ETV Bharat / sports

ৰোমাঞ্চকৰ খেলত পাঞ্জাৱ কিংছক 4 উইকেটত পৰাস্ত হায়দৰাবাদৰ, অভিষেক শৰ্মাৰ বিস্ফোৰক ইনিংছ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:33 PM IST

Today IPL Match : ছানৰাইজাৰ্ছ হায়দৰাবাদে দেওবাৰে ৰাজীৱ গান্ধী ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে লীগৰ অন্তিমখন মেচত জয়লাভ কৰিছে ৷ অন্তিমখন লীগ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে পঞ্জাব কিংছক 4 উইকেট পৰাস্ত কৰে ৷

Today IPL Match
পাঞ্জাৱ কিংছৰ বিৰুদ্ধে 4 উইকেটত জয়লাভ হায়দৰাবাদৰ (ETV BHARAT ENGLISH DESK)

স্পৰ্টছ ডেস্ক, 19 মে’ : তিনি বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্লে’ অফত প্ৰৱেশ কৰাৰ পিচত আত্মবিশ্বাসৰ উচ্চতাত থকা ছানৰাইজাৰ্ছ হায়দৰাবাদে দেওবাৰে ৰাজীৱ গান্ধী ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে লীগৰ অন্তিমখন মেচত জয়লাভ কৰি আই পি এলৰ পইণ্ট টেবুলত দ্বিতীয় স্থান দখল কৰিছে ৷ ইয়াৰ পূৰ্বে ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত গুজৰাট টাইটানছৰ বিৰুদ্ধে হোৱা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হোৱাত, পইন্ট ভাগ-বতৰা কৰি পেট কামিন্সৰ নেতৃত্বত দলটোৱে প্লে’ অফত প্ৰৱেশ কৰিছিল ৷ 14 খন মেচৰ 8 খনত জয়লাভেৰে 17 পইণ্ট লাভ কৰি বৰ্তমান দ্বিতীয় স্থানলৈ উন্নীত হ’ল এছ আৰ এইচ ৷

দেওবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অন্তিমখন লীগ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে পঞ্জাব কিংছক 4 উইকেট পৰাস্ত কৰে ৷ 215 ৰাণৰ বিশাল লক্ষ্য আগত লৈ হায়দৰাবাদে অভিষেক শৰ্মাৰ বিস্ফোৰক ইনিংছৰ সহায়ত 6টা উইকেট হেৰুৱাই 19.1 অভাৰতে বিজয় সাব্যস্ত কৰে ৷ দলৰ বিস্ফোৰক বেটছমেন অভিষেক শৰ্মাই মাত্ৰ 28 টা বলতে 6 টা ছয় আৰু 5 টা চাৰিৰ সহায়ত 66 ৰাণ সংগ্ৰহ কৰে ৷ উইকেট কীপাৰ বেটছমেন হেনৰিখ ক্লাছেনে 26 টা বলত সংগ্ৰহ কৰে 42 ৰাণ ৷ ইফালে নিতীশ ৰেড্ডীয়ে 37 ৰাণ আৰু ৰাহুল ত্ৰিপাঠীয়ে 18 টা বলতে 33 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ পঞ্জাৱৰ হৈ অৰ্শদ্বীপ সিং আৰু হৰ্ষাল পেটেলে 2টাকৈ উইকেট দখল কৰে ৷ হৰপ্ৰীত ব্ৰাৰ আৰু শশাংক সিঙে দখল কৰে 1টাকৈ উইকেট ৷

আনহাতে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ পঞ্জাৱ কিংছে প্ৰভসিমৰণ সিঙৰ বিস্ফোৰক 71 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 2014 ৰাণ ৷ প্ৰভসিমৰণ সিঙে 45 টা বলত 4 টা ছয় আৰু 7 টা চাৰিৰ সহায়ত 71 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ ৰিলি ৰ’ছৌৱে 49 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে অথৰ্ব টাইদে 46 ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক আৰু উইকেটকীপাৰ বেটছমেন 32 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ হায়দৰাবাদৰ হৈ অধিনায়ক পেট কামিন্স আৰু ভি ভিয়াস্কন্তে 1টাকৈ উইকেট আৰু টি নটৰাজনে 2 টা উইকেট দখল কৰে ৷

উল্লেখ্য যে, এই দুয়োটা দলৰ মাজত এতিয়ালৈকে মুঠ 23 খন মেচ অনুষ্ঠিত হৈছে ৷ ইয়াৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে 16 খন মেচত জয়লাভ কৰিছে আৰু পঞ্জাব কিংছে 7 খন মেচত জয়লাভ কৰিছে ৷ এই মেচখনত জয়লাভ কৰি হায়দৰাবাদ পইন্ট তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে ৷

লগতে পঢ়ক : ৰেকৰ্ড নকৰিবলৈ অনুৰোধ কৰাৰ পিচতো এইবোৰ কিয় ? ষ্টাৰ স্প’ৰ্টছৰ বিৰুদ্ধে কিয় খং উঠিল ৰোহিত শৰ্মাৰ ? - Rohit Sharma Slams Star Sports

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.