰু মহিলাৰ ক্ষেত্ৰত অধিক সঘনাই এই ৰোগ পোৱা যায় ।

অশোকে ছবছৰ ধৰি মুখৰ সোঁফালে তীব্ৰ বিষ অনুভৱ কৰি আছিল । ৪০ বছৰ বয়সৰ পৰা বিষনাশক ঔষধ ব্যৱহাৰ কৰি চিকিৎসা গ্ৰহণ কৰিও তেওঁ কোনো সকাহ নাপালে । পিচত তেওঁৰ আৰ্থিক অসুবিধা বিবেচনা কৰি একাংশ ব্যক্তিয়ে তেওঁক বলৰামপুৰ চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে ।

অশোকে বলৰামপুৰ হাস্পতালৰ নিউৰ’চাৰ্জন ডাঃ বিনোদ তিৱাৰীৰ পৰা সহায় বিচাৰে । ডাঃ তিৱাৰীয়ে উল্লেখ কৰে যে কুমাৰৰ সোঁ মুখৰ বিষ বতাহ, দাঁত ব্ৰাছ কৰা, গাৰ্গল কৰা, খাদ্য খোৱা, পানী খোৱা বা সোঁ গালত লাহে লাহে স্পৰ্শ কৰা আদিৰ বাবে হয় ৷ যাৰ ফলত তেওঁৰ ঘণ্টাৰ পিচত ঘণ্টা ধৰি তীব্ৰ বিষ অনুভৱ হয় ।

ডাঃ তিৱাৰীয়ে কয়, ‘‘মই তেওঁক কৈছিলো যে যদি ঔষধৰ দ্বাৰা আৰোগ্য নহয়, তেন্তে অস্ত্ৰোপচাৰেই একমাত্ৰ সমাধান ।’’ লগতে, এম.আৰ.আই. স্কেন এটাত প্ৰকাশ পাই যে এটা ধমনীয়ে কুমাৰৰ মগজুৰ সোঁফালে থকা পঞ্চম স্নায়ুটো সংকুচিত কৰি আছে ৷ যাৰ ফলত অসহ্যকৰ বিষ হৈছিল ।

চিকিৎসা দলটোৱে সংকোচন উপশম কৰিবলৈ আৰু ৰোগীৰ কষ্ট হ্ৰাস কৰিবলৈ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয় । "মই আৰু বলৰামপুৰ চিকিৎসালয়ৰ মোৰ দলে টিউমাৰটো আঁতৰাবলৈ আৰু স্নায়ুটো সংকুচিত কৰিবলৈ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লৈছিলো ৷" ডাঃ তিৱাৰীয়ে ব্যাখ্যা কৰিছিল ।

সাধাৰণ এনাস্থেচিয়াৰ অধীনত তিনি ঘণ্টাৰো অধিক সময় লোৱা এই অপাৰেশ্যন সফল হয় । বৰ্তমান আই চি ইউ ৱাৰ্ডত সুস্থ হৈ উঠিছে অশোক । ৰোগীজনে স্বাভাৱিকভাৱে কথা ক’ব পাৰে আৰু এতিয়া বিষ অনুভৱ কৰা নাই বুলি ডাঃ তিৱাৰীয়ে কয় ।

বলৰামপুৰ চিকিৎসালয়ৰ মুখ্য অধীক্ষক ডাঃ পৱন কুমাৰে কয়, “এই ৰোগৰ বাবে মগজুৰ চাপৰ বাবে ৰোগীজনৰ পক্ষাঘাত হোৱাৰ আশংকা থাকে ।”

লগতে পঢ়ক : গ্ৰীষ্মকালত হৃদযন্ত্ৰ আৰু মস্তিষ্কৰ ৰোগৰ পৰা কেনেদৰে পাব পৰিত্ৰাণ ? - SUMMER EFFECT ON HEART