ETV Bharat / politics

মহিলা সাংসদক আক্ৰমণ; দিল্লী আৰক্ষীয়ে লিপিবদ্ধ কৰিলে স্বাতী মালিৱালৰ ভাষ্য - AAP MP Swati Maliwal

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 10:39 PM IST

Swati Maliwal Assault: কেজৰিৱালৰ বাসগৃহত আক্ৰমণৰ সন্মুখীন হোৱাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে লিপিবদ্ধ কৰিলে স্বাতী মালিৱালৰ ভাষ্য ৷ শুকুৰবাৰে গ্ৰহণ কৰা হ’ব অভিযুক্ত বিভৱ কুমাৰ সাক্ষ্য ।

Swati Maliwal Assault
ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱাল (ETV Bharat)

নতুন দিল্লী, 16 মে’: দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক আক্ৰমণৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী বিভৱ কুমাৰক তলব কৰিছে । আনহাতে দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে স্বাতী মালিৱালৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত তেওঁৰ ভাষ্য লিপিবদ্ধ কৰে ।

দিল্লী আৰক্ষীৰ দুজনীয়া দল এটাই স্বাতী মালিৱালৰ মধ্য দিল্লীস্থিত বাসগৃহত ভাষ্য লিপিবদ্ধ কৰে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে ৷ আৰক্ষী বিষয়াই জনোৱা অনুসৰি মালিৱালে সোমবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত সংঘটিত ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰোৱায় ৷ বিষয়াজনে কৈছিল যে মালিৱালৰ বক্তব্য লিপিবদ্ধ কৰাৰ পিচত আৰক্ষীয়ে গোচৰটোত এজাহাৰ দাখিল কৰিব পাৰে ৷

অতিৰিক্ত আৰক্ষী আয়ুক্ত পি এছ কুশৱাহাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটো চাৰি ঘণ্টাৰো অধিক সময় মালিৱালৰ বাসগৃহত আছিল । উল্লেখ্য যে সোমবাৰে পুৱা সাংসদ স্বাতী মালিৱালে চিভিল লাইনচ আৰক্ষী চকীত এক অভিযোগ উত্থাপন কৰিছিল যে অৰবিন্দ কেজৰিৱালৰ এগৰাকী ব্যক্তিগত সহায়কে তেওঁক মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত আক্ৰমণ কৰিছিল ৷

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগে সাংসদ মালিৱালৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰী কেজৰিৱালৰ সহায়ক বিভৱ কুমাৰক তলব কৰে । শুকুৰবাৰে পুৱা ১১ বজাত অভিযুক্ত বিভৱ কুমাৰ সাক্ষৰ গ্ৰহণ কৰা হ'ব । আনহাতে মঙলবাৰে জ্যেষ্ঠ আপ নেতা সঞ্জয় সিঙে মন্তব্য কৰিছিল যে মালিৱালৰ সৈতে হোৱা ঘটনাটো অত্যন্ত নিন্দনীয় ।

কেজৰিৱালে সমগ্ৰ ঘটনাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি সঞ্জয় সিঙে সদৰী কৰি কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: আমাৰ পৰা শিক্ষা লওক, কঠোৰ ব্যৱস্থা লওক : স্বাতী মালিৱাল সন্দৰ্ভত কেজৰিৱালক আক্ৰমণ মায়াৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.