ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 12th May

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 12:56 AM IST

Daily Horoscope For 12th May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক দিনটোৰ ৰাশিফল...

Daily Horoscope For 12th May 2024
আজিৰ দিনটোৰ ৰাশিফল (SOURCE: ETV BHARAT ASSAM DESK)

মেষ ৰাশি: দিনটো শুভ আৰু ঘটনাবহুল ৷ কিন্তু মানসিক অস্থিৰতাৰ বাবে আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ মনস্থিৰ কৰিব নোৱাৰিব, আত্মবিশ্বাস আৰু দৃঢ়তাৰে সৈতে কোনো সিদ্ধান্ত ল’ব নোৱাৰিব ৷ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ অফিচৰ কামত ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা ৷ বৌদ্ধিক আলোচনাত অংশগ্ৰহণ ৷

বৃষ ৰাশি: দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত হাতলৈ অহা সুযোগ হেৰুওৱাব পাৰে ৷ সকলোৰে সৈতে বুজাবুজিৰে পাৰস্পৰিক সদ্ভাৱ বৰ্তাই ৰাখি চলক ৷ ভ্ৰমণ পিছুৱাই দিয়ক ৷ দিনটো লেখক, শিল্পী আৰু পৰামৰ্শদাতাসকলৰ বাবে শুভ ৷ নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ৷

মিথুন ৰাশি: আৰ্থিক লাভ ৷ সুস্বাদু ভোজন কৰিব, নিজৰ পচন্দৰ পোছাক পিন্ধিব আৰু বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-স্ফূৰ্তি কৰি সময় কটাব ৷ স্বাস্থ্য উত্তম ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে গতিকে সাৱধানে থাকক ৷ আত্মবিশ্বাসী আৰু উদ্দেশ্য লৈ চলক ৷

কৰ্কট ৰাশি: বিভ্ৰান্ত হৈ থাকিব ৷ মনত খেলি-মেলি হৈ থাকিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ উদ্দেশ্যৰ সংঘাত হ’ব পাৰে ৷ অধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ সাংসাৰিক প্ৰয়োজনত আপুনি অধিক খৰচ কৰিবলগীয়া হ’ব পাৰে ৷ মুখত লেকাম টানি ৰাখক আৰু ভুল বুজাবুজি দূৰ কৰক ৷ আপোনাৰ স্বাস্থ্যই আমনি কৰিব পাৰে ৷ সংবেদনশীলতাৰে কাম কৰক, নিজৰ নাম আৰু ধন নষ্ট হ’বলৈ নিদিব ৷

সিংহ ৰাশি: দিনটো লাভৰ যোগ ৷ সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যাব পাৰে ৷ মনস্থিৰ কৰিব নোৱাৰিলে সুযোগ হাতৰ পৰা গুচি যাব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ ব্যৱসায়ীসকলে অপ্ৰত্যাশিত লাভৰ আশা কৰিব পাৰে ৷

কন্যা ৰাশি: দিনটো অনুকূল ৷ কোনো প্ৰকল্প বা উদ্যোগ হাতত ল’লে সফলতাৰে সম্পন্ন কৰিব পাৰিব ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ ৷ ব্যৱসায়ীসকলৰ প্ৰচুৰ লাভ ৷ পিতৃৰ ফালৰ পৰা লাভ ৷ পৰিয়ালত সুখ আৰু শান্তি বৰ্তি থাকিব ৷

তুলা ৰাশি : দীঘলীয়া এটা ছুটী কটাবলৈ যাব পাৰে, বিশেষকৈ তীৰ্থযাত্ৰাত যাব পাৰে ৷ গভীৰভাৱে সাহিত্যিক আৰু বৌদ্ধিক ক্ৰিয়াকলাপত মগ্ন হৈ থাকিব ৷ বিদেশত বসবাস কৰা বন্ধু বা প্ৰিয়জনৰ পৰা ভাল বতৰা লাভ ৷

বৃশ্চিক ৰাশি: সুৰক্ষিত আৰু নিৰাপদ হৈ থাকিবলৈ সতৰ্ক হৈ থাকক ৷ নতুন প্ৰকল্প আৰু কাৰ্যসূচী পিছুৱাই দিয়ক ৷ নিজৰ খঙক নিয়ন্ত্ৰণত ৰাখক ৷ কূটাঘাতমূলক আৰু অবৈধ কাম কৰাৰ চিন্তা মূৰৰ পৰা উলিয়াই দিয়ক ৷ অধিক ব্যয়ৰ ফলত আৰ্থিক সমস্যা দেখা দিব পাৰে ৷

ধনু ৰাশি: দিনটো উৎসাহপূৰ্ণ, আনন্দপূৰ্ণ আৰু সুখপূৰ্ণ হৈ থাকিব ৷ মনোৰঞ্জন আৰু আমোদ লাভ ৷ অৰ্থাৎ কোনো পাৰ্টীত যাব পাৰে ৷ বাগদানৰ দৰে শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে ৷ ভ্ৰমণৰ যোগ ৷

মকৰ ৰাশি: আজি কোনো ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিলে অত্যধিক লাভদায়ক প্ৰমাণিত হ’ব ৷ সকলো কাম পৰিকল্পনা অনুসৰি হৈ থাকিব ৷ আৰ্থিক লেনদেন আপোনাৰ অনুকূলত থাকিব পাৰে ৷ ব্যৱসায়ত কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাব ৷ অংশীদাৰ আৰু সহকৰ্মীসকলৰ পৰা আন্তৰিকতা পাব আৰু তেওঁলোকৰ পৰা কিবা সাহায্য বিচাৰিলে পাব ৷ স্বাস্থ্য উত্তম ৷ ঘৰত সুখ-শান্তি বৰ্তাই থাকিব ৷

কুম্ভ ৰাশি: চিন্তা আৰু কথা-বতৰাত কিছু পৰিৱৰ্তন দেখা যাব পাৰে ৷ বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ৷ সাহিত্যিক আৰু সাংস্কৃতিক ক্ৰিয়াকলাপত নতুনত্ব দেখা দিব পাৰে ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ ৷

মীন ৰাশি: উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া বিবাদ হ’ব পাৰে ৷ আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ অপ্ৰত্যাশিত ঘটনাই আপোনাক আমনি দি থাকিব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব ৷ নাম আৰু যশ নষ্ট হ’ব পাৰে ৷ সাৱধানে ব্যৱসায় কৰক ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.