হাতী-গঁড় নহয়, এইবাৰ মাজুলীৰ বন বিভাগ ব্যস্ত বিলুপ্তপ্ৰায় কাছৰ সুৰক্ষাত - save turtles

By ETV Bharat Assamese Team

Published : May 27, 2024, 10:30 PM IST

thumbnail
হাতী, গঁড় নহয় এইবাৰ মাজুলী বন বিভাগ ব্যস্ত বিলুপ্তপ্ৰায় কাছ সুৰক্ষা প্ৰদানত (ETV BHARAT ASSAM)

মাজুলী, 27 মে’: হাতী-গঁড় নহয়, এইবাৰ মাজুলীৰ বন বিভাগ ব্যস্ত বিলুপ্তপ্ৰায় কাছক সুৰক্ষা প্ৰদানত । মাজুলীৰ মধ্য ভাগেৰে বৈ গৈছে টুনি নৈ । এই টুনি নৈখন বিগত বহু বছৰ ধৰি প্রায় মৃতপ্রায় অৱস্থাত আছিল । মাজুলীৰ মধ্য ভাগেৰে বৈ যোৱা নৈখন আজি বছৰ বছৰ ধৰি মেটেকা, পিতনিৰে ভৰি পৰিছিল । এতিয়া অসম চৰকাৰে এই টুনি নৈখন পুনৰ জীৱিত কৰি তুলিবৰ বাবে এক আঁচনি হাতত লৈছে । 

ইতিমধ্যে এই আঁচনিৰ কাম আৰম্ভ হৈছে । টুনি নৈখনৰ পৰা মেটেকা, পিতনি আঁতৰাই পৰিস্কাৰ কৰি তোলা হৈছে । চৰকাৰৰ টুনি নৈ পৰিষ্কাৰ আঁচনিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে নৈখনত চলাইছে বিলুপ্তপ্ৰায় কাছৰ চোৰাং বেহা ।

জানিব পৰা মতে, এই টুনি নৈখন বিলুপ্তপ্ৰায় কাছৰ বাসস্থান । টুনি নৈখন পৰিষ্কাৰ আঁচনিৰ সুযোগ লৈ মাজুলীৰ পৰা চলিছে বিলুপ্তপ্ৰায় কাছৰ চোৰাং বেহা । গোগামুখ, ধেমাজি, যোৰহাট, ডিব্ৰুগড়লৈ চোৰাংকৈ কাছ সৰবৰাহৰ তথ্য আহি পৰিছে মাজুলীৰ বন বিভাগৰ হাতত । যাৰ বাবে এই কাছক সুৰক্ষা দিয়াৰ বাবে বন বিভাগে চেষ্টা চলাইছে । মাইক যোগে কোনো লোককে এই কাৰ্যত লিপ্ত নহ’বলৈ বন বিভাগৰ ফালৰ আহ্বান জনাই গাঁৱে গাঁৱে কৰিছে সজাগতা । নিশা বিভিন্ন স্থানত বন বিভাগৰ তৰফৰ পৰা কৰা হৈছে পহৰাৰ ব্যৱস্থা ।

লগতে পঢ়ক: বাথৰূমৰ পৰা ওলাল ৩০ টাতকৈও অধিক সাপৰ পোৱালি : খাৱন-শোৱন নাই ঘৰখনত - Snake cub rescue

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.